অসম লাইভ২৪ঃ পান আৰু আধাৰ কাৰ্ডৰ লিংকক লৈ দেশজুৰি প্ৰচাৰ চলাইছে কেন্দ্ৰীয় চৰকাৰে। কিন্তু সাম্প্ৰতিক ৰিপৰ্টত প্ৰকাশ পোৱা অনুসৰি বৰ্তমানলৈকে দেশৰ ১১ কোটি মানুহে এতিয়াও পানৰ সৈতে আধাৰ লিংক কৰা নাই। লোকসভাত এই তথ্য প্ৰকাশ কৰিছে বিত্ত উপমন্ত্ৰী পংকজ চৌধুৰীয়ে। ইয়াৰোপৰি তেওঁ কয়, পান-আধাৰ লিংক কৰিবলৈ যিসকলে দেৰী কৰিছে তেওঁলোকৰ লেট ফি’ৰ বাবদ চৰকাৰে ৬০০ কোটিতকৈয়ো বেছি জৰিমনা আদায় কৰিছে।
প্ৰকৃততে পান আৰু আধাৰ কাৰ্ড লিংক কৰাৰ শেষ সময় আছিল ৩০ জুন ২০২৩। এই সময়সীমা শেষ হোৱাৰ পাছতেই পান আৰু আধাৰ যিসকলে লিংক কৰিছে তেওঁলোকে ১০০০ টকাকৈ জৰিমনা আদায় দিব লগা হৈছে। বিত্ত প্ৰতিমন্ত্ৰী পংকজ চৌধুৰীয়ে কয়, ‘প্ৰায় ১১.৪৮ কোটি পান কাৰ্ডৰ এতিয়াও বায়মেট্ৰিক আইডেণ্টিফিকেশ্বন হোৱা নাই।’ লোকসভাত এটা লিখিত প্ৰশ্নৰ উত্তৰত তেওঁ লগতে কয়, ‘২৯ জানুৱাৰী ২০২৪ চন পৰ্যন্ত আধাৰৰ সৈতে যুক্ত নোহোৱা পান কাৰ্ডৰ সংখ্যা হৈছে ১১.৪৮ কোটি। যিসকলে সময়সীমা পাৰ হোৱাৰ পাছত আধাৰ আৰু পান লিংক কৰিছে তেওঁলোকৰ পৰা বৰ্তমানলৈকে ৬০১.৯৭ কোটি চৰকাৰে লাভ কৰিছে।
১ জুলাইৰ পৰা নিষ্ক্ৰিয় হ’ব বহু পান কাৰ্ড
বায়োমেট্ৰিকভাৱে আধাৰৰ সৈতে পানৰ ৰেজিষ্ট্ৰেছন নকৰিলে নিষ্ক্ৰিয় হৈ যাব পাৰে পান কাৰ্ড। অৰ্থাৎ নিষ্ক্ৰিয় হ’ব বাতিল নহয়। আধাৰৰ সৈতে পান লিংক কৰাৰ শেষ তাৰিখ আছিল ৩০ জুন ২০২৩। আয়কৰ দফতৰৰ তৰফৰ পৰা জনোৱা অনুসৰি, কৰদাতাসকলৰ যিসকলৰ পান আৰু আধাৰ লিংক কৰা হোৱা নাই তেওঁলোকৰ পান কাৰ্ড নিষ্ক্ৰিয় হৈ পৰিব। এতিয়া আধাৰ আৰু পান লিংক কৰিবলৈ হ’লে পোনতে জৰিমনা দি হে এই কাম কৰিব পাৰিব। এইক্ষেত্ৰত ১০০০ টকাৰ লেট ফাইন দিয়াৰ পাছতহে পুনৰ এক্টিভ হ’ব আপোনাৰ পান কাৰ্ড।
যিসকলৰ পান কাৰ্ড নিষ্ক্ৰিয় হৈছে তেওঁলোকে TDS আৰু TCS ৰ অতিৰিক্ত কৰ আদায় দিব নোৱাৰিব। আয়কৰ ৰিটাৰ্ন ফাইলিঙতো সমস্যাৰ সন্মুখীন হ’ব পাৰে। এই কামসমূহৰ বাবেই আধাৰ আৰু পান কাৰ্ড লিংক কৰাটো খুবেই জৰুৰী বুলিও জনাইছে মন্ত্ৰী পংকজ চৌধুৰীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ