অসম লাইভ ২৪ঃ মেদবহুলতা৷ সাম্প্ৰতিক সময়ৰ এক ডাঙৰ সমস্যা৷ বিশেষকৈ মহিলাৰ বাবে এই সমস্যা অন্যতম চিন্তিত বিষয়৷ এনে ক্ষেত্ৰত নিজে ওজন হ্ৰাস কৰাটো মেদবহুল ব্যক্তিৰ বাবে এক প্ৰত্যাহ্বান৷ তাতো আকৌ যদি শৰীৰৰ কোনো নিৰ্দিষ্ট অংগৰ চৰ্বি হ্ৰাস কৰিবলগীয়া হয় সেয়া এক বৃহৎ প্ৰত্যাহ্বান হৈ পৰে লোকজনৰ বাবে৷
কিন্তু সৌভাগ্যক্ৰমে এনে বহু কৌশল আছে যিসমূহে ফেট বাৰ্ণিঙৰ জৰিয়তে মুখৰ অতিৰিক্ত চৰ্বি হ্ৰাস কৰাত সহায় কৰে৷
৮টা এনে কাৰ্যকৰী পদ্ধতি, যাৰ জৰিয়তে আপোনাৰ মুখখন শ্লিম হোৱাত সহায় কৰিব—
ফে’চিয়েল ব্যায়ামঃ ফে’চিয়েল ব্যায়ামে চেহেৰা উন্নত কৰা, বয়সৰ চাপ নাইকিয়া কৰা আৰু মুখৰ মাংসপেশী শক্তিশালী কৰাত সহায় কৰে৷ গৱেষণা অনুসৰি, ফে’চিয়েল ব্যায়ামে মুখৰ মাংসপেশী দৃঢ় কৰি মুখখন শ্লিম হোৱাত সহায় কৰে৷ দৈনিক ফে’চ যোগাসন কৰাটো অতি আৱশ্যক৷
দৈনিক অভ্যাসত কাৰ্ডিঅ’ যোগঃ কাৰ্ডিঅ’ বা এৰ’বিক ব্যায়ামে চৰ্বি হ্ৰাস কৰাত সহায় কৰে৷ বিভিন্ন গৱেষণাত প্ৰমাণিত যে কাৰ্ডিঅ’ ব্যায়ামে দ্ৰুত ফেট বাৰ্ণিঙত সহায় কৰে৷ দৌৰা, নৃত্য, খোজকঢ়া, বাইকিং আৰু সাঁতোৰ আদি বিভিন্ন কাৰ্ডিঅ’ ব্যায়ামৰ জৰিয়তে আপোনাৰ মুখখনৰ অতিৰিক্ত চৰ্বি হ্ৰাস কৰিব পাৰে৷
অত্যধিক পানী পানঃ পানী পান কৰা সামগ্ৰিক স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ৷ বিশেষকৈ চৰ্বি হ্ৰাসৰ বাবে অত্যধিক পানী পান কৰিব লাগে৷ গৱেষণাৰ এক তথ্য অনুসৰি, খাদ্য গ্ৰহণৰ পূৰ্বে পানী খালে খাদ্যৰ কেলৰিৰ মাত্ৰা হ্ৰাস কৰে আৰু অস্থায়ীভাৱে মেটাবলিজম বৃদ্ধি কৰে৷ যিয়ে মুখৰ চৰ্বি হ্ৰাস কৰাত সহায় কৰে৷
সীমিত পৰিমানে মদ্যপান কৰাঃ অত্যধিক মদ্যপানে শৰীৰত চৰ্বি বৃদ্ধি কৰে৷ সেয়েহে ওজন হ্ৰাসৰ বাবে সীমিত পৰিমানৰ সুৰা পান কৰাটোত গুৰুত্ব দিব লাগে৷
পৰিশোধিত কাৰ্বহাইড্ৰেট কমকৈ গ্ৰহণ কৰাঃ পৰিশোধিত কাৰ্বহাইড্ৰেটে তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি কৰে৷ অতিৰিক্ত খোৱা আৰু চৰ্বি জমা হোৱাত সহায় কৰে৷ এনে খাদ্যৰ পৰিৱৰ্তে খাদ্যৰ বীজ গ্ৰহণ কৰিলে মুখৰ চৰ্বি হ্ৰাস হয়৷
নিয়মিত ভালকৈ টোপনি যোৱাঃ নিয়মিত পৰিমানৰ নিদ্ৰা সু-স্বাস্থ্যৰ বাবে অতি জৰুৰী৷ ওজন হ্ৰাসৰ ক্ষেত্ৰতো টোপনিৰ ভূমিকা গুৰুত্বপূৰ্ণ৷ গতিকে ফে’চিয়েল চৰ্বি হ্ৰাসৰ বাবে নিয়মিত প্ৰয়োজনীয় টোপনি যাব লাগে৷
ছ’ডিয়ামৰ সেৱন কম কৰাঃ কম পৰিমাণে ছ’ডিয়াম গ্ৰহণ কৰিব লাগে৷ ছ’ডিয়ামৰ অত্যাধিৰ সেৱন শৰীৰ ফুলি উঠা ৰোগৰ বাবে মাৰাত্মক৷ কম পৰিমাণৰ ছ’ডিয়াম সেৱনে মুখৰ চৰ্বি বৃদ্ধি হোৱাত বাধা দিয়ে৷
বেছি পৰিমাণে ফাইবাৰ গ্ৰহণ কৰাঃ মুখৰ চৰ্বি হ্ৰাসৰ বাবে এটা অতি জনপ্ৰিয় উপায় হৈছে খাদ্যত ফাইবাৰৰ পৰিমাণ বৃদ্ধি কৰা৷ ৬২ টা বিভিন্ন অধ্যয়নৰ তথ্য অনুসৰি অত্যধিক ফাইবাৰ গ্ৰহনে ওজন হ্ৰাসৰ লগতে মুখৰ চৰ্বিও হ্ৰাস কৰে৷
এনেধৰণৰ খাদ্য আৰু অভ্যাসৰ জৰিয়তে আপুনিও সুন্দৰ আৰু আকৰ্ষণীয় কৰি ৰাখিব পাৰে নিজকে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















