কোনোদিনে আৰু দেখা নাযাব জাৰ্চি নম্বৰ ১৬, ভাৰতীয় হকী দলৰ বিশেষ সিদ্ধান্ত
অলিম্পিকত দুবাৰকৈ ভাৰতীয় হকী দলক ব্ৰঞ্জলৰ পদকৰ সোৱাদ দিয়া কিংবদন্তী গলৰক্ষত শ্ৰীজেশৰ অৱসৰ। অলিম্পিক আৰম্ভ হোৱাৰ পূৰ্বেই অৱসৰৰ কথা ঘোষণা কৰিছিল ভাৰতীয় হকী দলৰ খেলুৱৈ গৰাকীয়ে। অৱসৰৰ পাছতে এতিয়া হকী ইণ্ডিয়াই লৈছে বিশেষ সিদ্ধান্ত।
বুধবাৰে হকী ইণ্ডিয়াই কিংবদন্তি গ’লৰক্ষক পি আৰ শ্ৰীজেশৰ ১৬ নম্বৰ জাৰ্চি অৱসৰ লোৱাৰ সিদ্ধান্ত লয়। শেহতীয়াকৈ সমাপ্ত হোৱা পেৰিছ গেমছত দেশখনক একেৰাহে দ্বিতীয়বাৰৰ বাবে অলিম্পিক পদক লাভ কৰাত সহায়ক হোৱাত তাৰকা খেলুৱৈগৰাকীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ইয়াৰ পিছত তেওঁ অৱসৰৰ কথা ঘোষণা কৰে।
হকী খেলত দিয়া অৱদানৰ বাবে হকী ইণ্ডিয়াৰ সাধাৰণ সম্পাদক ভোলানাথ সিঙে ঘোষণা কৰে যে প্ৰায় দুটা দশক ধৰি ১৬ নম্বৰৰ জাৰ্চি পৰিধান কৰা ৩৬ বছৰীয়া শ্ৰীজেশে জুনিয়ৰ হকী দলৰ ৰাষ্ট্ৰীয় প্ৰশিক্ষকৰ ভূমিকা পালন কৰিব। তেওঁ লগতে ইয়াকো কয়, “শ্ৰীজেশ এতিয়া জুনিয়ৰ দলৰ প্ৰশিক্ষক হ’বলৈ ওলাইছে। ছিনিয়ৰ দলৰ বাবে ১৬ নম্বৰৰ জাৰ্চি অৱসৰ লৈছে। জুনিয়ৰ দলৰ বাবে ১৬ নম্বৰৰ জাৰ্চি অৱসৰ লোৱা নাই।”
ভাৰতে স্পেইনক পৰাস্ত কৰি ব্ৰঞ্জৰ পদক লাভ কৰে আৰু ইয়াৰ লগে লগে শ্ৰীজেশে হকীৰ পৰা বিদায় লয়। দীৰ্ঘদিন ধৰি ভাৰতীয় হকী দলৰ এজন গুৰুত্বপূৰ্ণ সদস্য হৈ আহিছে শ্ৰীজেশ। পেৰিছ অলিম্পিকতো উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই বিপক্ষ দলৰ সন্মুখত দেৱাল হিচাপে থিয় দিছিল শ্ৰীজেশে। আনকি স্পেইনৰ বিৰুদ্ধে ব্ৰঞ্জৰ পদক মেচখনতো শ্ৰীজেশে বিৰুধীক অগ্ৰগতি লাভ কৰাত বাধা দিছিল। এইদৰে দলটোৱে শ্ৰীজেশক জয়ৰে বিদায় দিয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ