বিবাহ এক সামাজিক বান্ধোন। সামাজিকভাৱে বিবাহৰ যোগেদিহে এজন পুৰুষ আৰু এগৰাকী নাৰীৰ মাজত সম্পৰ্ক স্থাপন হয়। প্ৰত্যেকেই নিজৰ বিয়াখনক লৈ সপোন দেখে৷ বিয়াৰ পিছত কেৱল স্বামী-স্ত্ৰীৰ সম্পৰ্কই নহয়, দুখন ঘৰৰ মাজত, দুটা পৰিয়ালৰ মাজত গঢ়ি উঠে এই সম্পৰ্ক৷
বিশ্বত প্ৰেম বিবাহৰ পয়োভৰ বাঢ়িছে৷ সীমিত সংখ্যক লোকৰহে ঘৰৰ পছন্দত বিবাহ হোৱা দেখিবলৈ পোৱা যায়। যদিহে আপুনিও ঘৰৰ পছন্দত বিয়া কৰাম ভাৱিছে তেন্তে এইকেইটা কথা মূৰত ৰাখিবই৷
যদিহে প্ৰেম বিবাহ নহয়, বা স্বামী-স্ত্ৰী দুয়ো দুয়োৰে বাবে অচিনাকী হয়, তেন্তে বিয়াৰ পিছতে কিছুমান কাম নকৰিব৷ অন্যথা আপোনাৰ সম্পৰ্কৰ মাজত মেলিব পাৰে ফাটঁ৷ যিহেতু বিয়াৰ সময়ত স্বামী স্ত্ৰী দুয়ো দুয়োৰে বাবে অচিনাকী, তেনেস্থলত দুয়ো দুয়োকে বুজিবলৈ সময় লাগে৷ দুয়োৱে দুয়োৰে বিষয়ে এই সময়চোৱাত জনাটো প্ৰয়োজনীয় যদিও প্ৰথম দিনাই আপোনাৰ অতীতৰ কথা পাতিব নালাগে এনে কৰিলে আপোনাৰ সংগীজনে বিৰক্তি পাব পাৰে৷
আপোনাৰ সংগীৰ সন্মুখত আপোনাৰ অতীতৰ সংগীৰ কথা নকব বা প্ৰশংসা নকৰিব৷ তেনেস্থলত বিয়াৰ প্ৰথম নিশাই হ’ব পাৰে কাজিয়া৷ বিয়াৰ পিছত দুয়োৱে দুয়োকে সন্মান কৰিব লাগে৷ স্বামী-স্ত্ৰীৰ মাজত পাৰস্পৰিক বুজাপৰা থাকিব লাগে৷ বিয়াৰ পাছত অতীতক পাহৰাই শ্ৰেয়৷ কাৰণ অতীতৰ বাবে বহু সম্পৰ্ক ধ্বংস হোৱা দেখা যায়৷ বিয়াৰ পিছত দুয়ো দুয়োকে গুৰুত্ব দিব লাগে৷ ইজনে আনজনৰ য’ত্ন লব লাগে৷ স্বামী-স্ত্ৰী দুয়োৱে দুয়োৰে পৰিয়ালক লৈ এনে একো কথা ক’ব নালাগে, যাৰ বাবে আপোনাৰ আৰু সংগীৰ মাজত কাজিয়া হ’ব পাৰে, আৰু সম্পৰ্কত দূৰত্ব আহি পৰিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ