চৰকাৰী ভূমি বেদখল কৰাৰ বাবে চৰকাৰে ভিন্ন স্থানত কৰি আহিছিল উচ্ছেদ। কিন্তু এইক্ষেত্ৰত এতিয়া কঠোৰ হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়। গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক স্পষ্টভাৱে নিৰ্দেশ দিছে যে উচ্ছেদৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলক উপযুক্ত ক্ষতিপূৰণ, সংস্থাপন আৰু পুনৰ্বাসনৰ ব্যৱস্থা কৰিব লাগিব।
অসমত উচ্ছেদ অভিযানক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ মাজতে উচ্ছেদিত লোকসকলৰ বাবে এক গুৰুত্বপূৰ্ণ সকাহৰ খবৰ আহিছে। উচ্ছেদিত লোকক ক্ষতিপূৰণ আৰু উপযুক্ত সংস্থাপন প্ৰদান নকৰাকৈ হাৰাশাস্তি কৰিব নোৱাৰিব চৰকাৰে। ক্ষতিপূৰণ, সংস্থাপন আৰু পুনৰ্বাসন নিশ্চিত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।
গোৱালপাৰাৰ হাচিলা বিল, কামৰূপৰ বঙৰা আৰু নগাঁৱৰ কচুৱাৰ উচ্ছেদিত লোকসকলৰ বাবে ন্যায়ালয়ৰ এই নিৰ্দেশ বিশেষ তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।
উচ্ছেদিতৰ অধিকাৰ সুৰক্ষিত কৰাৰ নিৰ্দেশ
উচ্ছেদৰ ফলত বহু পৰিয়ালে ঘৰ-বাৰী আৰু জীৱিকাৰ উৎস হেৰুৱাবলগীয়া হয়। এনে পৰিস্থিতিত ক্ষতিগ্ৰস্ত লোকসকলক উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰাকৈ হাৰাশাস্তি কৰিব নোৱাৰিব বুলি ন্যায়ালয়ে নিৰ্দেশ দিছে।
উচ্ছেদিত লোকসকলৰ ক্ষতিপূৰণ, সংস্থাপন আৰু পুনৰ্বাসনৰ বিষয়টো নিশ্চিত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ দায়িত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে উচ্চ ন্যায়ালয়ে।
ন্যায়ালয়ে ৰাজ্য চৰকাৰক শপতনামা দাখিল কৰিবলৈও নিৰ্দেশ দিছে। ১৬ ডিচেম্বৰৰ পূৰ্বে উচ্ছেদিত লোকসকলক কেনেদৰে ক্ষতিপূৰণ প্ৰদান কৰা হ’ব, কেনেধৰণৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব আৰু পুনৰ্বাসনৰ বাবে কি পদক্ষেপ লোৱা হ’ব, সেই সম্পৰ্কে বিতং তথ্য আদালতত দাখিল কৰিব লাগিব চৰকাৰে।
ন্যায়াধীশ দেৱশীষ বৰুৱাৰ খণ্ড বিচাৰপীঠে জাৰি কৰা এই নিৰ্দেশনাই উচ্ছেদিত লোকসকলৰ অধিকাৰ আৰু পুনৰ্বাসনৰ বিষয়টোক নতুনকৈ গুৰুত্ব প্ৰদান কৰিছে। গোৱালপাৰাৰ হাচিলা বিল, কামৰূপৰ বঙৰা আৰু নগাঁৱৰ কচুৱাৰ উচ্ছেদিত লোকসকলৰ বাবে উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশ এক আশাৰ বতৰা হিচাপে বিবেচিত হৈছে।
উচ্ছেদৰ পাছত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে কেনেদৰে জীৱন-জীৱিকা পুনৰ আৰম্ভ কৰিব, সেই প্ৰশ্নৰ উত্তৰ বিচাৰি থকাৰ সময়তে আদালতৰ এই নিৰ্দেশে ক্ষতিপূৰণ, সংস্থাপন আৰু পুনৰ্বাসনৰ বিষয়টোক বিশেষ গুৰুত্ব প্ৰদান কৰিছে।
এতিয়া ১৬ ডিচেম্বৰৰ পূৰ্বে ৰাজ্য চৰকাৰে আদালতত কি শপতনামা দাখিল কৰে আৰু উচ্ছেদিত লোকসকলৰ বাবে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণৰ কথা প্ৰকাশ কৰে, সেয়া লক্ষণীয় হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















