পুৰুষেও যুঁজিবলৈ ভয় কৰা ভাৰতৰ প্ৰথমগৰাকী মহিলা মল্লযুঁজাৰু, প্ৰতিদিনৰ খাদ্যৰ বিষয়ে শুনিলেই আচৰিত হৈ পৰিব আপুনি
ভাৰতত মল্লযুঁজৰ খেল সদায় অতি বিখ্যাত হৈ আহিছে। আজি ভাৰতে অলিম্পিকৰ পৰা প্ৰায় প্ৰতিখন ডাঙৰ প্ৰতিযোগিতাতে মল্লযুঁজৰ পদক লাভ কৰিছে। কিন্তু আগতে ইয়াক কেৱল পুৰুষৰ খেল বুলি গণ্য কৰা হৈছিল। মহিলাসকলে মল্লযুঁজ কৰা নাছিল। আনকি কোনেও ভবা নাছিল যে মহিলাই মল্লযুঁজ কৰিব পাৰে।
সেই সময়ত উত্তৰ প্ৰদেশৰ পিৰ হামিদা বানো নামি পৰিছিল মল্লযুঁজত। পুৰুষে দপদপাই থকা খেলত এগৰাকী মহিলা হিচাপে নিজৰ নাম উজলাইছিল হামিদাই। ভাৰতৰ প্ৰথমগৰাকী মহিলা মল্লযুঁজাৰু হিচাপেও তেওঁক গণ্য কৰা হয়। মল্লযুঁজত পুৰুষৰ সৈতে খেলিছিল হামিদাই, অৱশেত পুৰুষেও ভয় কৰা হৈছিল হামিদাৰ সৈতে মল্লযুঁজ খেলিব।
হামিদা বানোৱে ১৯৪০ আৰু ১৯৫০ চনত পুৰুষক প্ৰত্যাহ্বান জনাই কৈছিল যে যিয়েই তেওঁক ডংগলত পৰাস্ত কৰিব সেই পুৰুষৰ সৈতে বিয়াত বহিব। ভাৰতত কোনো পুৰুষেই হামিদাৰ সেই প্ৰত্যাহ্বান লবলৈ সাহস কৰা নাছিল। শেষত হামিদাৰ সেই প্ৰত্যাহ্বানক স্বীকৃতি দি প্ৰথমখন মল্লযুঁজ আছিল ১৯৩৭ চনত লাহোৰৰ অতিকে জনপ্ৰিয় ফিৰোজ খানৰ সৈতে।
সেই মেচত হামিদাই ফিৰোজ খানক পৰাস্ত কৰে। খানৰ বাবে আচৰিত আছিল যে তেওঁ কেনেকৈ এগৰাকী মহিলাৰ হাতত পৰাস্ত হ’ব পাৰে ইয়াৰ পিছত হামিদা যথেষ্ট বিখ্যাত হৈ পৰিছিল। ইয়াৰ পিছত খৰগ সিং নামৰ শিখ আৰু কলকাতাৰ আন এজন মল্লযুঁজাৰুক পৰাস্ত কৰে হামিদাই।
উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত জন্মগ্ৰহণ কৰা হামিদা বানোৰ খাদ্যাভ্যাসে সকলোকে আচৰিত কৰি তোলে। খবৰ অনুসৰি হামিদা বানোৰ উচ্চতা ৫ ফুট ৩ ইঞ্চি আৰু ওজন ১০৭ কেজি। কোৱা হয় যে হামিদাই প্ৰতিদিনে ৬ লিটাৰ গাখীৰ, ১.২৫ কেজি চুপ আৰু ২.২৫ লিটাৰ ফলৰ ৰস খাইছিল। ইয়াৰ লগতে নিতৌ এটা কুকুৰা, এক কেজি ছাগলী মাংস, ৪৫০ গ্ৰাম মাখন, ৬ টা কণী, প্ৰায় এক কেজি আলমণ্ড, ২ খন ডাঙৰ ৰুটি আৰু ২ প্লেট বিৰিয়ানী খাইছিল। দিনটোৰ ২৪ ঘণ্টাৰ ভিতৰত হামিদাই ৯ ঘণ্টা শুইছিল, ৬ ঘণ্টা ব্যায়াম কৰিছিল আৰু বাকী সময়খিনি খাইছিল।
সেই সময়ত নাম হবলৈ ধৰা অপৰাজেয় হামিদাৰ সন্দৰ্ভত কথা ওলাবলৈ ধৰিছল, যে ৰাছিয়াৰ বিশ্ব বিখ্যাত মল্লযুঁজাৰুৰ বিৰুদ্ধে পৰাস্ত হব হামিদা। কিন্তু মানুহৰ সেই বিভ্ৰান্তিও দূৰ কৰি ১৯৫৪ চনত ৰাছিয়াৰ বীৰা চেষ্টেলিনক এক মিনিটতকৈও কম সময়ৰ ভিতৰত পৰাস্ত কৰি হামিদাই সকলোকে স্তম্ভিত কৰি তুলিছিল।
পাছত বীৰাক চেষ্টেলিন পৰাস্ত কৰি হামিদাই ইউৰোপলৈ গৈ যুঁজ দিয়াৰ সিদ্ধান্ত লয়। ইয়াৰ পৰাই হামিদাৰ কেৰিয়াৰৰ গ্ৰাফ তললৈ নামিবলৈ ধৰে আৰু অৱশেষত নামেই নোহোৱা হৈ পৰে হামিদাৰ।
কোৱা হয় যে, হামিদা বানোৰ প্ৰশিক্ষক ছালাম পেহালৱানে হামিদা ইউৰোপলৈ যোৱাটো বিচৰা নাছিল। সেয়ে খঙত চালামে হামিদাক লাঠিৰে কোবাই হামিদাৰ ভৰি আৰু হাত ভাঙি পেলায়। ইয়াৰ পিছতে মল্লযুঁজৰ জগতৰ পৰা নোহোৱা হৈ পৰে হামিদা বানু। কোৱা হয় যে পিছলৈ হামিদাই গাখীৰ বিক্ৰী কৰি ঘৰ চলাইছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















