কাছক খাদ্য খুৱাই আছিল যুৱতী, হঠাতে আহি পালে এনে এবিধ জীৱ, কোনোমতে প্ৰাণ লৈ পয়ালন, ভিডিঅ’ চালে শিয়ৰি উঠিব আপুনিও
সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এক এনে ভিডিঅ’ যি ভিডিঅ’ দেখি গাৰ নোম শিয়ৰি উঠিব আপোনাৰো। এক এনে জীৱ সেই ভিডিঅ’ত দেখা পোৱা যায় যাক লৈয়ে এতিয়া সামাজিক মাধ্যমত চাঞ্চল্যৰ সৃষ্টি।
থাইলেণ্ডৰ বেংকক চহৰৰ এখন পাৰ্কৰ পাৰ ভাইৰেল হৈছে এই ভিডিঅ’। ভিডিঅ’টোত দেখা অনুসৰি এগৰাকী যুৱতীয়ে নদীৰ ঘাটত বহি লৈ কেইটামান কাছক খাদ্য খুৱাই আছিল।
প্ৰথমে এটা কাছক ব্ৰেড ফালি ফালি খুৱাই আছিল, পাছলৈ তেনদৰে খাবলৈ আৰু কেইটামান কাছ সেই স্থানলৈ আহে। পাছে তেনেতে হঠাতে ওলাই আহে এটা সাগৰীয় ড্ৰেগন যি এক প্ৰকাৰৰ গুঁই সাপ ইংৰাজীত ইয়াক কোমোড ড্ৰেগন বুলি কোৱা হয়।
লগে লগে বহাৰ পৰা পলায়ন যুৱতীৰ। কাছ বোৰো পলাই সাৰে সেই স্থানৰ পৰা। কিন্তু কিছু সময় পানীৰ ওপৰতে উপঙি থকাৰ দৰে থাকে গুঁই সাপ তথা সাগৰীয় ড্ৰেগনটো।
https://www.instagram.com/reel/C3bf2E2IQ5q/?utm_source=ig_web_copy_link
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ