১২৫ বছৰীয়া অভিলেখ ভংগ কৰি ভাৰতত সময়ৰ পূৰ্বেই গৰমৰ ঢৌ, বহু ৰাজ্যত পাৰা ৪৩ ডিগ্ৰী অতিক্ৰম
১২৫ বছৰীয়া ৰেকৰ্ড ভংগ ভাৰতত। এইবাৰ দেশত পৰিব প্ৰচণ্ড গৰম। ইতিমধ্যে কেইবাখনো ৰাজ্যত গৰমৰ ঢৌৱে টোকৰ মাৰিছে। সময়তকৈ পূৰ্বে অহা এই গৰমৰ ঢৌৱে এইবাৰ ভংগ কৰিলে ১২৫ বছৰীয়া ৰেকৰ্ড। ফেব্ৰুবাৰী মাহতেই ৪০ ডিগ্ৰীৰ ওপৰ উঠে তাপমাত্ৰা। যাৰ ফলত জুন-জুলাই-আগষ্ট মাহত অধিক গৰমৰ শংকাই দেখা দিছে।
২০২৫ চনৰ ১৫ মাৰ্চত ওড়িশা আৰু ঝাৰখণ্ডত প্ৰথমটো গৰম নিশা হোৱাৰ বিপৰীতে যোৱা বছৰ ২০২৪ চনত ২৭ মাৰ্চত গুজৰাট আৰু মহাৰাষ্ট্ৰত এই পৰিস্থিতি দেখা গৈছিল। দেশৰ উষ্ণতা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে, যাৰ বাবে এইবাৰ ফেব্ৰুৱাৰী মাহৰ পৰাই গৰমৰ ঢৌৰ প্ৰভাৱ দেখা দিবলৈ আৰম্ভ কৰিছে ভাৰতৰ কিছু ৰাজ্যত।
ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সংজ্ঞা অনুসৰি প্ৰথমবাৰৰ বাবে শীতকালীন ফেব্ৰুৱাৰী মাহত গৰমৰ ঢৌৰ সৃষ্টি হয়। ২০২৫ চনৰ ২৫ ফেব্ৰুৱাৰীত এই বছৰৰ প্ৰথমটো গৰমৰ ঢৌ গোৱা আৰু মহাৰাষ্ট্ৰত ৰেকৰ্ড হয়।
বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি যোৱা ১২৫ বছৰত ফেব্ৰুৱাৰী মাহত এনে গৰম কেতিয়াও অনুভৱ হোৱা নাছিল। শেহতীয়া বছৰবোৰত কেৱল তাপৰ তৰংগ আগতেই অহাই নহয় ইয়াৰ তীব্ৰতাও বৃদ্ধি পাইছে। ভাৰতৰ সৰ্বোচ্চ উষ্ণতা ২০২৫ চনৰ ১৬ মাৰ্চত ওড়িশাৰ বৌধত ৪৩.৬ ডিগ্ৰী চেলছিয়াছ হয়।
ঝাৰছুগুডা আৰু বোলাংগীৰতো উষ্ণতা ক্ৰমে ৪২ আৰু ৪১.৭ ডিগ্ৰী চেলছিয়াছ। ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত ভাৰতৰ ২২খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত নিশাৰ উষ্ণতা স্বাভাৱিকতকৈ তিনিৰ পৰা পাঁচ ডিগ্ৰী চেলছিয়াছ অধিক আছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ