২০২৬ চন অৰ্থাৎ নতুন বছৰ আৰম্ভ হ’বলৈ মাজত বেছি দিন নাই৷ নতুন বছৰৰ আৰম্ভণিতে প্ৰধান গ্ৰহই গতি পৰিবৰ্তন কৰিব৷ জ্যোতিষশাস্ত্ৰ অনুসৰি ইয়াৰ প্ৰভাৱ পৰিব ১২ ৰাশিৰ ওপৰতেই৷ পঞ্জিকা অনুসৰি জ্যোতিষীয়ে কৈছে যে ২০২৬ চনত শনিয়ে মীন ৰাশিলৈ গমন কৰিব আৰু ৰাহুৰে সমগ্ৰ বছৰ কুম্ভ ৰাশিত থাকিব৷ ২০২৬ চনৰ শেষত মকৰ ৰাশিত প্ৰৱেশ কৰিব৷ ইয়াৰোপৰি ২০২৬ চনত বৃহস্পতিয়ে মিথুন, কৰ্কট আৰু সিংহ ৰাশিত গমন কৰিব৷ শুক্ৰ, সূৰ্য আৰু মঙলেও পৰ্যায়ক্ৰমে ৰাশি পৰিবৰ্তন কৰিব৷ জ্যোতিষীৰ মতে এই গ্ৰহৰ গোচৰৰ কাৰণে ২০২৬ চন কিছু ৰাশিৰ বাবে চেলেঞ্জিং হ’ব পাৰে৷ জানি থওক এই ৰাশিসমূহ কি কি?
মেষ ৰাশি
২০২৬ চন মেষ ৰাশিৰ বাবে মানসিক বিভ্ৰান্তিৰ বছৰ হ’ব পাৰে৷ চাকৰি বা ব্যৱসায়ত হঠাৎ পৰিবৰ্তন আহিব পাৰে৷ খৰধৰকৈ সিদ্ধান্ত ল’লে ক্ষতিকাৰক হ’ব পাৰে৷ সম্পৰ্কৰ ক্ষেত্ৰত ভুল বুজাবুজি বাঢ়িব পাৰে৷ কিছু বিষয়ত আপুনি মানসিক অস্থিৰতাতো ভূগিব পাৰে৷ চিন্তা নকৰিব৷ ডাঙৰ সিদ্ধান্ত ল’বলগীয়া থাকিলে স্থগিত ৰাখক৷
সিংহ ৰাশি
২০২৬ চন সিংহ ৰাশিৰ জাতকৰ বাবে চেলেঞ্জিং হ’ব পাৰে৷ শত্ৰু সক্ৰিয় হ’ব৷ কৰ্মক্ষেত্ৰত আপোনাৰ বাধা আহিব পাৰে৷ স্বাস্থ্যৰ প্ৰসংগতো বৰ এটা ভালে নাথাকিব৷ মানসিক চাপ আৰু শাৰীৰিক ক্লান্তিও আহিব পাৰে৷ আৰ্থিক লোকচানো হ’ব পাৰে৷
ধনু ৰাশি
২০২৬ চন ধনু ৰাশিৰ বাবে ক্ষতিকৰ হ’ব পাৰে৷ আৰ্থিক অস্থিৰতা আহিব৷ পৰিয়াল আৰু কেৰিয়াৰ উভয় ক্ষেত্ৰতেই স্থিতিশীলতা বজাই ৰখা চেলেঞ্জিং হ’ব৷ কোনো ডাঙৰ বিনিয়োগ, অংশীদাৰিত্ব বা আৰ্থিক লেনদেন এৰাই চলক৷ সম্পৰ্কৰ ক্ষেত্ৰত সৰু সৰু বিষয়সমূহতো ডাঙৰ বিৰোধ হ’ব পাৰে৷ যোগাযোগত সংযম বজায় ৰখা গুৰুত্বপূৰ্ণ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















