ডিঙিত দুপাট্টা, হাতত মেহেন্দী, ছুটকেছত উদ্ধাৰ কংগ্ৰেছ কৰ্মীৰ…
হাৰিয়ানাৰ পৌৰসভা নিৰ্বাচনৰ দিনা ৰোহটক দিল্লী ঘাইপথৰ ছাম্পলা বাছ ষ্টেণ্ডৰ সমীপত এগৰাকী মহিলা কংগ্ৰেছ কৰ্মীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে আলোড়নৰ সৃষ্টি হৈছে। প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপিন্দৰ সিং হুডাৰ দুৰ্গ ৰোহটকৰ মহিলা যুৱ কংগ্ৰেছ নেত্ৰী আছিল মৃতদেহ উদ্ধাৰ হোৱা মহিলাগৰাকী।
মৃত মহিলাগৰাকীৰ নাম হিমানী নাৰৱাল। দলৰ সৈতে ওতঃপ্ৰোতঃ বাৱে জড়িত থকাৰ লগতে অতি সক্ৰিয়ভাৱে কাম কৰিছিল হিমানী নাৰৱালে।
শুকুৰবাৰে ছাম্পলা বাছ ষ্টেণ্ডৰ সমীপত এটা বৃহৎ নীলা ছুটকেছত হিমানী নাৰৱালৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে তোলপাৰ লাগি যায় সকলোফালে। লগে লগে ছাম্পলা আৰক্ষী থানাকো ঘটনা সন্দৰ্ভত খবৰ কৰা হয়।
ছুটকেছৰ ভিতৰত উদ্ধাৰ হোৱা মৃতদেহটোৰ ডিঙিত দোপাট্টা এখন মেৰিয়াই থোৱা আছিল লগতে হাতত মেহেন্দী লগা আছিল।
হিন্দুস্তান টাইমছৰ এক প্ৰতিবেদন অনুসৰি ৰোহটকৰ সাংসদ দীপেন্দৰ হুদাকে ধৰি কেইবাজনো নেতাৰ ৰাজনৈতিক কাৰ্যসূচীত জড়িত আছিল হিমানী নৰৱাল।
কংগ্ৰেছৰ সমাৱেশ আৰু সামাজিক অনুষ্ঠানত হাৰিয়ানৱী লোকশিল্পীৰ সৈতে অনুষ্ঠান পৰিৱেশন কৰাৰ বাবে পৰিচিত আছিল হিমানী। কেৱল এয়াই নহয় ভাৰত জোড়ো যাত্ৰাৰ সময়ত ৰাহুল গান্ধীৰ সৈতেও হিমানীক দেখা গৈছিল।
পাছে এইদৰৰে এগৰাকী যুৱতীৰ মৃতদেহ হোৱাক লৈ তোলপাৰ লাগি আছে সকলোফালে। ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যখনৰ মহিলা কংগ্ৰেছকৰ্মী সকলেও এই ঘটনাৰ উচিত তদন্ত বিচাৰি প্ৰতিবাদ কৰিছে। এনে এক নৃশংস হত্যাকাণ্ডৰ অপৰাধীক বিচাৰি কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদাানৰো দাবী জনায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ