ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ বতৰৰ আগলি বতৰা অনুসৰি অহা ৪ দিনলৈ অসমসহ উত্তৰ পূৰ্বাঞ্চলত ধাৰসাৰ বৰষুণ আৰু ধুমুহা-বজ্ৰপাত হোৱা সম্ভাৱনা আছে৷
বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে আগন্তুক চাৰিটা দিন উত্তৰ পূৰ্বাঞ্চলৰ ঠায়ে ঠায়ে প্ৰৱল বৃষ্টিপাত, ধুমুহা, বিজুলী-গাজনি আৰু বজ্ৰপাত হ’ব পাৰে৷
বতৰ বিজ্ঞান কেন্দ্ৰই পূৰ্বানুমান কৰা মতে অহা ২৪ ঘণ্টাত অসমৰ লগতে ছিকিম, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠায়ে ঠায়ে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত কোনো কোনো অঞ্চলত বজ্ৰপাত আৰু ধুমুহা (ঘণ্টাত ৩০-৪০ কিলোমিটাৰ পৰ্যন্ত গতিবেগত)ৰো সম্ভাৱনা আছে বুলিও কোৱা হৈছে।
লগতে পঢ়ক পাকিস্তানত হিন্দুৰ ওপৰত অত্যাচাৰ! বান সাহায্য দিয়া নাই, শিবিৰতো স্থান নাই!
আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী ডাঃ সঞ্জয় অ’নিল শ্ব’ই জানিবলৈ দিয়া মতে, অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু দাঁতি কাষৰীয়া অঞ্চল সমূহত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে মৃদু ধুমুহাৰ সম্ভাৱনা আছে।
আনহাতে, অহা ১৫ আৰু ১৬ ছেপ্টেম্বৰত অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ওপৰত বহু ঠাইত মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ