যশপ্ৰিত বুমৰাহ সন্দৰ্ভত আহিল এক ভাল খবৰ, অনুৰাগীয়ে আই পি এলত চাব পাব বুমৰাহৰ বলিং
দীৰ্ঘদিন ধৰি আঘাতৰ বাবে খেলপথাৰৰ পৰা আঁতৰ থকা ভাৰতীয় বলাৰ যশপ্ৰিত বুমৰাহ সন্দৰ্ভত আহিছে এক ভাল খবৰ। যি খবৰে আই পি এলৰ অন্যতম দল মুম্বাই ইণ্ডিয়ানছৰ লগতে অনুৰাগীকো সুখী কৰি তুলিছে।
আই পি এল ২০২৫ৰ ঠিক পূৰ্বে বৃহস্পতিবাৰে ফিটনেছ টেষ্টৰ বাবে বুমৰাহ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীলৈ যায়। এটা সপ্তাহ পূৰ্বেও আহিছিল একাডেমীলৈ, পাছে সেইবাৰ ফিটনেছ সম্পূৰ্ণ থিক নছিল, যাৰ বাবে এটা সপ্তাহ পাছত পুনৰ মতাত কালি পুনৰ দেখা দিয়ে ৰাষ্ট্ৰীয় একাডেমীত। সকলো ঠিকে থাকিলে সোনকালেই খেলপথাৰলৈ উভতি আহিব বুমৰাহ।
অৱশ্যে বৰ্তমানলৈ বুমৰাহৰ স্বাস্থ্য সন্দৰ্ভত কোনো তথ্য সদৰি কৰা নাই নেশনেল একাজেমীয়ে। যাৰ বাবে বুমৰাহ কেতিয়া মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলিবলৈ আৰম্ভ কৰিব সেই সন্দৰ্ভত আনুষ্ঠানিক তথ্য লাভ কৰা হোৱা নাই। বুমৰাহৰ উভতি অহাটো সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে তেওঁৰ ফিটনেছৰ ওপৰত।
বলিং আৰু ফিল্ডিঙৰ সময়ত যদি তেওঁ কোনো সমস্যাৰ সন্মুখীন নহয়, তেন্তে তেওঁক সোনকালে খেলা দেখা যাব পাৰে। আই পি এল ২০২৫ত মুম্বাই ইণ্ডিয়ানছৰ হৈ দুৰ্দান্ত বলিং কৰি বিপক্ষক বিপদত পেলোৱা দেখা যাব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ