অসম লাইভ ২৪ঃ কোভিড জয় কৰি চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতিল বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞি। শুকুৰবাৰে ক’ৰোনা নিগেটিভ অহাৰ পাছতেই চিকিৎসকে ঘৰলৈ যোৱাৰ অনুমতি প্ৰদান কৰে হোমেন বৰগোহাঞিক। ২৪ এপ্ৰিলত কোভিডত আক্ৰান্ত হৈছিল বিশিষ্ট চিন্তাবিদ তথা সাহিত্যিকগৰাকী। GMCHত চিকিৎসাধীন হৈ আছিল বৰগোহাঞি। ২ সপ্তাহ চিকিৎসকৰ তত্বাৱধানত থকাৰ পাছত শুকুৰবাৰে কোভিডমুক্ত হৈ ঘৰলৈ উভতে হোমেন বৰগোহাঞি। উল্লেখ্য, কোভিড ভেকচিনৰ দুয়োটা পালি গ্ৰহণ কৰিছিল হোমেন বৰগোহাঞিয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ