গুগল মেপ অনুসৰণ কৰি বাহন চলাই নেকি? সাৱধান হওক অন্যথা বিপদ আহিব পাৰে আপোনাৰ সন্মুখতো৷ গুগল মেপ অনুসৰণ কৰি বাহন চলাই যাওঁতেই ভয়ংকৰ বিপদৰ সন্মুখীন হৈছে চালক৷ গুগল মেপ চাই নিৰ্মীয়মান ফ্লাই অভাৰৰ ওপৰেৰে বাহন চলাই গৈছিল চালকজনে৷ ফ্লাইঅভাৰখনৰ শেষপ্ৰান্তত গৈ ওলমি ৰয় বাহন৷ কাৰণ ফ্লাই অভাৰখন তেতিয়াও সম্পূৰ্ণ হৈ উঠা নাছিল৷ ফলত বাহনৰ চকা ওলমি ৰয় আধাতে৷ কথমপি প্ৰাণ ৰক্ষা পৰিছে বাহনত থকা যাত্ৰী আৰু চালকৰ৷
দেওবাৰে নিশা এই ঘটনা৷ উত্তৰপ্ৰদেশৰ মহাৰাজগঞ্জ জিলাৰ ২৪ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এক নিৰ্মীয়মান ফ্লাইঅভাৰত এই ঘটনা৷ ৰাষ্ট্ৰীয় ঘাইপথটো বহল কৰাৰ ওপৰিও একাধিক স্থানত ফ্লাইঅভাৰো নিৰ্মাণ কৰি থকা হৈছে৷ তেনে এক নিৰ্মীয়মান ফ্লাইঅভাৰত উঠিয়েই দুৰ্ঘটনাত পতিত হৈছে এখন বাহন৷
https://x.com/PTI_News/status/1932293344635588987
গোৰক্ষপুৰৰ পৰা সোনাউল হৈ ভাৰত নেপালক যুক্ত কৰা এই ৰাষ্ট্ৰীয় ঘাইপথত একাধিক উন্নয়নমূলক কাম কৰি থকা হৈছে৷ ৰাস্তা বহল কৰাৰ লগতে একাধিক ফ্লাইঅভাৰ নিৰ্মাণ কৰা হৈছে৷ সেই পথতেই দুৰ্ঘটনাত পতিত হৈছে বাহনখন৷ স্থানীয় লোকৰ ভাষ্য অনুসৰি দেওবাৰে নিশা ১ বজাত বিকট শব্দ শুনা যায়৷ তাৰপিছতেই বাহিৰলৈ গৈ দেখে যে এখন বাহন নিৰ্মীয়মান ফ্লাইঅভাৰত ওলমি থকা অৱস্থাত আছে৷ কিন্তু তেতিয়া বাহনখনৰ ভিতৰত কোনো নাছিল৷ পিছদিনা পুৱা ঘটনাস্থলী আৰক্ষীয়ে পৰিদৰ্শন কৰে৷ ফ্লাইঅভাৰ নিৰ্মাণকাৰী সংস্থাৰ সৈতেও বিশেষ আলাপত মিলিত হয় আৰক্ষী৷ শেষত ক্ৰেনৰ সহায়ত বাহনখন লৈ যোৱাৰ ব্যৱস্থা কৰে আৰক্ষীয়ে৷ আৰক্ষীয়ে জনাইছে যে বাহনখনৰ নম্বৰৰ ওপৰত ভিত্তি কৰিয়েই মালিকৰ সন্ধান কৰি থকা হৈছে৷ কেনেকৈ তেওঁলোকে বাহনখন নিৰ্মীয়মান ফ্লাইঅভাৰত উঠালে সেই বিষয়েও জনাৰ চেষ্টা অব্যাহত ৰাখিছে আৰক্ষীয়ে৷
উল্লেখ কৰা প্ৰয়োজন যে বিগত বৰ্ষতো বৰেলিৰ পৰা বাদাউন যোৱাৰ সময়ত গুগল মেপ অনুসৰণ কৰি যাওঁতে ফ্লাইঅভাৰৰ পৰা নদীপ পৰি গৈছিল এখন বাহন৷ সেই সময়ত এই ঘটনাক লৈ দুখপ্ৰকাশ কৰি গুগলে জনাইছিল যে গুগল মেপক আৰু উন্নত কৰাৰ বাবে কাম কৰি থকা হৈছে৷ ইয়াৰ মাজতেই আকৌ এবাৰ গুগল মেপ অনুসৰণ কৰি দুৰ্ঘটনাত পৰিছে আন এখন বাহন৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















