কাইলৈ ৯ আগষ্টত পালিত হব ৰাখী বন্ধন৷ শাওনৰ পূৰ্ণিমা তিথি বা ৰাখী পুৰ্ণিমাত এইবাৰ ৪টাকৈ শুভ যোগ পৰিছে৷ ইয়াৰ মাজত সকলোতকৈ উল্লেখযোগ্য বিষয় হৈছে ২৪ বছৰৰ পাছত ৰাখীত গঠিত হোৱা গজলক্ষ্মী ৰাজযোগ৷ ৰাখী বন্ধনৰ দিনা থাকিবলগীয়া অন্য শুভযোগসমূহৰ ভিতৰত আছে বুধাদিত্য ৰাজযোগ, সৌভাগ্য যোগ আৰু সৰ্বাৰ্থ সিদ্ধি যোগ৷ কৰ্কট ৰাশিত বুধ আৰু সূৰ্যৰ এটাই আনটোৰ কাষত কৰা অৱস্থানৰ ফলত গঠিত হব বুধাদিত্য ৰাজযোগ৷ আৰু মিথুন ৰাশিত বৃহস্পতি আৰু শুক্ৰৰ যুঁটিত গঠিত হব গজলক্ষ্মী ৰাজযোগ৷ ইয়াৰোপৰি মকৰ ৰাশিত চন্দ্ৰৰ অৱস্থানৰ কাৰণে গঠিত হব সৰ্বাৰ্থ সিদ্ধি যোগ আৰু সৌভাগ্য যোগ৷ জানি থওক এইসমূহ শুভ যোগৰ ফলত ৰাখী পূৰ্ণিমাত কাৰ কাৰ ভাগ্য খুলিব?
বৃষ ৰাশি
বৃষ ৰাশিৰ দ্বিতীয় ঘৰত গঠিত হব গজলক্ষ্মী ৰাজযোগ৷ ইয়াৰ ফলত ৰাখী পূৰ্ণিমাৰ পৰাই অৰ্থলাভ কৰিব বৃষ ৰাশিৰ জাতকে৷ পৰিয়ালৰ সদস্যসকলক সকলো কামতে কাষত পাব আপুনি৷ উত্তৰাধিকাৰ সূত্ৰে সম্পত্তিক লৈ অসুবিধা থাকিলে সেই অসুবিধা দূৰ হব৷ নিজৰ কামত সম্পূৰ্ণ মনোনিৱেশ কৰিব৷ নতুন সম্পত্তি ক্ৰয় কৰিব পাৰে৷
মিথুন ৰাশি
মিথুন ৰাশিতেই গঠিত হব গজলক্ষ্মী ৰাজযোগ৷ বৃহস্পতি আৰু শুক্ৰৰ কৃপা থাকিব এই ৰাশিত৷ আৰ্থিকভাৱে লাভৱান হব মিথুন ৰাশিৰ জাতক৷ সমাজতো সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷ আত্মবিশ্বাসো বৃদ্ধি পাব আৰু তাৰ জোৰতেই কঠিন কাম সম্পন্ন কৰিব পাৰিব৷ নিজৰ দুৰ্বলতা নিজেই আঁতৰাবলৈ সক্ষম হব৷ জীৱনক উপভোগ কৰাৰো সুযোগ পাব মিথুন ৰাশিৰ জাতকে৷
কৰ্কট ৰাশি
কৰ্কট ৰাশিত গঠিত হব বুধাদিত্য ৰাজযোগ৷ ইয়াৰ শুভ প্ৰভাৱত পূৰ্বে কৰা কামৰ পৰাও লাভৱান হব কৰ্কট ৰাশিৰ জাতক৷ যি সাফল্য লাভৰ বাবে আপুনি বহুদিন ধৰি অপেক্ষা কৰিছে এইবাৰ সেই সাফল্য় আপুনি লাভ কৰিব৷ উচ্চশিক্ষাৰ বাবে বিদেশযাত্ৰা কৰিব পাৰে৷ মনৰ ইচ্ছা পূৰণ হব৷ আৰ্থিকভাৱেও লাভৱান হব৷
ধনু ৰাশি
ৰাখী বন্ধনৰ পৰা শুভ সময় আহিব ধনু ৰাশিৰ জাতকৰ৷ এই সময়ত ধনু ৰাশিতেই গোচৰ কৰিব চন্দ্ৰই৷ এই সময়ত আপুনি নিজৰ সকলো কাম সহজে সম্পন্ন কৰিব পাৰিব৷ আপোনাৰ কথাৰ মাধুৰ্যৰে সকলোৰে মন জয় কৰিব পাৰিব৷ ৰাজনীতিবিদে জনসমৰ্থন পাব৷ সম্পদ আৰু প্ৰতিপত্তি লাভ কৰিব৷
মকৰ ৰাশি
ৰাখী পূৰ্ণিমাত গজলক্ষ্মী ৰাজযোগৰ পৰা লাভৱান হব মকৰ ৰাশিৰ জাতৰ৷ এই সময়ত আপোনাৰ প্ৰেম জীৱন ভাল হব৷ পাৰ্টনাৰক সকলো কামতে কাষত পাব৷ দাম্পত্য জীৱনত কোনো সমস্যা চলিলে এই সকলো সমস্যা এইবাৰ দূৰ হব৷ সম্পদ প্ৰাপ্তি হব পাৰে৷ নিজৰ চখ পুৰণত ধন খৰচ কৰিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















