অসম লাইভ ২৪ঃ আজিৰে পৰা প্ৰযোজ্য হ’ব মহানগৰীৰ unisex parlour সমূহক লৈ গুৱাহাটী পৌৰ নিগমে জাৰি কৰা নতুন নীতি। এতিয়াৰেপৰা বিপৰীত লিংগৰ ব্যক্তিয়ে দিব নোৱাৰিব মালিচ। অৰ্হতা সম্পন্ন ব্যক্তিয়েহে দিব পাৰিব মালিচ। স্পা চেলুনৰ ভিতৰত আছুতীয়া কেবিন থাকিব নোৱাৰিব। পৰিষ্কাৰ-পৰিছন্ন হ’ব লাগিব চেলুনসমূহ৷ স্পা চেলুনৰ মালিক বা কৰ্মচাৰীয়ে গ্ৰাহকৰ পৰিচয়, নম্বৰ ৰাখিব লাগিব। নিয়ম ভঙ্গ কৰিলে ট্ৰেড লাইচেন্স বাতিল কৰিব পৌৰ নিগমে৷ তাৰপিছতো যদি খোলা ৰাখে GMCয়ে ছিল কৰিব আইন অমান্য কৰা পাৰ্লাৰসমূহ৷ উল্লেখ্য, মহানগৰীৰ unisex parlour ৰ বিৰুদ্ধে পূৰ্বৰে পৰা বহু অভিযোগ আছে, ট্ৰেড লাইচেন্স নোলোৱাকৈয়ে ব্যৱসায় চলাই আহিছে বহুলোকে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















