জ্যোতিষশাস্ত্ৰত বৃহস্পতি আৰু চন্দ্ৰৰ যোগক অত্যন্ত শুভ বুলি ধাৰণা কৰা হয়৷ কাৰণ বৃহস্পতি জ্ঞান, ধৰ্ম অৰ্থ আৰু বিস্তাৰৰ প্ৰতীক৷ অন্যহাতে চন্দ্ৰ মন, অনুভূতি আৰু মানসিক স্থিতিৰ দেৱতা৷ এই দুই গ্ৰহৰ যুঁটিৰ ফলত যি ৰাজযোগ তৈয়াৰ হয় তাক কোৱা হয় গজকেশৰী যোগ৷ চলিত বছৰ সেই গজকেশৰী যোগ তৈয়াৰ হ’ব মিথুন ৰাশিত৷ জ্যোতিষমতে, একাধিক ৰাশিৰ জীৱনত এই যোগৰ প্রভাৱ পৰিব৷ ঘূৰিব ভাগ্যৰ চকা৷
বৰ্তমান গুৰু বৃহস্পতিয়ে মিথুন ৰাশিত অৱস্থান কৰিছে৷ আগন্তুক ২ জুন ২০২৬ পৰ্যন্ত তাতেই থাকিব৷ এই সময়ৰ ভিতৰত বিভিন্ন গ্ৰহৰ সৈতে তেওঁৰ যুঁটি আৰু দৃষ্টিসংযোগ হব৷ ইয়াৰ ফলত একাধিক গুৰুত্বপূৰ্ণ যোগ তৈয়াৰ হৈছে৷ ২৮ জানুৱাৰী ২০২৬ বুধবাৰে সন্ধিয়া ৬ বাজি ৩০ মিনিটত চন্দ্ৰই মিথুন ৰাশিত প্ৰৱেশ কৰিব৷ বৃহস্পতিৰ সৈতে যোগ তৈয়াৰ কৰি গজকেশৰী ৰাজযোগ গঠিত হব৷ জ্যোতিষশাস্ত্ৰই কৈছে এই যোগ প্ৰায় ৫৪ ঘণ্টা সক্ৰিয় থাকিব৷ তাৰ শুভ প্রভাৱ আৰু কিছুদিনলৈ অনুভূত হব পাৰে৷ মকৰ, ধনু আৰু কন্যা ৰাশিৰ জাতকৰ জীৱনত এই গজকেশৰী যোগৰ প্ৰভাৱ সকলোতকৈ স্পষ্টভাৱে পৰিব পাৰে৷
মকৰ ৰাশি
মকৰ ৰাশিৰ ক্ষেত্ৰত ষষ্ঠভাৱে এই গুৰু-চন্দ্ৰ যুঁটি ঘটিছে৷ কৰ্মক্ষেত্ৰত দীৰ্ঘদিন ধৰি যি সমস্যা বা বাধা তৈয়াৰ হৈছিল এই যোগৰ প্ৰভাৱত সেয়া কাটিব পাৰে৷ শত্ৰুপক্ষ দুৰ্বল হব পাৰে৷ প্ৰতিযোগিতামূলক পৰীক্ষা, আইনী গোচৰ বা প্ৰশাসনিক জটিলতাৰ পৰা মুক্তিৰ সম্ভাৱনা আছে৷ চাকৰিয়ালে কাৰ্যালয়ত পদোন্নতি, সন্মান আৰু স্বীকৃতি পাব পাৰে৷ ইয়াৰোপৰি স্বাস্থ্য সংক্ৰান্তিয় সমস্যাতো কিছু স্বস্তি পাব পাৰে৷
ধনু ৰাশি
ধনু ৰাশিৰ জাতকৰ গোচৰ কুণ্ডলীত সপ্তমভাৱে এই যুঁটি তৈয়াৰ হৈছে৷ দাম্পত্য জীৱন, সম্পৰ্ক আৰু অংশীদাৰিত্বৰ ক্ষেত্ৰত এই যোগ অত্যন্ত শুভ বুলি ধাৰণা কৰা হয়৷ যিসকলে বিবাহৰ কথা ভাৱিছে তেওঁলোকৰ বাবে ভাল প্ৰস্তাৱ আহিব পাৰে৷ ব্যৱসায়ত অংশীদাৰিত্বৰ পৰা লাভৰ সম্ভাৱনা আছে৷ দীৰ্ঘদিন ধৰি ৰৈ থকা চুক্তি বা বুজাপৰা সম্পন্ন হব পাৰে৷ সামাজিক সন্মান আৰু পৰিচয়ো বাঢ়িব পাৰে৷
কন্যা ৰাশি
কন্যা ৰাশিৰ দশম ভাৱত গুৰু-চন্দ্ৰৰ যুঁটি তৈয়াৰ হৈছে৷ ইয়াৰ ফলত কৰ্ম আৰু পেছাত আপুনি বিশেষ স্থান পাব৷ এই যোগৰ ফলত চাকৰিত পদোন্নতি, নতুন দায়িত্ব বা চাকৰি পৰিবৰ্তনৰ সুযোগ পাব৷ ব্যৱসায়ীৰ বাবে লাভৰ সম্ভাৱনা প্ৰৱল৷ পৰিশ্ৰমৰ যথাযথ ফল পাব পাৰে আৰু কৰ্মক্ষেত্ৰত সন্মান লাভৰ যোগ আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















