• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুখামুখিকৈ গালি পাৰিলেও ভিতৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ সৈতে সম্পৰ্ক ভাল! ৯০ দিনৰ পাছতেই সাংসদ হৈ দিল্লীলৈ যোৱাৰ পথ প্ৰশস্থ নেকি আনন্দ মিশ্ৰৰ?

মুখামুখিকৈ গালি পাৰিলেও ভিতৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ সৈতে সম্পৰ্ক ভাল! ৯০ দিনৰ পাছতেই সাংসদ হৈ দিল্লীলৈ যোৱাৰ পথ প্ৰশস্থ নেকি আনন্দ মিশ্ৰৰ?

3 years ago
RBI গৱৰ্ণৰে দিছে অৰ্থনৈতিক সতৰ্কবাণী, কিমান হৈছে ভাৰতৰ অৰ্থনীতিৰ উন্নতি?

RBI গৱৰ্ণৰে দিছে অৰ্থনৈতিক সতৰ্কবাণী, কিমান হৈছে ভাৰতৰ অৰ্থনীতিৰ উন্নতি?

6 minutes ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

Gold Silver Price Today: হোৰাহোৰে কমিছে সোণ-ৰূপৰ মূল্য, একেদিনাই ৫,০০০ টকা পৰ্যন্ত হ্ৰাস

1 hour ago
‘ৰাষ্ট্ৰ বিৰোধী বিষয়বস্তু দেখুওৱাৰ পৰা বিৰত থাকক’, টিভি চেনেলসমূহক সকীয়াই দিলে কেন্দ্ৰই

‘ৰাষ্ট্ৰ বিৰোধী বিষয়বস্তু দেখুওৱাৰ পৰা বিৰত থাকক’, টিভি চেনেলসমূহক সকীয়াই দিলে কেন্দ্ৰই

2 hours ago
সৰু সৰু কথা পাহৰি যোৱা অভ্যাস? লক্ষণ দেখাৰ পূৰ্বে হওক সাৱধান

সৰু সৰু কথা পাহৰি যোৱা অভ্যাস? লক্ষণ দেখাৰ পূৰ্বে হওক সাৱধান

3 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

মাহেকীয়াৰ ভয়ংকৰ পেটৰ বিষ? সহজ উপায়েৰে কৰক দূৰ

4 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ, জানক কোন কোন ৰাশি আছে তালিকাত

5 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

আজি ভাগ্যই দেখুৱাব ৰং! কেনে যাব ১২ ৰাশিৰ দিনটো?

5 hours ago
সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

17 hours ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

ধন-সম্পত্তিৰ পৰা প্ৰেমলৈ, কাইলৈৰ দিনটোত ভাগ্যৱান এইকেইটা ৰাশি?

17 hours ago
দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

17 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

২২ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো? ১২টা ৰাশিৰ ভাগ্যফল পঢ়ক

18 hours ago
হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

ধনেৰাচৰ পূৰ্বে হ্ৰাস সোণৰ মূল্য, গুৱাহাটীত কিমান দৰত ক্ৰয় কৰিব আপুনি?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মুখামুখিকৈ গালি পাৰিলেও ভিতৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ সৈতে সম্পৰ্ক ভাল! ৯০ দিনৰ পাছতেই সাংসদ হৈ দিল্লীলৈ যোৱাৰ পথ প্ৰশস্থ নেকি আনন্দ মিশ্ৰৰ?

editor by editor
December 28, 2023
in অসম, গুৱাহাটী, বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
মুখামুখিকৈ গালি পাৰিলেও ভিতৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ সৈতে সম্পৰ্ক ভাল! ৯০ দিনৰ পাছতেই সাংসদ হৈ দিল্লীলৈ যোৱাৰ পথ প্ৰশস্থ নেকি আনন্দ মিশ্ৰৰ?
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অসমৰ মৰমে টানিলেও অসম এৰিবলৈ টালি-টোপোলা সাঁজু কৰিছে আনন্দ মিশ্ৰই। অসমত থাকি অসমীয়াৰ প্ৰেমত পৰিলেও মাদাৰলেণ্ড অলৱেইছ বি মাদাৰলেণ্ড। জন্মভুমিৰ প্ৰতি আপোনাৰ মোৰ যেনেদৰে ভালপোৱা আছে এই ভালপোৱা বিহাৰৰ প্ৰতি আছে আনন্দ মিশ্ৰৰো। ছিভিল ছাৰ্ভিছৰ লোভনীয় চাকৰিতকৈ মাতৃভূমিৰ আৱেগ পৃথক। অসম এৰিবলৈ গৈ আৱেগিক আনন্দ মিশ্ৰৰ কথাতেই পোৱা গৈছে কেইবাটাও কথাৰ উমান। ইতিমধ্যে তেওঁ পদত্যাগৰ পত্ৰ প্ৰেৰণ কৰিছে। এছ পি সকলে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিব নোৱাৰাৰ নিয়ম ভাঙি আনন্দ মিশ্ৰই সকলোকে আৱেগিক কৰি কৰিছে কেইবাটাও মন্তব্য।

আনন্দ মিশ্ৰই ১৮ ডিচেম্বৰত দাখিল কৰা পদত্যাগ পত্ৰক লৈ এতিয়া ৰাজ্যজুৰি হৈ-চৈ লাগিছে। এনেও আৱেগিক বুলি টেগ এটা অসমবাসীয়ে কঢ়িয়াইয়ে থাকে। তেনে সময়তেই অসমত বিগত সময়ছোৱাত খুবেই জনপ্ৰিয় হৈ হিয়াৰ কোণত ঠাই লোৱা বিশেষ ব্যক্তিজন যাবগৈ। এই কথাত আৱেগিক নোহোৱাৰ জানো কিবা প্ৰশ্ন থাকিব পাৰে!

এই চৰ্তহীন পদত্যাগ আঁৰত কি আছে?
লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষকৰ দায়িত্বভাৰ সামৰি থকা আনন্দ মিশ্ৰই আৰক্ষী সঞ্চালক প্ৰধানলৈ প্ৰেৰণ কৰা পত্ৰত এটা কথা স্পষ্টকৈয়ে লিখিছে যে, তেওঁৰ এই পদত্যাগ চৰ্তহীন। স্বাধীনভাৱে কাম কৰাৰ ইচ্ছাৰে, স্বাধীন জীৱনৰ পৰিকল্পনাৰেই এই পদত্যাগ পত্ৰ প্ৰেৰণ কৰা বুলিও জনাইছে আনন্দ মিশ্ৰই। মাজুলীত সংবাদ মাধ্যমৰ সন্মুখত দিয়া মন্তব্যত আনন্দ মিশ্ৰই বাৰে বাৰে কৈছে, ‘কাম কৰিবলৈ অসমৰ নিচিনা ভাল ঠাই ক’তোৱেই নাই। ইয়াত মোক ইমান মৰম, সন্মান দিছে মই কেতিয়াও পাহৰিব নোৱাৰিম। অসমখন মোৰ সচাঁকেয়ে বৰ মৰমৰ। ভৱিষ্যতৰ কথা কোনেও নাজানে। কিন্তু সমাজৰ বাবে আৰু মোৰ গাঁওখনৰ বাবে কিবা এটা কৰাৰ মানসেৰে মই এই সিদ্ধান্ত গ্ৰহণ কৰিছো। এতিয়া সামাজিক কাম কৰিম ক’লে বহুতেই পলিটিক্স কৰাৰ কথাই ইয়াৰ মাজলৈ টানি আনে। মোৰ মাতৃভূমিত মই আইপিএছ হৈয়ো একো কৰিব পৰা নাই। মই তাৰ পৰা আইপিএছ হ’লেও আজিও মোৰ গাঁৱত স্কুলৰ অভাৱ, খোৱাপানীৰ অভাৱ আদিবোৰ সমস্যা সমাধানৰ বাবে কাম কৰিম। মোৰ সৰু পৰিয়ালটোৰ সৈতে সময় কটাম। এতিয়ালৈকে এয়াই ভাৱি আছো!

উল্লেখ্য যে, অসমত আৰু মাত্ৰ ২০দিন থাকিব আনন্দ মিশ্ৰ। কেইবাবছৰ ধৰি অসমৰ ধুবুৰী, নগাওঁ তাৰপিছত লখিমপুৰত সেৱা আগবঢ়োৱা আনন্দ মিশ্ৰই নিজৰ কামৰ মাজেৰে অসমত অভূতপূৰ্ব সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। অসমৰ লোকেও তেওঁৰ কামৰ বিনিময়ত দিয়া আন্তৰিকতা মৰমৰ কথাবোৰ সোঁৱৰি বিদায় পৰত অসমক লৈ যথেষ্ট আৱেগিকো হৈ পৰিছে আনন্দ মিশ্ৰ। ২৭ ডিচেম্বৰত মাজুলীত মোহন ভাগৱতো আহিছে। মোহন ভাগৱত অহাৰ পৰতেই তেওঁক মাজুলিত দেখি একাংশই ৰাজনৈতিক অংক থকাৰ কথাটোতো প্ৰায় নিশ্চিত হৈ পৰিছে।

আনন্দ মিশ্ৰক ৰাজনীতিলৈ অনা মানুহজন হিমন্ত বিশ্ব শৰ্মা!

বৰ্তমান অসমত থকা আৰ এছ এছ প্ৰধান মোহন ভাগৱতক ২৮ ডিচেম্বৰত সাক্ষাৎ কৰিব আনন্দ মিশ্ৰই। ইতিমধ্যে সাক্ষাতৰ বাবে সময় দিছে মোহন ভাগৱতেও। মুঠৰ ওপৰত প্ৰশাসনিক সেৱাৰ পাছত এইবাৰ ৰাজনীতিতো অতি সুপৰিকল্পিতভাৱে খোজ দিব বিচৰা আনন্দ মিশ্ৰক ৰাজনৈতিক ক্ষেত্ৰলৈ অনাৰ বাবে সকলো পৰিকল্পনাৰ আঁৰত বহুতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাত থকাৰ কথাও চৰ্চা চলাইছে।

দেশৰ ৰাজনীতিত আমূল পৰিৱৰ্তন আনিবলৈ আনন্দ মিশ্ৰ বিজেপিলৈ গমন কৰাটো প্ৰায় ১০০শতাংশ নিশ্চিত হৈছে। সামাজিক আৰু ব্যক্তিগত কামবোৰ স্বাধীনচিতীয়াকৈ আগবঢ়াই নিয়াৰ উদ্দেশ্যৰে প্ৰশাসনিক সেৱাৰ চাকৰিৰ পৰা অব্যাহতি বিচৰা আনন্দ মিশ্ৰই বিহাৰৰ বক্সাৰ লোকসভা সমষ্টিৰ পৰা টিকট লাভ কৰাটোও প্ৰায় নিশ্চিত হৈছে। পিছে ২০২৪ৰ ১৬জানুৱাৰীত চাকৰিৰ পৰা অব্যাহতি বিচৰা আনন্দ মিশ্ৰই কেতিয়া বিজেপিত যোগদান কৰিব? আনন্দ মিশ্ৰই শেহতীয়াকৈ জনোৱামতে, চাকৰিৰ পৰা অব্যাহতি লোৱাৰ পাছতে পিছৰ কাৰ্যপন্থা গ্ৰহণ কৰা হ’ব।

একাংশ সূত্ৰই প্ৰকাশ কৰামতে, বহুদিনৰে পৰাই আনন্দ মিশ্ৰই বিজেপিৰ ৰাষ্ট্ৰীয় শীৰ্ষ নেতৃত্বৰ সৈতে যোগাযোগত আছে। দিল্লীত একাধিকবাৰ বিজেপিৰ নেতৃত্বৰ সৈতে আলোচনাত মিলিত হৈছে আনন্দ মিশ্ৰ। এসপ্তাহৰ আগতেও দিল্লীত বহুকেইদিন বাহৰ পাতি আছিল আনন্দ মিশ্ৰই। আনন্দ মিশ্ৰৰ নতুন ৰাজনৈতিক যাত্ৰাত সহায় কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও। দুৰ্গা পূজাৰ পাছতে হিমন্ত বিশ্ব শৰ্মাক লগ ধৰি আনন্দ মিশ্ৰই ৰাজনৈতিক যাত্ৰাৰ সন্দৰ্ভত অৱগত কৰিছিল বুলিও সূত্ৰটোৱে প্ৰকাশ কৰিছে।

আনন্দ মিশ্ৰৰ কথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকো কৈছিল অসমৰ মুখ্যমন্ত্ৰী ড০ শৰ্মাই। আনন্দ মিশ্ৰৰ ভাল ফীডবেক আছে বুলি অমিত শ্বাহক জনোৱাৰ লগতে সমাজৰ হিতৰ বাবে কাম কৰাৰ প্ৰৱল ইচ্ছা আছে বুলিও কৈছিল। আনন্দ মিশ্ৰই বিজেপিৰ গমনৰ সন্দৰ্ভত এতিয়ালৈকে কোনো কথাই প্ৰকাশ কৰা নাই যদিও সাংবাদিকে সোধা প্ৰশ্নত পোনপটীয়াকৈ না বুলিও কোৱা নাই।

আনন্দ মিশ্ৰই নিৰ্বাচন খেলিব লগা বক্সাৰ লোকসভা সমষ্টিটো বৰ্তমান বিজেপিৰ দখলতে আছে। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী চুবে সাংসদ হৈ থকা সমষ্টিটোত ইতিমধ্যে আওপকীয়াকৈ প্ৰচাৰ আৰম্ভ কৰিছে আনন্দ মিশ্ৰই। ২০১৪ আৰু ২০১৯ৰ লোকসভা নিৰ্বাচনত বহু ভোটৰ ব্যৱধানত জয়ী হৈছিল অশ্বিনী চুবে। ১৯৯৬চনৰ পৰা ধাৰাবাহিকভাৱে এই সমষ্টিটোত বিজেপিয়ে দখলত ৰাখিছিল যদিও ২০০৯চনত আৰ জে ডিৰ জগতানন্দ সিং সমষ্টিটোত জয়ী হৈছিল। তাৰ পাছতে পুনৰ দুবাৰকৈ এই সমষ্টিটোত অশ্বিনী চুবে সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। আগন্তুক ২০ দিনত অসম ত্যাগ কৰিব পৰা আনন্দ মিশ্ৰৰ হাতত নিৰ্বাচনলৈকে হাতত আছে মাত্ৰ ৯০ দিন। এই ৯০ দিনত প্ৰচাৰ চলাই বক্সাৰ সমষ্টিটোৰ পৰাই ২০২৪ত নিৰ্বাচন খেলাৰ মন মেলিছে আই পি এছ আনন্দ মিশ্ৰই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

RBI গৱৰ্ণৰে দিছে অৰ্থনৈতিক সতৰ্কবাণী, কিমান হৈছে ভাৰতৰ অৰ্থনীতিৰ উন্নতি?
বাণিজ্য

RBI গৱৰ্ণৰে দিছে অৰ্থনৈতিক সতৰ্কবাণী, কিমান হৈছে ভাৰতৰ অৰ্থনীতিৰ উন্নতি?

October 22, 2026
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?
বাণিজ্য

Gold Silver Price Today: হোৰাহোৰে কমিছে সোণ-ৰূপৰ মূল্য, একেদিনাই ৫,০০০ টকা পৰ্যন্ত হ্ৰাস

October 22, 2026
‘ৰাষ্ট্ৰ বিৰোধী বিষয়বস্তু দেখুওৱাৰ পৰা বিৰত থাকক’, টিভি চেনেলসমূহক সকীয়াই দিলে কেন্দ্ৰই
ভাৰত

‘ৰাষ্ট্ৰ বিৰোধী বিষয়বস্তু দেখুওৱাৰ পৰা বিৰত থাকক’, টিভি চেনেলসমূহক সকীয়াই দিলে কেন্দ্ৰই

October 22, 2026
সৰু সৰু কথা পাহৰি যোৱা অভ্যাস? লক্ষণ দেখাৰ পূৰ্বে হওক সাৱধান
জীৱনশৈলী

সৰু সৰু কথা পাহৰি যোৱা অভ্যাস? লক্ষণ দেখাৰ পূৰ্বে হওক সাৱধান

October 22, 2026
Next Post
নাৰী নহয় নাড়ী দোষৰ কাৰণেহে তছনছ হয় দাম্পত্য জীৱন! মুক্তিৰ উপায় জানি থওক অন্যথা বিপদ বাঢ়িব পাৰে আপোনাৰ

নাৰী নহয় নাড়ী দোষৰ কাৰণেহে তছনছ হয় দাম্পত্য জীৱন! মুক্তিৰ উপায় জানি থওক অন্যথা বিপদ বাঢ়িব পাৰে আপোনাৰ

Delete Incognito History: Incognitoৰ পৰাও ভাইৰেল হয় তথ্য! চাৰ্ছ হিষ্ট্ৰী ডিলিট কৰক ১ মিনিটত, আছে এই পদ্ধতি

Delete Incognito History: Incognitoৰ পৰাও ভাইৰেল হয় তথ্য! চাৰ্ছ হিষ্ট্ৰী ডিলিট কৰক ১ মিনিটত, আছে এই পদ্ধতি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.