মোবাইল বিস্ফোৰিত হৈ কামান্ডোৰ মৃত্যু। চাৰ্জত লগাই ফোনত কথা পতাটোৱেই কাল হ’ল কামাণ্ডো অমৰজ্যোতি টাইডৰ৷ মোবাইল ফোনেই প্ৰাণ কাঢ়িলে এজন ব্লেক কমাণ্ডোৰ। নিশা মোবাইল ফোন চাৰ্জত লগাই কথা পাতি থকা অৱস্থাতেই সংঘটিত হয় এই ঘটনা। মৃত জোৱানজন শিৱসাগৰৰ ডিমৌৰ লাইবিলৰ অমৰজ্যোতি টাইড। মাত্ৰ ডেৰ বছৰ পূৰ্বে চাকৰিত যোগদান কৰিছিল জোৱানজনে।
কাছাৰ জিলাৰ লোৱাৰবন্দত কৰ্মৰত আছিল কমাণ্ডো জোৱান অমৰজ্যোতি। মাত্ৰ ডেৰ বছৰ পূৰ্বে চাকৰিত যোগদান কৰা অমৰজ্যোতিয়ে হাইলাকান্দিত নিৰ্মীয়মান দ্বিতীয় কমাণ্ডো বেটেলিয়ন কেম্পত নিয়োজিত হৈছিল।ডিমৌ লাইবিলৰ প্ৰয়াত পুষ্প টাইড আৰু মাতৃ নাতেৰ টাইডৰ পুত্ৰ অমৰজোতি টাইড। নিশা মোবাইল চার্জত লগাই কথা পাতি থাকোতেই প্ৰচণ্ড শব্দ কৰি বিস্ফোৰণ হয় মোবাইল ফোনটো। লগে লগে অমৰজ্যোতিৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ