মে মাহৰ শেষত তৈয়াৰ হ’ব লক্ষ্মী নাৰায়ণ ৰাজযোগ৷ জ্যোতিষ শাস্ত্ৰ অনুসৰি গ্ৰহৰ যুৱৰাজ বুধ আৰু সুখ-সৌভাগ্যৰ কাৰক গ্ৰহ শুক্ৰৰ যুঁটি হ’লে এই অতিশুভ ৰাজযোগ তৈয়াৰ হয়৷ এই সময়ত বৃষ ৰাশিত ভ্ৰমণ কৰিছে শুক্ৰই৷ ৩১ মেত এই ৰাশিত প্ৰৱেশ কৰিব বুধে৷ যাৰ ফলত বুধ আৰু শুক্ৰৰ যুঁটিৰ ফলত লক্ষ্মী নাৰায়ণ ৰাজযোগ সৃষ্টি হ’ব৷ এই শুভ যোগৰ প্ৰভাৱত ৫ৰাশিৰ জাতকৰ উন্নতি হ’ব৷ কেৰিয়াৰ, ব্যৱসায়, ব্যক্তিগত জীৱনত লাভৱান হ’ব এই ৰাশিৰ জাতক৷ কোন কোন ৰাশিৰ সময় ভাল জানি থওক৷
মেষ ৰাশি
লক্ষ্মী নাৰায়ণ যোগ মেষ ৰাশিৰ জাতকৰ বাবে অত্যন্ত লাভজনক প্ৰমাণিত হ’ব৷ পাবলগীয়া ধন লাভ কৰিব৷ আয়ৰ নতুন উৎস লাভ কৰিব মেষ ৰাশিৰ জাতকে৷ আপোনাৰ আৰ্থিক পৰিস্থিতি উন্নত হ’ব৷ কৰ্মক্ষেত্ৰত নতুন সুযোগ লাভৰ প্ৰৱল সম্ভাৱনা আছে৷ ইয়াৰ দ্বাৰা ভৱিষ্যতেও লাভৱান হ’ব৷ অন্য হাতে এই ৰাশিৰ জাতকৰ বাবে এই সময় শুভ৷ স্বাস্থ্যোন্নতি হ’ব এই ৰাশিৰ জাতকৰ৷
বৃষ ৰাশি
বৃষ ৰাশিত মিলিত হৈ ৰাজযোগ তৈয়াৰ কৰিব বুধ আৰু শুক্ৰই৷ কেৰিয়াৰত উন্নতি হ’ব৷ ব্যৱসায়ীসকলৰ বাবে এই সময় শুভ৷ ব্যৱসায়ত বিস্তাৰ হোৱাৰ সম্ভাৱনা আছে৷ পৰিয়ালত সুখ সমৃদ্ধিয়ে বাস কৰিব৷ পিতৃ-মাতৃৰ সৈতে সময় কটাব এই ৰাশিৰ জাতকে৷ দাম্পত্য জীৱনত সমস্যা দূৰ হ’ব৷ স্বামী-স্ত্ৰীৰ এজনে আনজনক সহায় কৰিব৷ চাকৰিয়াল জাতকৰ পদোন্নতি সম্ভৱ৷ দৰমহা বৃদ্ধি হ’ব পাৰে৷ আৰ্থিক পৰিস্থিতিও উন্নত হ’ব৷
কৰ্কট ৰাশি
বুধ আৰু শুক্ৰৰ সংযোগৰ ফলত কৰ্কট ৰাশিৰ জাতকে শুভ ফল পাব৷ আপোনাৰ কোষ্ঠীৰ আয় আৰু লাভৰ স্থানত এই সংযোগ তৈয়াৰ হ’ব৷ অসাধাৰণ হাৰত আয় বাঢ়িব কৰ্কট ৰাশিৰ জাতকৰ৷ ইয়াৰোপৰি লাভৰ নতুন নতুন উৎস পাব৷ চাকৰিত পদোন্নতি আৰু দৰমহা বৃদ্ধিৰ যোগ আছে৷ কেৰিয়াৰত উন্নতি কৰিব পাৰিব এই ৰাশিৰ জাতকে৷ পুৰণা লগ্নিৰ দ্বাৰাও লাভাম্বিত হ’ব৷ সন্তান সংক্ৰান্তিয় সু-সংবাদ লাভ কৰিব পাৰে৷
সিংহ ৰাশি
লক্ষ্মী নাৰায়ণ ৰাজযোগ সিংহ ৰাশিৰ জাতকৰ বাবে অনুকূল৷ আপোনাৰ ৰাশিৰ কৰ্মস্থানত এই যুঁটি তৈয়াৰ হ’ব৷ কেৰিয়াৰ আৰু ব্যৱসায়ত অসাধাৰণ সাফল্য লাভ কৰিব৷ আৰ্থিক পৰিস্থিতি মজবুত হ’ব৷ আয়ৰ নতুন উৎস তৈয়াৰ হ’ব৷ চাকৰিয়াল জাতকৰ পদোন্নতি৷ ইয়াৰোপৰি এই ৰাশিৰ বেকাৰ জাতকে নতুন চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷ চাকৰি আৰু ব্যৱসায়ত অসাধাৰণ সুযোগ পাব৷ পিতৃৰ সৈতে সম্পৰ্ক মজবুত হ’ব এই ৰাশিৰ জাতকৰ৷
কুম্ভ ৰাশি
জুনৰ আৰম্ভণিতেই শুভ সংবাদ পাব কুম্ভ ৰাশিৰ জাতকে৷ নতুন বাহন ক্ৰয় কৰিব পাৰে৷ কেৰিয়াৰৰ বাবে এই সময় অনুকূল৷ নতুন সুযোগ লাভ কৰিব পাৰে৷ চাকৰিয়াল জাতকৰ পদোন্নতি হ’ব পাৰে৷ পাৰিবাৰিক জীৱনৰ বাবে এই সময় শুভ৷ দাম্পত্য জীৱনৰ সমস্যা দূৰ হ’ব৷ জীৱনসংগীৰ কামত সহায় কৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ