শুক্ৰ আৰু বৃহস্পতিয়ে যেতিয়া কোনো এটা ৰাশিত মিলিত হয় তেতিয়াই গজকেশৰী যোগ গঠিত হয়৷ জ্যোতিষ অনুসৰি গজকেশৰী এক অত্যন্ত শুভ আৰু শক্তিশালী যোগ৷ এই যোগৰ শুভ প্ৰভাৱ থাকিলে জাতকে মা লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰে৷ আগন্তুক ১৪ মে কৰ্কট ৰাশিত আহিব গুৰুগ্ৰহ বৃহস্পতি আৰু দৈত্যাচাৰ্য শুক্ৰ৷ এই দুই শক্তিশালী গ্ৰহই কৰ্কট ৰাশিত ১২ বছৰ পাছত গজকেশৰী যোগ গঠন কৰিব৷ ১৪ মেৰ পৰা ১ জুন পৰ্যন্ত গজকেশৰী যোগ বৰ্তি থাকিব৷ জানি থওক গজকেশৰী যোগত ভাগ্যৰ উন্নতিৰ জোৱাৰ আহিব কোন কোন ৰাশিৰ জাতকৰ?
মিথুন ৰাশি
মিথুন ৰাশিৰ দ্বিতীয় ঘৰত গজকেশৰী যোগ গঠিত হব৷ ইয়াৰ ফলত সম্পদ বৃদ্ধি হব মিথুন ৰাশিৰ জাতকৰ৷ পৰিয়ালত সুখ শান্তিৰ পৰিবেশ বৰ্তি থাকিব৷ আৰ্থিক লাভ হব আৰু উপাৰ্জনৰ নতুন পথ আপোনাৰ সন্মুখত খুলি যাব৷ নিজৰ কথাৰে আপুনি বহু সমস্যাৰ সমাধান কৰিব পাৰিব৷ কেৰিয়াৰত উন্নতি কৰাৰ যোগ আছে৷
কৰ্কট ৰাশি
কৰ্কট ৰাশিতেই গজলক্ষ্মী ৰাজযোগ গঠিত হব৷ ইয়াৰ শুভ প্ৰভাৱত সকলো কামতে সৌভাগ্য লাভ কৰিব কৰ্কট ৰাশিৰ জাতকে৷ হঠাৎ মোটা অংকৰ আৰ্থিক লাভ হব পাৰে৷ দীৰ্ঘদিনৰ ৰৈ থকা কাম সম্পন্ন হব৷ ৰোগ প্ৰতিৰোধ ক্ষমতা মজবুত হব৷ ফলত শৰীৰ স্বাস্থ্যৰ উন্নতি হব আৰু আত্মবিশ্বাস বাঢ়িব৷
তুলা ৰাশি
তুলা ৰাশিৰ দশম ঘৰত গজলক্ষ্মী যোগ গঠিত হব৷ এই যোগৰ প্রভাৱত চাকৰি আৰু ব্যৱসায়ত উন্নতি কৰিব পাৰিব৷ ১৪ মেৰ পৰা ১ জুন পৰ্যন্ত এই সময় আপোনাৰ কেৰিয়াৰৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ৷ চাকৰিত উচ্চপদ লাভ কৰিব পাৰে৷ সামাজিক প্ৰতিপত্তি বাঢ়িব আৰু কোনো গুৰুত্বপূৰ্ণ কামত নেতৃত্ব দিয়াৰ সুযোগ পাব৷
বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰ নৱম ঘৰত গঠিত হব গজলক্ষ্মী যোগ৷ ইয়াৰ ফলত সাফল্য আৰু সৌভাগ্যই চুম্বকৰ দৰে আপোনাক আকৰ্ষণ কৰিব৷ হঠাৎ অতিৰিক্ত অৰ্থলাভ কৰিব পাৰে৷ ধৰ্মকৰ্মৰ প্ৰতি আগ্ৰহ বাঢ়িব৷ পিতৃৰ পৰা জৰুৰী বিষয়ত পূৰ্ণ সহযোগিতা পাব৷ দূৰৈৰ কৰোবাত যাত্ৰা কৰিব পাৰে৷
মকৰ ৰাশি
মকৰ ৰাশিৰ সপ্তম ঘৰত গঠিত হব গজলক্ষ্মী যোগ৷ এই শুভ যোগ লাভজনক হ’ব এই ৰাশিৰ জাতকৰ বাবে৷ জীৱনসংগীক প্ৰয়োজনৰ সময়ত কাষত পাব৷ লাইফ পাৰ্টনাৰৰ সৈতে সম্পৰ্ক মজবুত হব আৰু মধুৰ হব৷ অংশীদাৰিত্বৰ কাম কৰিলে তাত সাফল্য পাব৷ আদালতৰ বিচাৰাধীন গোচৰৰ ৰায় আপোনাৰ পক্ষত আহিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















