২৪ ঘন্টাৰ বাবে দেশৰ দ্বিতীয় ৰাজধানীলৈ পৰিণত হ’ব গুৱাহাটী মহানগৰী। কাইলৈ খানাপাৰাত অনুষ্ঠিত হ’ব শপতগ্ৰহণ অনুষ্ঠান। তৃতীয়বাৰৰ বাবে বিজেপিয়ে চৰকাৰ গঠন কৰিব ৰাজ্যত। ১২ মে’ৰ দিনটো এতিয়া ঐতিহাসিক হ’বলৈ গৈ আছে। কাইলৈ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব হিমন্ত বিশ্ব শৰ্মাই। এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আজিয়েই অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী, গৃহমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী, বিদেশী ৰাষ্ট্ৰ ৰাষ্ট্ৰদূত আৰু অসমৰ বিভিন্ন জিলাৰ পৰা সত্ৰাধিকাৰ । নিশা ১০ বজাত গুৱাহাটী পাব গৃহমন্ত্ৰী অমিত শ্বাহৰ বিমান। তেওঁ অহাৰ উপৰিও অসমলৈ আহিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, উপস্থিত থাকিব ৰাষ্ট্ৰীয় বিজেপিৰ সভাপতি নীতিন নবীন আৰু সন্ধিয়া ৭বজাৰ বিশেষ বিমানেৰে গুৱাহাটী পাবহি শিৱৰাজ সিং চৌহান।
ইতিমধ্যে অসমত বাহৰ পাতিছে কেবিনেট মন্ত্ৰী জে পি নাড্ডাই। কাইলৈ অনুষ্ঠিত হ’বলগীয়া শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব দেশৰ ২১ ৰাজ্যৰ মুখ্যমন্ত্ৰী।জিত আদানী, মুকেশ আম্বানী,সজ্জন জিণ্ডাল , ন’ৱেল টাটাৰ পৰা দেশৰ উদ্যোগপতিৰ লৈকে সকলো আহিব শপতগ্ৰহণ অনুষ্ঠানত ভাগ ল’বলৈ। গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰ ভৰিব ৩০-৫০ খন VVIPৰ ছাৰ্টাড বিমানেৰে।
ডাঙৰ ঘোষণা
বিজেপিৰ তৃতীয় কাৰ্যকালৰ পূৰ্বে আহি গ’ল ডাঙৰ খবৰ। শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হোৱাৰ পূৰ্বেই হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। তেওঁ কয় অসমৰ ১০ লাখ যুৱক-যুৱতীৰ কৰ্ম সংস্থাপনৰ দায়িত্ব লয়। মুখ্যমন্ত্ৰী হৈয়েই অসমৰ ভেটি অধিক শক্তিশালী কৰিবলৈ পদক্ষেপ ল’ব বুলি জনায়। তেওঁ নিজৰ মন্তব্যত কয়, অসমৰ ১০ লাখ যুৱক-যুৱতীক প্ৰদান কৰা হ’ব ৫ লাখকৈ টকা। নতুন কৰ্মসংস্থাপন সৃষ্টিৰ বাবে লোৱা হ’ব এই পদক্ষেপ। প্ৰতিজন উদ্যোগীক ক্ষুদ্ৰ উদ্যোগৰ বাবে সহায় কৰিব চৰকাৰে, চাকৰি আৰু স্থানীয় বিকাশৰ ক্ষেত্ৰত দিয়া হ’ব সৰ্বাধিক গুৰুত্ব।
কেৱল এয়াই নহয়, তৃতীয় বাৰলৈ চৰকাৰ গঠনৰ পাছতে এটাৰ পাছত আন এটা আঁচনি ঘোষণা। শপতগ্ৰহণৰ পূৰ্বেই দুখনকৈ বৃহৎ আঁচনি ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ। চাহ শ্ৰমিকৰ মজুৰি ৫০০ টকালৈ বৃদ্ধি। ১০ লাখ যুৱক-যুৱতীলৈ ৫ লাখকৈ অনুদান আগবঢ়াব। উদ্যমি আৰু নিয়োগ সৃষ্টি কৰাক লৈ বৃহৎ পদক্ষেপ। চাকৰি আৰু স্থায়ী বিকাশৰ দিশতো অধিক গুৰুত্ব প্ৰদান কৰিব বুলি জনাই হিমন্ত বিশ্ব শৰ্মাই।
উল্লেখ্য যে, ১৮ৰ পৰা ১৯জনীয়া মন্ত্ৰীৰ তালিকা সাজু ইতিমধ্যে সাজু হৈ উঠিছে। আজি নিশাৰ ভিতৰত ৰাষ্ট্ৰীয় নেতৃত্বৰে হ’ব আলোচনা। ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ সৈতে হ’ব আলোচনা। ইয়াৰ পিছতে প্ৰকাশ কৰা হ’ব অসমৰ মন্ত্ৰীৰ তালিকা। আজি মাজনিশা চূড়ান্ত হ’ব মুখ্যমন্ত্ৰীৰ লগত কেইজন মন্ত্ৰীয়ে শপত ল’ব। কাইলৈ পুৱা ৭ বজাতহে ঘোষণা হ’ব কেইজন মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















