অসম লাইভ২৪ঃ চাৰধাম যাত্ৰাৰ বাবে এতিয়া লাখ লাখ তীৰ্থযাত্ৰীৰে ভৰি পৰিছে উত্তৰাখণ্ড৷ কেদাৰ-বদ্ৰী-গংগোত্ৰী-যমুনাত্ৰীৰ উদ্দেশ্যে প্ৰতিদিনেই যাত্ৰা কৰিছে হাজাৰ হাজাৰ যাত্ৰী৷ তীৰ্থযাত্ৰীসকলৰ একাংশই যদি ঘোঁৰা, খচ্চৰ নতুবা পিঠিত নিয়া দোলাত যাত্ৰা কৰিছে একাংশই আকৌ হেলিকপ্টাৰেৰে কেদাৰানাথলৈ ৰাওনা হৈছে৷ কেদাৰনাথ যোৱাৰ সময়তে এইবাৰ হেলিকপ্টাৰ দুৰ্ঘটনা৷ কথমপি প্ৰাণ ৰক্ষা পৰিছে কেইবাজনো যাত্ৰীৰ৷
শুকুৰবাৰে কেদাৰনাথত থকা বিশেষ হেলিপেডত নমাৰ মুহূৰ্ততেই হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই এখন হেলিকপ্টাৰে৷ হঠাৎ অহা তীব্ৰবেগী বতাহৰ বাবে আকাশতেই নিয়ন্ত্ৰণ হেৰুৱাই পেলাই হেলিকপ্টাৰখনে৷ তাৰপাছতেই হেলিপেডৰ পৰা ১০০ মিটাৰ দূৰত্বত গৈ মাটিত পৰে হেলিকপ্টাৰখন৷ ঘটনাৰ এটা ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে৷
https://x.com/AshTheWiz/status/1793890258733670867
কেনেকৈ এই দুৰ্ঘটনা সংঘটিত হ’বলৈ পালে সমগ্ৰ বিষয়টোক লৈ ৰুদ্ৰপ্ৰয়াগৰ জিলাশাসক সৌৰভ গাহাৰৱালে কয়, ‘শুকুবাৰে পুৱাই উত্তৰাখণ্ডৰ চিৰচি হেলিপেডৰ পৰা ৬জন তীৰ্থযাত্ৰীক লৈ এই হেলিকপ্টাৰখন কেদাৰনাথৰ দিশেৰে ৰাওনা হৈছিল৷ কেদাৰনাথৰ হেলিপেডত নমাৰ পূৰ্বেই হঠাৎ যান্ত্ৰিক বিজুতি ঘটে হেলিকপ্টাৰখনৰ৷ ফলত নিয়ন্ত্ৰণ হাতৰ পৰা এৰাই যায় পাইলটৰ৷ তীৰ্থযাত্ৰীসহিতে কিছুসময় ধৰি হেলিকপ্টাৰখনে আকাশতেই পাকঘূৰণি খাই আছিল৷ অৱশেষত পাইলটৰ চেষ্টাতেই হেলিকপ্টাৰখনে লেণ্ডিং কৰে৷
এই ঘটনাত শিয়ৰি উঠিছে কেদাৰ-বদ্ৰীৰ যাত্ৰী৷ আতংকিত হৈ পৰিছে তীৰ্থযাত্ৰী৷ এই ঘটনাই আকৌ এবাৰ ২০২২ চনৰ দুৰ্ঘটনাৰ সেই ভয়াৱহ স্মৃতিক সোঁৱৰাই দিছে৷ সেই বৰ্ষত কেদাৰনাথলৈ যাত্ৰী কঢ়িয়াই নিয়া এখন হেলিকপ্টাৰ ভাঙি পাইলটসহ মুঠ ৭গৰাকী লোকে মৃত্যুক সাবটি লৈছিল৷ সেই হেলিকপ্টাৰখনে উত্তৰাখণ্ডৰ ফাটা হেলিপেডৰ পৰা তীৰ্থযাত্ৰীক লৈ উৰা মাৰিছিল৷ বতৰ হঠাৎ বেয়া হৈ পৰাৰ বাবে গাৰু চটিৰ ওচৰত দুৰ্গম পাহাৰীয়া এলেকাত ভাঙি পৰিছিল৷
উল্লেখ্য যে বিগত ১০মেৰ পৰা চলিছে কেদাৰনাথ, যমুনাত্ৰী, গংগোত্ৰীৰ বাবে যাত্ৰা আৰম্ভ হৈছে৷ ১২ মেৰ পৰা খোলা হৈছে বদ্ৰীনাথৰ দুৱাৰ৷ চাৰধাম যাত্ৰাৰ আৰম্ভণিতে লাখ লাখ যাত্ৰীৰ ভিৰ দেখা গৈছে উত্তৰাখণ্ডত৷ তীৰ্থযাত্ৰীসকলৰ ভিৰ বেছি হৈ পৰাৰ বাবে ৰেজিষ্ট্ৰেছন ইতিমধ্যে সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে চাৰধাম যাত্ৰাৰ
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ