দানৱ গুৰু শুক্ৰৰ সৈতে ৩টা ডাঙৰ গ্ৰহই লগ হৈ সলনি কৰিব ৰাশি, এই ৰাশিৰ লটাৰী লাভৰ সংযোগ
সকলো গ্ৰহই সময়ে সময়ে ইটোৱে সিটোৰ লগত সংযুক্ত হৈ থাকে। লগতে ৰাশি সলনি কৰি থাকে। গ্ৰহসমূহৰ ৰাশিৰ পৰিৱৰ্তনে নিশ্চিতভাৱে মানুহৰ জীৱনত ইতিবাচক আৰু নেতিবাচক ৰূপত প্ৰভাৱ পেলায়।
জ্যোতিষীসকলৰ মতে জুন মাহত এটা নহয়, দুটা নহয়, মুঠ ৪টা প্ৰধান গ্ৰহই ৰাশি সলনি কৰিবলৈ গৈ আছে। গ্ৰহৰ ট্ৰেনজিটৰ দৃষ্টিকোণৰ পৰা জুন মাহটোক অতি বিশেষ বুলি গণ্য কৰা হয়।
এই সলনিৰ দ্বাৰা এই ৰাশিৰ উপকৃত হ’ব-
মেষ ৰাশি
মেষ ৰাশিৰ লোকৰ বাবে জুন মাহ অনুকূল বুলি প্ৰমাণিত হ’ব। মংগল, সূৰ্য্য, শুক্ৰ আৰু বুধ ৰাশিৰ পৰিৱৰ্তনৰ বাবে ভাগ্যই মেষ ৰাশিৰ লোকক অনুকূল কৰিব।
বৃষ ৰাশি
জ্যোতিষৰ মতে জুন মাহটো বৃষ ৰাশিৰ লোকৰ বাবে অতি বিশেষ হ’বলৈ গৈ আছে। এই সময়ছোৱাত আত্মবিশ্বাস বাঢ়িব পাৰে। লগতে সন্মান বাঢ়িব। অৰ্থনৈতিক দিশটো শক্তিশালী হ’ব। আৰ্থিক লাভ হ’ব।
মিথুন ৰাশি
বৈদিক জ্যোতিষৰ মতে জুন মাহত মিথুন ৰাশিৰ লোকে সৰ্বাধিক উপকৃত হ’ব। মিথুন ৰাশিৰ লোকে হঠাৎ লাভ কৰিব পাৰে। লগতে সকলো কামতে সফলতা লাভ কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ