শনিবাৰৰ দিনটোত শনিৰ বেয়া দৃষ্টিয়েই থাকিব তেনে নহয়৷ আজিৰ দিনটোও ভালকৈ কটাব কেইটামান ৰাশিৰ জাতকে৷ কোন কোন ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো শুভ জানি থওক৷
মেষ ৰাশি
পঢ়াশুনাত ভাল সুযোগ আহিব৷ পিতৃ-মাতৃৰ সৈতে সুসম্পৰ্ক বৰ্তি থাকিব৷ নতুন কামৰ সন্ধান পাব৷ প্ৰতিবাদী মনোভাৱে কৰ্মস্থানত সন্মান বৃদ্ধি পাব৷ সন্তানৰ সৈতে সম্পৰ্ক ভাল হ’ব৷ স্বৰ্ণ ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটোত অৱশ্যে কিন্তু দুঃচিন্তা থাকিব৷ ভ্ৰমণৰ পৰিকল্পনা স্থগিত ৰখাই শ্ৰেয়৷ অতিৰিক্ত ক্ৰোধে কামত ব্যাঘাত জন্মাব৷ পুলিছি কোনো সমস্যা থাকিলে আজি দূৰ হ’ব৷
বৃষ ৰাশি
কোনো ভুল কামৰ বাবে আজি অনুতপ্ত হ’ব৷ দিনজুৰি ব্যৱসায় ভাল চলিলেও পাছত জটিলতাই দেখা দিব পাৰে৷ সম্পত্তি কিনাবেছাৰ বাবে শুভ সময়৷ যানবাহনত যাতায়াত কৰোতে সতৰ্ক থাকক৷ উপাৰ্জনৰ ভাগ্য ভাল আৰু আৰ্থিক উন্নতি বৰ্তি থাকিব৷ অযথা কোনো বিবাদত সোমাই নপৰিব৷ সন্তানক লৈ চিন্তা বাঢ়িব৷ নিজৰ সমস্যাৰ কথা কাকো নোকোৱাই ভাল হ’ব৷ কাৰোবাক উপকাৰ কৰিব পাৰে৷
মিথুন ৰাশি
কৰ্মক্ষেত্ৰত দায়িত্ব পালনক লৈ সমস্যা হ’ব পাৰে৷ নিজৰ চিকিৎসাত বহু অৰ্থ ব্যয় হ’ব পাৰে৷ ভ্ৰমণৰ পৰিকল্পনাত বাধা আহিব৷ প্ৰেমত কোনো সমস্যা থাকিলে দূৰ হ’ব৷ ব্যয়ৰ প্ৰতি নজৰ ৰাখক৷ শৰীৰত বিভিন্ন ৰোগৰ উপদ্ৰৱ বাঢ়িব পাৰে৷ স্বামীৰ সৈতে মতবিৰোধ দূৰ হ’ব৷ সন্তানৰ সুবুদ্ধিৰ উদয় হ’ব৷ দীৰ্ঘদিনৰ অসুখ থাকিলে মুক্তি পাব পাৰে৷
কৰ্কট ৰাশি
কৰ্মক্ষেত্ৰত বৈৰী মনোভাৱ ত্যাগ কৰাই ভাল৷ তৰ্ক বিতৰ্কত সোমাই পৰিব পাৰে৷ স্নেহভাজন কাৰো তৈয়া বিবাদ হ’ব পাৰে৷ প্ৰেমত ভাগ্য খুলিব৷ ব্যৱয়াসত জটিলতা দূৰ হ’ব৷ ঘৰলৈ অতিথিৰ আগমন হ’ব পাৰে৷ ঋণ পৰিশোধ কৰাৰ বাবে সঞ্চয়ত ব্যাঘাত জন্মিব৷ পিতৃ মাতৃৰ সৈতে অকাৰণতে বিবাদ হ’ব পাৰে৷ সন্তানৰ চাকৰিপ্ৰাপ্তিৰ যোগ আছে৷ বন্ধুৰ সৈতে বিবাদ হ’ব পাৰে৷
সিংহ ৰাশি
কৰ্মস্থানত দূৰ্ঘটনাৰ পৰা সাবধানে থাকক৷ সংসাৰত সংযত হৈ থাকক৷ সন্তানক লৈ কিছু চিন্তা থাকিব পাৰে৷ কৰ্মস্থানত সহকৰ্মীৰ সহায় পাব পাৰে৷ কাৰোবাৰ পৰা দামী উপহাৰ পাব পাৰে৷ নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে৷ উন্নতিৰ যোগ আছে৷ প্ৰেমত আশা৷ বুদ্ধিমান ব্যক্তিৰ সু পৰামৰ্শ কামত লাগিব৷ উপাৰ্জনৰ ভাগ্য ভাল৷ কিন্তু ব্যয়ো থাকিব৷ বিদ্যুৎৰ পৰা সতৰ্ক থাকক৷ ব্যৱসায়ত উন্নতি৷
কন্যা ৰাশি
ব্যৱসায়ত ভাল লাভ হ’ব পাৰে৷ প্ৰতিভা প্ৰকাশৰ সুযোগ পাব৷ দায়িত্ব পালনক লৈ পত্নীৰ সৈতে অশান্তি বাঢ়িব পাৰে৷ শাৰীৰিক দুৰ্বলতাৰ বাবে পঢ়াশুনাত ব্যাঘাত ঘটিব পাৰে৷ কোনো হেৰুওৱা সামগ্ৰী উভতাই পাব পাৰে৷ প্ৰতিবেশীয়ে আপোনাক সহায়ৰ হাত আগবঢ়াব৷ কামৰ স্থানত চালাকি নকৰাই ভাল৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে৷
তুলা ৰাশি
উচ্চপদস্থ কোনো ব্যক্তিৰ অনুগত থাকিলে লাভৱান হ’ব৷ প্ৰতিবেশীৰ কাজিয়াত নোহোমাব৷ প্ৰেমত শুভ৷ মিছাৰ আশ্ৰয় ল’লে ধৰা পৰিব৷ সম্পত্তিক লৈ সমস্যা থাকিলে দূৰ হ’ব৷ বন্ধুৰ সৈতে বিবাদ দূৰ হ’ব৷ কঁকালৰ বিষত ভূগিব পাৰে৷ কামৰ চাপত সংসাৰত সময় দিব নোৱাৰিব৷
বৃশ্চিক ৰাশি
প্ৰতিযোগিতামূলক কামত সাফল্যৰ যোগ৷ কু সংগই নিজৰ ক্ষতি কৰিব৷ নজনাকৈ কাৰোবাৰ মনত আঘাত দিব পাৰে৷ অন্যক বচাবলৈ গৈ নিজৰ বৃহৎ ক্ষতি হ’ব পাৰে৷ আত্মীয়ক লৈ দুশ্চিন্তা থাকিব৷ পুৰণি কোনো সমস্যাৰ সমাধান হ’ব৷ নিজৰ প্ৰতিভা প্ৰকাশৰ সুযোগ পাব৷ পিতৃ মাতৃৰ বাবে খৰচ বাঢ়িব পাৰে৷ দুখীয়া মানুহক সহায় কৰি আনন্দ পাব৷ ব্যৱসায়ত সুখবৰ আহিব৷ ৰক্তচাপক লৈ চিন্তা৷
ধনু ৰাশি
কৰ্মত অন্যৰ সহায়ৰ প্ৰয়োজনিয়তা অনুভৱ কৰিব৷ ৰাস্তাঘাটত সাবধানে চলাফিৰা কৰক৷ উচ্চশিক্ষাৰ শুভ যোগ আছে৷ সঞ্চয়ৰ তুলনাত ব্যয় বেছি হ’ব পাৰে৷ পৰিচিত কোনো ব্যক্তি ঘৰলৈ আহিব পাৰে৷ অতিৰিক্ত লোভনীয় সুযোগ আহিলেও এৰাই চলক৷ প্ৰিয়জনৰ আপোনাৰ প্ৰতি ভালপোৱা থাকিব৷ গহনা ব্যৱসায়ীৰ বাবে দিনটো শুভ৷
মকৰ ৰাশি
ভাল কোনো সুযোগ আহিব পাৰে৷ কাৰোপৰা বৃহৎ উপকাৰ পাব৷ হতাশাৰ বাবে শৰীৰ বেয়া হোৱাৰ সম্ভাৱনা৷ মানুহৰ সেৱা কৰি শান্তিলাভ কৰিব৷ নতুন কিছু সামগ্ৰী ক্ৰয় কৰাৰ পৰিকল্পনা থাকিব৷ পত্নীৰ সৈতে ভ্ৰমণ কৰিব পাৰে৷ বন্ধুৰ সহায়তাত উপকৃত হ’ব৷ ইচ্ছাপূৰণ হোৱাৰ দিন৷ সন্তানৰ বাবে খৰচ বাঢ়িব পাৰে৷ পিতৃৰ শৰীৰক লৈ চিন্তিত৷
কুম্ভ ৰাশি
ধৰ্মীয় স্থানত দান কৰি শান্তিলাভ৷ কামৰ বাবে ঘৰৰ কোনো বাহিৰলৈ যোৱাক লৈ মনোকষ্ট৷ সংগীত চৰ্চাৰ নতুন ৰাস্তা খুলিব পাৰে৷ পৰিশ্ৰমৰ সুফল পাব৷ কোনো প্ৰতিবেশীৰ দ্বাৰা ব্যৱসায়ত উপকাৰ পাব পাৰে৷ কাৰো প্ৰৰোচনাত হঠাৎ উত্তেজিত নহ’ব৷ পাৰিবাৰিক অশান্তি দূৰ হ’ব৷ অতিৰিক্ত কথাই সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ আৰ্থিক দিশৰ পৰা দিনটো শুভ৷ খৰচ বৃদ্ধিৰ বাবে সঞ্চয় কমিব৷
মীন ৰাশি
সুবক্তা হিচাপে সুনাম বাঢ়িব৷ প্ৰেমত সতৰ্ক হওক৷ প্ৰতাৰিত হোৱাৰ যোগ আছে৷ মনৰ কথা সঠিক মানুহৰ আগত কওক৷ গুৰুজনাৰ পৰামৰ্শ মানি চলক৷ ঘৰত চুৰি হোৱাৰ আশংকা আছে৷ কৰ্মত জনপ্ৰিয়তা অৰ্জন৷ অৰ্থ ব্যয়৷ দিনজুৰি প্ৰচুৰ পৰিশ্ৰম কৰিব৷ ঘৰত কোনো মাঙ্গলিক কামৰ আয়োজনক লৈ আলোচনা হ’ব পাৰে৷ চকুৰ ৰোগ বাঢ়িব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ