হিন্দু ধৰ্মত হনুমানক পূজা কৰিলে সকলো বিপদ দূৰ হয় বুলি বিশ্বাস কৰা হয়। সপ্তাহৰ সাত দিনৰ ভিতৰত মঙলবাৰটো হনুমান সাধনাৰ বাবে উৎসৰ্গা কৰা হয়। এই দিনটোত নিৰ্ধাৰিত ৰীতি-নীতি অনুযায়ী হনুমান সাধনা কৰিলে হনুমান সোনকালে সন্তুষ্ট হয় আৰু ভক্তক আশীৰ্বাদ দিয়ে। শক্তি, প্ৰজ্ঞা আৰু জ্ঞানৰ দাতা হনুমানৰ পূজাৰ লগত জড়িত এইকেইটা উপায়ৰ বিষয়ে জানো আহক…
- হনুমান চালিছা পাঠ কৰাটো হনুমানৰ আশীৰ্বাদ লাভৰ আটাইতকৈ সহজ আৰু উত্তম উপায়। সেয়ে প্ৰতি মঙলবাৰে গা ধুই ধ্যান কৰি হনুমান ভক্তসকলে কমেও সাতবাৰ হনুমান চালিছা পাঠ কৰিব লাগে।
- মঙলবাৰে হনুমানৰ পূজা তেতিয়াহে সফল হ’ব, যেতিয়া ৰামৰ নাম জপ কৰিব।
- বিশ্বাস অনুসৰি হনুমান সেন্দূৰৰ প্ৰতি আকৰ্ষিত। তেওঁক সোনকালে সন্তুষ্ট কৰিবলৈ পূজাৰ সময়ত সেন্দূৰ আগবঢ়াওক।
- মঙলবাৰে হনুমানৰ পূজাৰ সময়ত বিশুদ্ধ ঘিউ বা সৰিয়হৰ তেলেৰে চাকি দিব লাগে।
(স্পষ্টীকৰণ: ইয়াত দিয়া তথ্যসমূহ সাধাৰণ বিশ্বাস আৰু তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। এনডিটিভিয়ে ইয়াক পৰীক্ষা নকৰে।)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















