বিয়াৰ বতৰ আহি আছে। কিন্তু যোৱা কেইদিনমানৰ পৰা সোণৰ দাম উঠা-নমা কৰি আহিছে, কেতিয়াবা বৃদ্ধি পাইছে, কেতিয়াবা হ্ৰাস পাইছে। বিয়াৰ বতৰৰ বাবে প্ৰস্তুতি কৰাই হওক বা ভৱিষ্যতৰ বাবে সোণ কিনাই হওক – হালধীয়া ধাতুৰ দাম সকলো ক্ষেত্ৰতে গুৰুত্বপূৰ্ণ। ২২ কেৰেটৰ সোণত ৯১.৬ শতাংশ বিশুদ্ধ সোণ থাকে। ১৮ কেৰেটৰ সোণত ৭৫ শতাংশ বিশুদ্ধ সোণ থাকে। গহনা তৈয়াৰ কৰাত এই দুবিধ সোণ ব্যৱহাৰ কৰা হয়। সোণ কিনাৰ আগতে কাৰাট আৰু বিশুদ্ধতা ভালদৰে জানিব লাগিব।
গুড ৰিটাৰ্ণছৰ তথ্যনুসৰি, আজিৰ গুৱাহাটীত সোণৰ মূল্য ২৪ কেৰেট সোণৰ (৯৯.৯% বিশুদ্ধতা) প্ৰতি গ্ৰাম ১৩,৩২৬ টকা, ২২ কেৰেট সোণৰ (৯১.৬% বিশুদ্ধতা) প্ৰতি গ্ৰাম ১২,২১৫ টকা, আৰু ১৮ কেৰেট সোণৰ (৭৫% বিশুদ্ধতা) প্ৰতি গ্ৰাম প্ৰতি গ্ৰামত ৯,৯৯৪ টকা। আজি গুৱাহাটীত ৰূপৰ মূল্য ১৮৫ টকা আৰু প্ৰতি কিলোগ্ৰামত ১,৮৫,০০০ টকা।
যদিও সোণৰ দাম কমিছে, তথাপিও ৰূপৰ দামৰ কোনো পৰিৱৰ্তন হোৱা নাই। ১ গ্ৰাম ৰূপৰ মূল্য ১৯৫ টকা আৰু ১ কেজিৰ মূল্য ১ লাখ ৯০ হাজাৰ টকা। বিয়াৰ বতৰত সোণ-ৰূপৰ মূল্যৰ উঠা-নমা হ’ব পাৰে বুলি আশা কৰা হৈছে।
সোণ কিনাৰ আগতে কাৰাটৰ বিষয়ে জনাটো জৰুৰী। ২৪ কেৰেটৰ সোণত ৯৯.৯ শতাংশ বিশুদ্ধ সোণ থাকে। এই সোণৰ সহায়ত গহনা তৈয়াৰ কৰিব নোৱাৰি। সাধাৰণতে ২৪ কেৰেট সোণৰ মুদ্ৰা আৰু বাৰ তৈয়াৰ কৰা হয়। বিশুদ্ধতাৰ ক্ষেত্ৰত এইটোৱেই আটাইতকৈ পৰিচিত গ্ৰেড। ২২ কেৰেটৰ সোণত ৯১.৬ শতাংশ বিশুদ্ধ সোণ থাকে। ১৮ কেৰেটৰ সোণত ৭৫ শতাংশ বিশুদ্ধ সোণ থাকে। গহনা তৈয়াৰ কৰাত এই দুবিধ সোণ ব্যৱহাৰ কৰা হয়। সোণ কিনাৰ আগতে কাৰাট আৰু বিশুদ্ধতা ভালদৰে জানিব লাগে।
অৱশ্যে সোণ কিনাৰ আগতে সদায় BIS hallmark আৰু HUID নম্বৰ পৰীক্ষা কৰক। এই দাম কেৱল ভিত্তি মূল্যহে। গহনাসমূহৰ ডিজাইন, দোকানৰ ব্যক্তিগত নীতিয়ে মেকিং চাৰ্জ আৰু জি এছ টি অ’ত যোগ দিব। গতিকে, এইবোৰ যদি মূল মূল্যৰ লগত যোগ কৰা হয়, তেন্তে মুঠ খৰচ আৰু বৃদ্ধি পাব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















