অসম লাইভ২৪ঃ Gmail ইউজাৰকাৰীসকলক লৈ সতৰ্কতা জাৰি কৰিছে গুগলে। চলিত বছৰৰ ডিচেম্বৰতেই বন্ধ হ’ব লাখ লাখ Gmail একাউণ্ট। ইতিমধ্যেই সেই ৱাৰ্নিং মেছেজ দিবলৈ আৰম্ভ কৰিছে গুগলে। বিশ্বজুৰি লাখ লাখ Gmail একাউণ্ট ডিলিট কৰাৰ সিদ্ধান্ত হৈছে টেক জায়েণ্টে। বৰ্তমান সময়ত Gmail একাউণ্ট মানেই অত্যন্ত প্ৰয়োজনীয় অংশ। যোগাযোগৰ মাধ্যম হিচাপে বিভিন্ন পেছাভিত্তিক মেইল, লগ ইন, ছাইনআপ আৰু বিভিন্ন অনলাইন প্লেটফৰ্মৰ সৈতে Gmail একাউণ্ট সংলগ্ন হৈ থাকে। বেছ কিছু কাৰণত এইবাৰ Gmailৰ একাউণ্ট ডিলিটৰ সিদ্ধান্ত লৈছে গুগলে। ডিলিট হ’ব লগা একাউণ্টৰ তালিকাত আপুনিও আছে নেকি?
Gmail একাউণ্ট কি কি কাৰণত বন্ধ হ’ব?
বিগত ২ বছৰ ধৰি যিসমূহ Gmail একাউণ্ট নিষ্ক্ৰিয় হৈ আছে বা ব্যৱহাৰ নোহোৱাকৈ পৰি আছে এই সমস্ত একাউণ্ট অচিৰেই চাটাই কৰিব গুগলে। এই সকলো পুৰণা একাউণ্ট বা ইন এক্টিভ একাউণ্টসমূহ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে গুগলে। Gmail বন্ধ হ’লে তাৰ সৈতে জড়িত একাধিক ডাটাও হেৰুৱাব পাৰে ইউজাৰকাৰীয়ে।
Gmail বন্ধ হ’লে কি কি সমস্যাত পৰিব আপুনি?
Gmailৰ সৈতে লিংক থকা গুগল ডকুমেণ্ট, ড্ৰাইভ, মিট, কেলেণ্ডাৰ আৰু গুগল ফটোসমূহ ডিলিট হৈ পৰিব। এই একাউণ্টসমূহ যদি সম্পূৰ্ণভাৱে বন্ধ হৈ যায় তেন্তে এইসমূহ ডাটা আপুনি ওভটাই নাপাব। ইয়াৰোপৰি যোগাযোগৰ বাবেও আপুনি সেই Gmail একাউণ্ট ব্যৱহাৰ কৰিব নোৱাৰিব। ডাটাসমূহ শীঘ্ৰেই ছেভ কৰি থবৰ বাবেই এলাৰ্ট পঠিয়াবলৈ আৰম্ভ কৰিছে গুগলে। এই পদক্ষেপ কেনেকৈ গ্ৰহণ কৰিব?
গুগলৰ কি কি নিৰ্দেশ আহিছে?
আপোনাৰ একাউণ্টটো যদি ২বছৰ বা বেছ কিছু সময় ধকি ইন এক্টিভ হৈ থাকে তেন্তে সহজে কেইবাটাও ষ্টেপ মানি চলাৰ পৰামৰ্শ দিছে গুগলে। প্ৰথমে Gmail ইনবক্স খুলিব পাৰে আপুনি। গুগলত আপুনি এই সংক্ৰান্তিয় কোনো মেইল পাইছে নেকি নজৰ দিব। মেইলত যদি সেই মেছেজ আহিছে তেন্তে তাত ক্লিক কৰি পুনৰ এক্টিভ কৰি ল’ব। তেতিয়া আপোনাৰ একাউণ্ট এক্টিভ হৈ পৰিব।
কিয় বন্ধ কৰা হৈছে পুৰণি একাউণ্ট?
গুগলে জনোৱা অনুসৰি Gmail একাউণ্ট দীৰ্ঘদিন ধৰি ইন এক্টিভ হৈ থাকিলে তাত নিৰাপত্তা সংক্ৰান্তিয় সমস্যাৰ সৃষ্টি হ’ব পাৰে। হেকাৰ, ছাইবাৰ অপৰাধীসকলৰ মূল টাৰ্গেট এই ইন এক্টিভ Gmail, এই সমস্ত একাউণ্টত ২ ষ্টেপ ভেৰিফিকেশ্ব্যন চিষ্টেম অন নাই। এনেকৈ থকা Gmail একাউণ্ট হেক হোৱাৰ প্ৰৱল সম্ভাৱনা থাকে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















