• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুখামুখিকৈ গালি পাৰিলেও ভিতৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ সৈতে সম্পৰ্ক ভাল! ৯০ দিনৰ পাছতেই সাংসদ হৈ দিল্লীলৈ যোৱাৰ পথ প্ৰশস্থ নেকি আনন্দ মিশ্ৰৰ?

মুখামুখিকৈ গালি পাৰিলেও ভিতৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ সৈতে সম্পৰ্ক ভাল! ৯০ দিনৰ পাছতেই সাংসদ হৈ দিল্লীলৈ যোৱাৰ পথ প্ৰশস্থ নেকি আনন্দ মিশ্ৰৰ?

2 years ago
খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই

খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই

12 hours ago
শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত

শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত

12 hours ago
কূটনীতিত অপৰাজেয়, এই ৩ মূল্যাংকৰ জাতকক চিনি থলে লাভ আপোনাৰেই

কূটনীতিত অপৰাজেয়, এই ৩ মূল্যাংকৰ জাতকক চিনি থলে লাভ আপোনাৰেই

13 hours ago
প্ৰতিমাহে ১০,০০০ টকা সুদ পাবলৈ হ’লে কিমান টকাৰ FD কৰিব লাগিব?

প্ৰতিমাহে ১০,০০০ টকা সুদ পাবলৈ হ’লে কিমান টকাৰ FD কৰিব লাগিব?

14 hours ago
২৫ মে পৰ্যন্ত থাকিব কালসৰ্প যোগ,ভয় নাই, এই সময়ৰ ভিতৰত প্ৰচুৰ অৰ্থলাভ হ’ব ৫ৰাশিৰ

২৫ মে পৰ্যন্ত থাকিব কালসৰ্প যোগ,ভয় নাই, এই সময়ৰ ভিতৰত প্ৰচুৰ অৰ্থলাভ হ’ব ৫ৰাশিৰ

14 hours ago
২০ বছৰত কোটিপতি হ’বই, SIP ত কিমান টকা ইনভেষ্ট কৰিলে এয়া সম্ভৱ হ’ব?

২০ বছৰত কোটিপতি হ’বই, SIP ত কিমান টকা ইনভেষ্ট কৰিলে এয়া সম্ভৱ হ’ব?

15 hours ago
কৃত্তিকা নক্ষত্ৰত মঙ্গলৰ এন্ট্ৰি, জুনৰ পৰা জুলাইলৈকে অৰ্থৰ চিন্তা নাই, কেৰিয়াৰতো অগ্ৰগতিৰ যোগ এই ৪ৰাশিৰ

কৃত্তিকা নক্ষত্ৰত মঙ্গলৰ এন্ট্ৰি, জুনৰ পৰা জুলাইলৈকে অৰ্থৰ চিন্তা নাই, কেৰিয়াৰতো অগ্ৰগতিৰ যোগ এই ৪ৰাশিৰ

15 hours ago
জ্যোতিষীক OSD কৰাৰ সিদ্ধান্ত লৈ আকৌ বিতৰ্কত মুখ্যমন্ত্ৰী বিজয়, কোন এই জ্যোতিষী ৰিকি ৰাধন পণ্ডিত? তেওঁৰ প্ৰভাৱৰ বিষয়ে জানি থওক

জ্যোতিষীক OSD কৰাৰ সিদ্ধান্ত লৈ আকৌ বিতৰ্কত মুখ্যমন্ত্ৰী বিজয়, কোন এই জ্যোতিষী ৰিকি ৰাধন পণ্ডিত? তেওঁৰ প্ৰভাৱৰ বিষয়ে জানি থওক

16 hours ago
আধালৈ কমাই অনা হ’ব প্ৰধানমন্ত্ৰীৰ কনভয়ৰ বাহন! প্ৰধানমন্ত্ৰী মোদীৰ কনভয়ত কেইখন বাহন থাকে?

আধালৈ কমাই অনা হ’ব প্ৰধানমন্ত্ৰীৰ কনভয়ৰ বাহন! প্ৰধানমন্ত্ৰী মোদীৰ কনভয়ত কেইখন বাহন থাকে?

16 hours ago
এদিনতেই বুধ-শুক্ৰ ২ গ্ৰহৰ ৰাশি পৰিবৰ্তন, উন্নতিৰ যোগ আছে কোন কোন ৰাশিৰ জাতক-জাতিকাৰ?

এদিনতেই বুধ-শুক্ৰ ২ গ্ৰহৰ ৰাশি পৰিবৰ্তন, উন্নতিৰ যোগ আছে কোন কোন ৰাশিৰ জাতক-জাতিকাৰ?

16 hours ago
শনিৰ সৈতে ৯০ ডিগ্ৰী কোণলৈ আহিব বুধ, কেন্দ্ৰ দৃষ্টি যোগত এমাহ পাছতেই টকাৰ বৃষ্টি ৪ৰাশিত

শনিৰ সৈতে ৯০ ডিগ্ৰী কোণলৈ আহিব বুধ, কেন্দ্ৰ দৃষ্টি যোগত এমাহ পাছতেই টকাৰ বৃষ্টি ৪ৰাশিত

17 hours ago
ছোৱালীয়েও পাব সম্পত্তিৰ সম্পূৰ্ণ অধিকাৰ, নাথাকিব লীভ ইন ৰিলেশ্ব্যনশ্বিপ, UCC আহিলে নতুন কি কি নিয়ম বলবৎ হ’ব ৰাজ্যত?

ছোৱালীয়েও পাব সম্পত্তিৰ সম্পূৰ্ণ অধিকাৰ, নাথাকিব লীভ ইন ৰিলেশ্ব্যনশ্বিপ, UCC আহিলে নতুন কি কি নিয়ম বলবৎ হ’ব ৰাজ্যত?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মুখামুখিকৈ গালি পাৰিলেও ভিতৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ সৈতে সম্পৰ্ক ভাল! ৯০ দিনৰ পাছতেই সাংসদ হৈ দিল্লীলৈ যোৱাৰ পথ প্ৰশস্থ নেকি আনন্দ মিশ্ৰৰ?

editor by editor
December 28, 2023
in অসম, গুৱাহাটী, বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
মুখামুখিকৈ গালি পাৰিলেও ভিতৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ সৈতে সম্পৰ্ক ভাল! ৯০ দিনৰ পাছতেই সাংসদ হৈ দিল্লীলৈ যোৱাৰ পথ প্ৰশস্থ নেকি আনন্দ মিশ্ৰৰ?
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অসমৰ মৰমে টানিলেও অসম এৰিবলৈ টালি-টোপোলা সাঁজু কৰিছে আনন্দ মিশ্ৰই। অসমত থাকি অসমীয়াৰ প্ৰেমত পৰিলেও মাদাৰলেণ্ড অলৱেইছ বি মাদাৰলেণ্ড। জন্মভুমিৰ প্ৰতি আপোনাৰ মোৰ যেনেদৰে ভালপোৱা আছে এই ভালপোৱা বিহাৰৰ প্ৰতি আছে আনন্দ মিশ্ৰৰো। ছিভিল ছাৰ্ভিছৰ লোভনীয় চাকৰিতকৈ মাতৃভূমিৰ আৱেগ পৃথক। অসম এৰিবলৈ গৈ আৱেগিক আনন্দ মিশ্ৰৰ কথাতেই পোৱা গৈছে কেইবাটাও কথাৰ উমান। ইতিমধ্যে তেওঁ পদত্যাগৰ পত্ৰ প্ৰেৰণ কৰিছে। এছ পি সকলে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিব নোৱাৰাৰ নিয়ম ভাঙি আনন্দ মিশ্ৰই সকলোকে আৱেগিক কৰি কৰিছে কেইবাটাও মন্তব্য।

আনন্দ মিশ্ৰই ১৮ ডিচেম্বৰত দাখিল কৰা পদত্যাগ পত্ৰক লৈ এতিয়া ৰাজ্যজুৰি হৈ-চৈ লাগিছে। এনেও আৱেগিক বুলি টেগ এটা অসমবাসীয়ে কঢ়িয়াইয়ে থাকে। তেনে সময়তেই অসমত বিগত সময়ছোৱাত খুবেই জনপ্ৰিয় হৈ হিয়াৰ কোণত ঠাই লোৱা বিশেষ ব্যক্তিজন যাবগৈ। এই কথাত আৱেগিক নোহোৱাৰ জানো কিবা প্ৰশ্ন থাকিব পাৰে!

এই চৰ্তহীন পদত্যাগ আঁৰত কি আছে?
লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষকৰ দায়িত্বভাৰ সামৰি থকা আনন্দ মিশ্ৰই আৰক্ষী সঞ্চালক প্ৰধানলৈ প্ৰেৰণ কৰা পত্ৰত এটা কথা স্পষ্টকৈয়ে লিখিছে যে, তেওঁৰ এই পদত্যাগ চৰ্তহীন। স্বাধীনভাৱে কাম কৰাৰ ইচ্ছাৰে, স্বাধীন জীৱনৰ পৰিকল্পনাৰেই এই পদত্যাগ পত্ৰ প্ৰেৰণ কৰা বুলিও জনাইছে আনন্দ মিশ্ৰই। মাজুলীত সংবাদ মাধ্যমৰ সন্মুখত দিয়া মন্তব্যত আনন্দ মিশ্ৰই বাৰে বাৰে কৈছে, ‘কাম কৰিবলৈ অসমৰ নিচিনা ভাল ঠাই ক’তোৱেই নাই। ইয়াত মোক ইমান মৰম, সন্মান দিছে মই কেতিয়াও পাহৰিব নোৱাৰিম। অসমখন মোৰ সচাঁকেয়ে বৰ মৰমৰ। ভৱিষ্যতৰ কথা কোনেও নাজানে। কিন্তু সমাজৰ বাবে আৰু মোৰ গাঁওখনৰ বাবে কিবা এটা কৰাৰ মানসেৰে মই এই সিদ্ধান্ত গ্ৰহণ কৰিছো। এতিয়া সামাজিক কাম কৰিম ক’লে বহুতেই পলিটিক্স কৰাৰ কথাই ইয়াৰ মাজলৈ টানি আনে। মোৰ মাতৃভূমিত মই আইপিএছ হৈয়ো একো কৰিব পৰা নাই। মই তাৰ পৰা আইপিএছ হ’লেও আজিও মোৰ গাঁৱত স্কুলৰ অভাৱ, খোৱাপানীৰ অভাৱ আদিবোৰ সমস্যা সমাধানৰ বাবে কাম কৰিম। মোৰ সৰু পৰিয়ালটোৰ সৈতে সময় কটাম। এতিয়ালৈকে এয়াই ভাৱি আছো!

উল্লেখ্য যে, অসমত আৰু মাত্ৰ ২০দিন থাকিব আনন্দ মিশ্ৰ। কেইবাবছৰ ধৰি অসমৰ ধুবুৰী, নগাওঁ তাৰপিছত লখিমপুৰত সেৱা আগবঢ়োৱা আনন্দ মিশ্ৰই নিজৰ কামৰ মাজেৰে অসমত অভূতপূৰ্ব সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। অসমৰ লোকেও তেওঁৰ কামৰ বিনিময়ত দিয়া আন্তৰিকতা মৰমৰ কথাবোৰ সোঁৱৰি বিদায় পৰত অসমক লৈ যথেষ্ট আৱেগিকো হৈ পৰিছে আনন্দ মিশ্ৰ। ২৭ ডিচেম্বৰত মাজুলীত মোহন ভাগৱতো আহিছে। মোহন ভাগৱত অহাৰ পৰতেই তেওঁক মাজুলিত দেখি একাংশই ৰাজনৈতিক অংক থকাৰ কথাটোতো প্ৰায় নিশ্চিত হৈ পৰিছে।

আনন্দ মিশ্ৰক ৰাজনীতিলৈ অনা মানুহজন হিমন্ত বিশ্ব শৰ্মা!

বৰ্তমান অসমত থকা আৰ এছ এছ প্ৰধান মোহন ভাগৱতক ২৮ ডিচেম্বৰত সাক্ষাৎ কৰিব আনন্দ মিশ্ৰই। ইতিমধ্যে সাক্ষাতৰ বাবে সময় দিছে মোহন ভাগৱতেও। মুঠৰ ওপৰত প্ৰশাসনিক সেৱাৰ পাছত এইবাৰ ৰাজনীতিতো অতি সুপৰিকল্পিতভাৱে খোজ দিব বিচৰা আনন্দ মিশ্ৰক ৰাজনৈতিক ক্ষেত্ৰলৈ অনাৰ বাবে সকলো পৰিকল্পনাৰ আঁৰত বহুতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাত থকাৰ কথাও চৰ্চা চলাইছে।

দেশৰ ৰাজনীতিত আমূল পৰিৱৰ্তন আনিবলৈ আনন্দ মিশ্ৰ বিজেপিলৈ গমন কৰাটো প্ৰায় ১০০শতাংশ নিশ্চিত হৈছে। সামাজিক আৰু ব্যক্তিগত কামবোৰ স্বাধীনচিতীয়াকৈ আগবঢ়াই নিয়াৰ উদ্দেশ্যৰে প্ৰশাসনিক সেৱাৰ চাকৰিৰ পৰা অব্যাহতি বিচৰা আনন্দ মিশ্ৰই বিহাৰৰ বক্সাৰ লোকসভা সমষ্টিৰ পৰা টিকট লাভ কৰাটোও প্ৰায় নিশ্চিত হৈছে। পিছে ২০২৪ৰ ১৬জানুৱাৰীত চাকৰিৰ পৰা অব্যাহতি বিচৰা আনন্দ মিশ্ৰই কেতিয়া বিজেপিত যোগদান কৰিব? আনন্দ মিশ্ৰই শেহতীয়াকৈ জনোৱামতে, চাকৰিৰ পৰা অব্যাহতি লোৱাৰ পাছতে পিছৰ কাৰ্যপন্থা গ্ৰহণ কৰা হ’ব।

একাংশ সূত্ৰই প্ৰকাশ কৰামতে, বহুদিনৰে পৰাই আনন্দ মিশ্ৰই বিজেপিৰ ৰাষ্ট্ৰীয় শীৰ্ষ নেতৃত্বৰ সৈতে যোগাযোগত আছে। দিল্লীত একাধিকবাৰ বিজেপিৰ নেতৃত্বৰ সৈতে আলোচনাত মিলিত হৈছে আনন্দ মিশ্ৰ। এসপ্তাহৰ আগতেও দিল্লীত বহুকেইদিন বাহৰ পাতি আছিল আনন্দ মিশ্ৰই। আনন্দ মিশ্ৰৰ নতুন ৰাজনৈতিক যাত্ৰাত সহায় কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও। দুৰ্গা পূজাৰ পাছতে হিমন্ত বিশ্ব শৰ্মাক লগ ধৰি আনন্দ মিশ্ৰই ৰাজনৈতিক যাত্ৰাৰ সন্দৰ্ভত অৱগত কৰিছিল বুলিও সূত্ৰটোৱে প্ৰকাশ কৰিছে।

আনন্দ মিশ্ৰৰ কথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকো কৈছিল অসমৰ মুখ্যমন্ত্ৰী ড০ শৰ্মাই। আনন্দ মিশ্ৰৰ ভাল ফীডবেক আছে বুলি অমিত শ্বাহক জনোৱাৰ লগতে সমাজৰ হিতৰ বাবে কাম কৰাৰ প্ৰৱল ইচ্ছা আছে বুলিও কৈছিল। আনন্দ মিশ্ৰই বিজেপিৰ গমনৰ সন্দৰ্ভত এতিয়ালৈকে কোনো কথাই প্ৰকাশ কৰা নাই যদিও সাংবাদিকে সোধা প্ৰশ্নত পোনপটীয়াকৈ না বুলিও কোৱা নাই।

আনন্দ মিশ্ৰই নিৰ্বাচন খেলিব লগা বক্সাৰ লোকসভা সমষ্টিটো বৰ্তমান বিজেপিৰ দখলতে আছে। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী চুবে সাংসদ হৈ থকা সমষ্টিটোত ইতিমধ্যে আওপকীয়াকৈ প্ৰচাৰ আৰম্ভ কৰিছে আনন্দ মিশ্ৰই। ২০১৪ আৰু ২০১৯ৰ লোকসভা নিৰ্বাচনত বহু ভোটৰ ব্যৱধানত জয়ী হৈছিল অশ্বিনী চুবে। ১৯৯৬চনৰ পৰা ধাৰাবাহিকভাৱে এই সমষ্টিটোত বিজেপিয়ে দখলত ৰাখিছিল যদিও ২০০৯চনত আৰ জে ডিৰ জগতানন্দ সিং সমষ্টিটোত জয়ী হৈছিল। তাৰ পাছতে পুনৰ দুবাৰকৈ এই সমষ্টিটোত অশ্বিনী চুবে সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। আগন্তুক ২০ দিনত অসম ত্যাগ কৰিব পৰা আনন্দ মিশ্ৰৰ হাতত নিৰ্বাচনলৈকে হাতত আছে মাত্ৰ ৯০ দিন। এই ৯০ দিনত প্ৰচাৰ চলাই বক্সাৰ সমষ্টিটোৰ পৰাই ২০২৪ত নিৰ্বাচন খেলাৰ মন মেলিছে আই পি এছ আনন্দ মিশ্ৰই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত
জীৱনশৈলী

শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত

May 13, 2026
কূটনীতিত অপৰাজেয়, এই ৩ মূল্যাংকৰ জাতকক চিনি থলে লাভ আপোনাৰেই
জীৱনশৈলী

কূটনীতিত অপৰাজেয়, এই ৩ মূল্যাংকৰ জাতকক চিনি থলে লাভ আপোনাৰেই

May 13, 2026
২০ বছৰত কোটিপতি হ’বই, SIP ত কিমান টকা ইনভেষ্ট কৰিলে এয়া সম্ভৱ হ’ব?
জীৱনশৈলী

২০ বছৰত কোটিপতি হ’বই, SIP ত কিমান টকা ইনভেষ্ট কৰিলে এয়া সম্ভৱ হ’ব?

May 13, 2026
জ্যোতিষীক OSD কৰাৰ সিদ্ধান্ত লৈ আকৌ বিতৰ্কত মুখ্যমন্ত্ৰী বিজয়, কোন এই জ্যোতিষী ৰিকি ৰাধন পণ্ডিত? তেওঁৰ প্ৰভাৱৰ বিষয়ে জানি থওক
জীৱনশৈলী

জ্যোতিষীক OSD কৰাৰ সিদ্ধান্ত লৈ আকৌ বিতৰ্কত মুখ্যমন্ত্ৰী বিজয়, কোন এই জ্যোতিষী ৰিকি ৰাধন পণ্ডিত? তেওঁৰ প্ৰভাৱৰ বিষয়ে জানি থওক

May 13, 2026
Next Post
নাৰী নহয় নাড়ী দোষৰ কাৰণেহে তছনছ হয় দাম্পত্য জীৱন! মুক্তিৰ উপায় জানি থওক অন্যথা বিপদ বাঢ়িব পাৰে আপোনাৰ

নাৰী নহয় নাড়ী দোষৰ কাৰণেহে তছনছ হয় দাম্পত্য জীৱন! মুক্তিৰ উপায় জানি থওক অন্যথা বিপদ বাঢ়িব পাৰে আপোনাৰ

Delete Incognito History: Incognitoৰ পৰাও ভাইৰেল হয় তথ্য! চাৰ্ছ হিষ্ট্ৰী ডিলিট কৰক ১ মিনিটত, আছে এই পদ্ধতি

Delete Incognito History: Incognitoৰ পৰাও ভাইৰেল হয় তথ্য! চাৰ্ছ হিষ্ট্ৰী ডিলিট কৰক ১ মিনিটত, আছে এই পদ্ধতি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.