মেঘ— এই ৰাশিৰ জাতক-জাতিকাৰ দিনটো বৰ ভাল বুলি ক’ব পৰা নাযায়৷ পৰিয়ালৰ কোনোবা অসুস্থ হোৱাৰ বাবে অৰ্থ ব্যয় হ’ব৷ শুভ ৰং বগা আৰু শুভ সংখ্যা ২৷
বৃষ— আৰ্থিক ক্ষেত্ৰত উন্নতি ঘটিলেও ৰাহুৱে ধৰি ৰাখিব৷ চাকৰিয়ালৰ কাৰণে দিনটো শুভ৷ প্ৰেমত শুভ৷ শুভ ৰং গুলপীয়া আৰু শুভ সংখ্যা ৮৷
মিথুন— কৰ্মক্ষেত্ৰত অমনোযোগ দেখা দিব৷ মানসিক চিন্তা থাকিব৷ ব্যৱসায়ত মধ্যম৷ প্ৰেমত অশুভ ফলদায়ক৷ শুভ ৰং নীলা আৰু শুভ সংখ্যা ২৷
কৰ্কট— আজি দিনটোত পৰিশ্ৰম অনুযায়ী ফল নাপাব৷ মূৰৰ বিষত ভুগিব পাৰে৷ বিদ্যাৰ্থীসকলে পঢ়া-শুনাত গুৰুত্ব দিব লাগিব৷ শুভ ৰং ৰঙা আৰু শুভ সংখ্যা ৮৷
সিংহ— আৰ্থিক ক্ষেত্ৰত উন্নতি ঘটিলেও ক্ষতিও হোৱাৰ সম্ভাৱনা আছে৷ ভ্ৰমণৰ যোগ দেখা যায়৷ বিদ্যাত শুভ৷ শুভ ৰং সেউজীয়া আৰু শুভ সংখ্যা ৭৷
কন্যা— ঘৰুৱা কাজিয়া-পেচালৰ বাবে মন বিক্ষিপ্ত থাকিব৷ যান-বাহনৰ পৰা সাৱধান থাকিব৷ আৰ্থিক ক্ষেত্ৰত ভালেই দেখা যায়৷
তুলা— পুৰণা প্ৰাপ্যধন প্ৰাপ্তিৰ যোগ৷ বিদ্যাৰ্থীসকলে ভবামতেই ফল নাপাব৷ শুভ ৰং বেঙুনীয়া আৰু শুভ সংখ্যা ৯৷
বৃশ্চিক— কৰ্মক্ষেত্ৰত শত্ৰুৰ পৰা সাৱধান থাকিব৷ ভ্ৰমণৰ যোগ দেখা যায়৷ অসুস্থতাৰ কাৰণে কিছু অৰ্থব্যয় হ’ব পাৰে৷ শুভ ৰং হালধীয়া আৰু শুভ সংখ্যা ৮৷
ধনু— ব্যৱসায়ৰ ক্ষেত্ৰতো ভাল দেখা নাযায়৷ বন্ধুৰ পৰা সাৱধানে থাকিব৷ দিনটোত খৰচৰ মাত্ৰাবৃদ্ধিৰ ফলত মানসিক চিন্তা থাকিব৷ শুভ ৰং নীলা আৰু শুভ সংখ্যা ১৷
মকৰ— কৰ্মক্ষেত্ৰত নানা ভুল-ভ্ৰান্তি হ’ব পাৰে গতিকে সতৰ্ক থাকক৷ দাম্পত্য আৰু প্ৰেমত বিবাদ বিতৰ্ক৷ ব্যৱসায়ৰ ক্ষেত্ৰতো ভাল দেখা নাযায়৷ শুভ ৰং বগা আৰু শুভ সংখ্যা ২৷
কুম্ভ— অনাৱশ্যক খৰচ আৰু ৰাগ-খং বৃদ্ধি৷ হ’বলগীয়া পৰি থকা কাম আজি নতুনকৈ আৰম্ভ কৰিব পাৰিব৷ প্ৰেমত শুভ৷ শুভ ৰং ক’লা আৰু শুভ সংখ্যা ১৷
মীন— ব্যৱসায়ত মধ্যম৷ ভ্ৰমণৰ যোগাযোগ৷ ঘৰৰ কৰ্মত ব্যস্ততা বাঢ়িব৷ বন্ধুৰ লগত মনোমালিন্য দেখা যায়৷ শুভ ৰং আকাশী নীলা আৰু শুভ সংখ্যা ৮৷
ৰত্ন কুবেৰ, মণিপুৰীবস্তি, গুৱাহাটী-৭, ফোনঃ 99571 11171
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ