ভয়াৱহ বানৰ কবলত পৰিছে ভাৰতৰ চুবৰীয়া দেশ পাকিস্তান৷ বিধ্বংসী বানত বিধ্বস্ত পাকিস্তানলৈ বহু বিদেশী ৰাষ্ট্ৰই বান সাহায্য প্ৰদান কৰিছে৷
ইয়াৰ মাজতে বান বিধ্বস্ত পাকিস্তানত ধৰ্মীয় সংখ্যালঘু হিন্দুসকলৰ ওপৰত অত্যাচাৰ কৰাৰ বাতৰি আহিছে৷ প্ৰকাশিত খবৰ অনুসৰি বান বিধ্বস্ত পাকিস্তানত হিন্দুসকলক বান সাহায্য পৰা বঞ্চিত কৰাৰ লগতে শিবিৰতো স্থান নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷
অভিযোগ অনুসৰি কেৱল মুছলমান বন্যাক্ৰান্তসকলকহে বান শিবিৰত স্থান দিয়াৰ লগতে বান সাহায্য প্ৰদান কৰা হৈছে৷ সংখ্যালঘু হিন্দুসকলে কোনো বান সাহায্য লাভ কৰা নাই বুলিও বাতৰি পৰিৱেশন কৰা হৈছে৷
লগতে পঢ়ক অ’টোচালকৰ ঘৰত নৈশ আহাৰ গ্ৰহণ কৰি কেজৰিৱালৰ চমক! ‘অভিনয়’ আখ্যা বিজেপিৰ
এগৰাকী মুছলমান সাংবাদিকে পাকিস্তানত চলি থকা এই বৈষম্যৰ ছবি উদঙাই দিছে৷ ইতিমধ্যে দেশখনৰ এই বৈষম্যমূলক আচৰণ উদঙাই বাতৰি পৰিৱেশন কৰা সাংবাদিক নছৰল্লাহ গদানীক গ্ৰেপ্তাৰ কৰিছে দেশখনৰ সিন্ধ আৰক্ষীয়ে৷
সাংবাদিক নাছৰল্লাহ গদানীয়ে যোৱা সপ্তাহত সিন্ধৰ মিৰপুৰ মথেলো চহৰৰ এটা সাহায্য শিবিৰ পৰিদৰ্শন কৰিছিল। তেওঁ প্ৰতিবেদখনত বান সাহায্য আৰু বান শিবিৰত স্থান লাভৰ পৰা বঞ্চিত হোৱা হিন্দুসকলৰ যন্ত্ৰণা দেখুৱাইছিল। এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ব্যাপকৰূপক ভাইৰেল পৰাৰ পাছতে পাকিস্তান চৰকাৰে ভিডিঅ’টো আঁতৰাই পেলাবলৈ বাধ্য কৰোৱায়।
আনহাতে হিন্দুসকলক বঞ্চনা কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি প্ৰকাশ পাইছে৷ উল্লেখ্য যে পাকিস্তানৰ বিধ্বংসী বানত ১৪০০ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ৩.৫ কোটি লোক গৃহহীন হৈ পৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ