ইন্দোৰৰ ৰাজা ৰঘুবংশী হত্যাৰ ঘটনাত চাৰি অভিযুক্তক সোধপোছ অব্যাহত ৰাখিছে মেঘালয় আৰক্ষীয়ে৷ এয়া মাৰ্ডাৰ সেয়া ইতিমধ্যেই প্ৰমাণিতও হৈছে৷ সমগ্ৰ ঘটনা প্লেনিং কৰিয়েই কৰা হৈছিল৷ আৰক্ষী জেৰাত কেইবাটাও চাঞ্চল্যকৰ তথ্য সন্মুখলৈ আহিছে৷ পূৰ্বেই জনা গৈছে যে নিজৰ প্ৰেমিক ৰাজক ফোন কৰি সোনমে জনাইছিল যে এই হানিমুনতেই তেওঁ বিধৱা হ’বই৷ অৰ্থাৎ স্বামী ৰাজা ৰঘুবংশীক যদি প্ৰথম প্লেনত মাৰিব নোৱাৰে তেন্তে প্লেন বি সাজু ৰাখিছিল সোনমে৷
ছুপাৰি কিলাৰ আৰু তেওঁৰ বয়ফ্ৰেণ্ডে যদি মাৰিব নোৱাৰে তেন্তে নিজেই ৰাজাক হত্যা কৰাৰো পৰিকল্পনা কৰিছিল সোনমে৷ ধৃত সোনম ৰঘুবংশীয়ে তেওঁৰ স্বামীক হত্যা কৰাৰ বাবে যি পৰিকল্পনা কৰিছিল সেয়া আছিল ৰাজক ওখ পাহাৰৰ পৰা থেলি তললৈ পেলাই দিয়াৰ পৰিকল্পনা৷ ছেলফি উঠাৰ অজুহাতেৰে সেয়ে ৰাজাক পাহাৰৰ ওপৰলৈকো লৈ গৈছিল সোনমে৷
ৰাজ কুশৱাহাৰ মোবাইলৰ পৰা বহু ১০টকীয়া নোটৰ নম্বৰ পোৱা গৈছে৷ ইয়াৰ পৰাই ধাৰণা কৰা হৈছে যে ৰাজ দুই নম্বৰী নোটৰ ব্যৱসায়তো জড়িত৷ ইয়াৰ সৈতে ৰাজা ৰঘুবংশী হত্যাৰ গোচৰৰ অপৰাধো স্বীকাৰ কৰিছে ৰাজ কুশৱাহাই৷ সোধপোছৰ সময়ত ৰাজে জনাইছে যে ৰাজা ৰঘুবংশীক সিঁহতেই হত্যা কৰিছে৷
ইন্দোৰ আৰক্ষীয়ে দুদিন ধৰি সোধপোছ কৰাৰ পাছত মেঘালয় আৰক্ষীয়ে জিম্মাত লৈছে ৰাজক৷ ৰাজাৰ ঘাতক পত্নী সোনম ৰঘুবংশীয়েই এই সমগ্ৰ ঘটনাৰ মাষ্টাৰমাইণ্ড বুলি জনাইছে আৰক্ষীয়ে৷ শ্বিলং আৰক্ষীয়ে সমস্ত অভিযুক্তক লৈ ক্ৰাইম চিনো ৰি ক্ৰিয়েট কৰিছে৷
শ্বিলং আৰক্ষীৰ দলে ৰাজা ৰঘুবংশী হত্যাৰ গোচৰক লৈ সোনমক ক্ৰমাগত সোধপোছ চলাই আছে৷ সকলোবোৰৰ মাজতেই ডাঙৰ প্ৰশ্ন হৈছে ৰাজাৰ পত্নীয়ে এই হত্যাকাণ্ড কৰাৰ পাছত কেনেকৈ ইন্দোৰলৈ গল? এই পৰ্যন্ত সেই তথ্য দিয়া নাই মেঘালয় আৰক্ষীয়ে৷
হত্যাকাৰীয়ে অপৰাধ স্বীকাৰ কৰিছে
এছিপি পুনম চান্দ যাদৱে কয় যে চাৰি অভিযুক্তই তেওঁলোকৰ অপৰাধ স্বীকাৰ কৰিছে৷ হত্যাৰ মূল পৰিকল্পনাকাৰী সোনমেই আৰু সোনমক সহায় কৰিছে ৰাজ কুশৱাহাই৷ বিবাহৰ পূৰ্বে ৰাজা ৰঘুবংশীৰ হত্যাৰ প্ৰস্তুতি চলিছিল৷ অভিযুক্তই ৰাজা ৰঘুবংশীক হত্যাৰ বাবে এটা নিৰ্ভুল পৰিকল্পনা কৰিছিল৷ ৰাজা আৰু সোনমে তেওঁলোকৰ হানিমুন যোৱাৰ পূৰ্বেই অভিযুক্তকেইজন শ্বিলঙলৈ আহিছিল৷
ৰাজা ৰঘুবংশীক প্ৰথম কোনে আক্ৰমণ কৰিছিল
বিশালে প্ৰথমে ৰাজা ৰঘুবংশীক আক্ৰমণ কৰিছিল৷ বিশালৰ ঘৰৰ পৰা যি পোছাক উদ্ধাৰ হৈছে তাত তেজৰ দাগ পোৱা গৈছে৷ এয়া কাৰ তেজ সেয়া ফৰেনছিক তদন্তৰ মাধ্যমেৰেহে পোহৰলৈ আহিব৷ আৰক্ষীয়ে কৈছে যে কোনোৱে যাতে সন্দেহ নকৰে তাৰ বাবে ৰাজ ইন্দোৰৰ পৰা অহা নাছিল এই ঘটনাত৷ শ্বিলং আৰক্ষীয়ে অভিযুক্তসকলৰ পৰা কিছু প্ৰযুক্তিগত প্ৰমাণো পাইছে৷
ইন্দোৰৰ বিমানবন্দৰত অভিযুক্তক মাৰধৰ
ৰাজা হত্যাৰ গোচৰত চাৰি অভিযুক্তক লৈ মেঘালয় আৰক্ষীয়ে ইন্দোৰ এৰিছে৷ অভিযুক্তসকলক বিমানেৰে লৈ অহা হৈছে শ্বিলঙলৈ৷ মেঘালয় আৰক্ষীৰ ডি এছ পি এছ এ ছাংমাইৰ নেতৃত্বত ৫ সদস্যৰ এটা দলে অভিযুক্তসকলক লৈ আহিছে৷ ইফালে ইন্দোৰৰ বিমানবন্দৰত ৰাজা ৰঘুবংশী হত্যাৰ গোচৰৰ অভিযুক্তক দেখি ক্ষুদ্ধ হৈ পৰিছে সাধাৰণ বিমানযাত্ৰী৷ বিমান বন্দৰৰ যাত্ৰীয়ে অভিযুক্তক মাৰধৰো কৰিছে৷ কেৱল সেয়াই নহয় বিমান বন্দৰত ৰাজক এজন যাত্ৰীয়ে চৰো সোধাইছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ