• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাস মহোৎসৱত ৰাধাৰ প্ৰসংগ! শ্ৰীকৃষ্ণৰ প্ৰেয়সী ৰাধাৰ মৃত্যু কেনেকৈ ঘটিছিল, শ্ৰীকৃষ্ণই প্ৰিয় বাঁহীটোও কিয় ত্যাগ কৰিছিল?

ৰাস মহোৎসৱত ৰাধাৰ প্ৰসংগ! শ্ৰীকৃষ্ণৰ প্ৰেয়সী ৰাধাৰ মৃত্যু কেনেকৈ ঘটিছিল, শ্ৰীকৃষ্ণই প্ৰিয় বাঁহীটোও কিয় ত্যাগ কৰিছিল?

2 years ago
ভাৰতত কেতিয়া দেখা যাব ঈদৰ জোন? কোন তাৰিখে পালন হ’ব ঈদ-উল-ফিতৰ?

ভাৰতত কেতিয়া দেখা যাব ঈদৰ জোন? কোন তাৰিখে পালন হ’ব ঈদ-উল-ফিতৰ?

3 hours ago
ৰাজপথত নাথাকিব দুচকীয়া বাহন!  ২০২৮ৰ পাছত কিনিব নোৱাৰিব পেট্ৰল বাইক, নতুন নিয়মত বিপাকত পৰিব লাখ লাখ জনতা, ক’ত এই নিয়ম?

ৰাজপথত নাথাকিব দুচকীয়া বাহন! ২০২৮ৰ পাছত কিনিব নোৱাৰিব পেট্ৰল বাইক, নতুন নিয়মত বিপাকত পৰিব লাখ লাখ জনতা, ক’ত এই নিয়ম?

4 hours ago
মঙ্গলবাৰে ধন যোগৰ শুভ সংযোগ, কাইলৈ বজৰংবলীৰ কৃপাত ভাগ্য উজলিব এই ৫ৰাশিৰ

মঙ্গলবাৰে ধন যোগৰ শুভ সংযোগ, কাইলৈ বজৰংবলীৰ কৃপাত ভাগ্য উজলিব এই ৫ৰাশিৰ

5 hours ago
প্ৰেম, টকা, সুখেৰে ভৰিব জীৱন, শুক্ৰৰ গোচৰত স্বৰ্গসুখ অনুভৱ কৰিব এই ৫ৰাশিৰ জাতকে

প্ৰেম, টকা, সুখেৰে ভৰিব জীৱন, শুক্ৰৰ গোচৰত স্বৰ্গসুখ অনুভৱ কৰিব এই ৫ৰাশিৰ জাতকে

6 hours ago
প্ৰস্ৰাৱত ফেন দেখিছে? গুৰুত্বসহকাৰে লওক, অন্যথা এই মহাবিপদ আহিব পাৰে আপোনাৰো

প্ৰস্ৰাৱত ফেন দেখিছে? গুৰুত্বসহকাৰে লওক, অন্যথা এই মহাবিপদ আহিব পাৰে আপোনাৰো

6 hours ago
আকাশৰ পৰা হেৰাই যাব চন্দ্ৰ! পৃথিৱীৰ একমাত্ৰ উপগ্ৰহৰ অস্তিত্বক লৈ বাঢ়িছে আশংকা, কি কৈছে বিজ্ঞানীয়ে?

আকাশৰ পৰা হেৰাই যাব চন্দ্ৰ! পৃথিৱীৰ একমাত্ৰ উপগ্ৰহৰ অস্তিত্বক লৈ বাঢ়িছে আশংকা, কি কৈছে বিজ্ঞানীয়ে?

7 hours ago
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

8 hours ago
এইকেইটা ৰাশি জন্মগতভাৱেই শিৱৰ প্ৰিয়, শিৱৰ প্ৰিয় এই ৩ৰাশি কি কি?

এইকেইটা ৰাশি জন্মগতভাৱেই শিৱৰ প্ৰিয়, শিৱৰ প্ৰিয় এই ৩ৰাশি কি কি?

8 hours ago
আজি সন্ধিয়া মহালক্ষ্মী ৰাজযোগ, আঢ়ৈ দিন ধৰি ধন লাভৰ ভাগ্য আছে এই ৩ৰাশিৰ জাতকৰ

আজি সন্ধিয়া মহালক্ষ্মী ৰাজযোগ, আঢ়ৈ দিন ধৰি ধন লাভৰ ভাগ্য আছে এই ৩ৰাশিৰ জাতকৰ

9 hours ago
স্থান সলনি কৰিছে শনিয়ে, শনিৰ স্থান সলনিৰ ফলত সুদিন উভতিছে এই ৪ৰাশিৰ জীৱনলৈ

স্থান সলনি কৰিছে শনিয়ে, শনিৰ স্থান সলনিৰ ফলত সুদিন উভতিছে এই ৪ৰাশিৰ জীৱনলৈ

9 hours ago
প্ৰস্ৰাৱ জ্বলা-পোৰা আৰু দুৰ্গন্ধ… এয়া কি ৰোগৰ লক্ষণ?

প্ৰস্ৰাৱ জ্বলা-পোৰা আৰু দুৰ্গন্ধ… এয়া কি ৰোগৰ লক্ষণ?

10 hours ago
Facebookত আনৰ কন্টেন্ট চুৰি কৰি ব্যৱহাৰ কৰে নেকি? তেন্তে হেৰুৱাব আপোনাৰ একাউন্ট!

Facebookত আনৰ কন্টেন্ট চুৰি কৰি ব্যৱহাৰ কৰে নেকি? তেন্তে হেৰুৱাব আপোনাৰ একাউন্ট!

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰাস মহোৎসৱত ৰাধাৰ প্ৰসংগ! শ্ৰীকৃষ্ণৰ প্ৰেয়সী ৰাধাৰ মৃত্যু কেনেকৈ ঘটিছিল, শ্ৰীকৃষ্ণই প্ৰিয় বাঁহীটোও কিয় ত্যাগ কৰিছিল?

editor by editor
November 24, 2023
in জীৱনশৈলী, ভাৰত, লেখা
0
ৰাস মহোৎসৱত ৰাধাৰ প্ৰসংগ! শ্ৰীকৃষ্ণৰ প্ৰেয়সী ৰাধাৰ মৃত্যু কেনেকৈ ঘটিছিল, শ্ৰীকৃষ্ণই প্ৰিয় বাঁহীটোও কিয় ত্যাগ কৰিছিল?
0
SHARES
879
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ শ্ৰীকৃষ্ণৰ কথা ক’বলৈ গ’লেই প্রথমেই আমি লওঁ ৰাধাৰ নাম অৰ্থাৎ আমি কৃষ্ণৰ নাম লওতে কওঁ ৰাধা-কৃষ্ণ। অকলশৰে শ্ৰীকৃষ্ণৰ ফটো অথবা নাম কমেই লয় প্ৰত্যেক ধৰ্মপ্ৰাণ মানুহেই। ৰাধা-কৃষ্ণৰ আধ্যাত্মিক প্ৰেমক সকলো প্ৰেমৰেই ঊৰ্ধ্বত বুলি কোৱা হয়।

শ্ৰীকৃষ্ণৰ কোনকেইটা সামগ্ৰী আটাইতকৈ প্ৰিয় আছিল?

শ্ৰীকৃষ্ণৰ জীৱনত দুটা বস্তুৱেই অত্যাধিক প্ৰিয় আছিল। এটা হৈছে তেওঁৰ বাঁহী আৰু আনটো হৈছে তেওঁৰ প্ৰেয়সী ৰাধা। শ্ৰীকৃষ্ণৰ বাঁহীৰ সুৰেই ৰাধাক বাউলী কৰি কাষ চপাই আনিছিল কৃষ্ণৰ। প্ৰেয়সী ৰাধাৰ কথা ৰাখিয়েই পিছলৈ শ্ৰীকৃষ্ণৰ হাতত প্ৰতিসময়তে আছিল বিশেষ বাঁহীটো। সেয়ে শ্ৰীকৃষ্ণ আৰু ৰাধাৰ প্ৰেমৰ প্ৰতীক হিচাপেও বাঁহীটোকেই ধৰা হয়। শ্ৰীকৃষ্ণৰ প্ৰেয়সী হ’লেও ৰাধা এগৰাকী সাধাৰণ নাৰী আছিল। প্ৰকৃতিৰ নিয়মৰ পৰা ৰাধাও পৃথক নাছিল সেয়ে ৰাধাৰ মৃত্যু সাধাৰণ মানুহৰ দৰেই প্ৰকৃতিৰ নিয়ম মানিয়েই হ’ব লাগে। কিন্তু ৰাধাৰ মৃত্যুক লৈ বহু সময়ত বহু কাহিনী মুখে মুখে। প্ৰকৃততে কৃষ্ণৰ প্ৰেয়সীৰ মৃত্যু কেনেকৈ হৈছিল? কেনেকৈ এদিন প্ৰিয়তমা প্ৰেয়সীৰ পৰা বিচ্ছিন্ন হৈছিল শ্ৰীকৃষ্ণ?

কেনেকৈ মৃত্যু হৈছিল প্ৰিয়তমা ৰাধাৰ?

বহুতেই ৰাধাৰ মৃত্যুক লৈ ভিন্ন মত দাঙি ধৰে যদিও ৰাধা-কৃষ্ণৰ বিচ্ছেদ মৃত্যুৰে ঘটা নাছিল। এদিন মোমায়েক কংসই কৃষ্ণক আমন্ত্ৰণ জনায়। মোমায়েকৰ আমন্ত্ৰণ ৰক্ষা কৰি মোমায়েকৰ ঘৰলৈ যাত্ৰা কৰে কৃষ্ণ। প্ৰথমবাৰৰ বাবে ৰাধাৰ পৰা সেইদিনাই দূৰত্বত অৱস্থান কৰিছিল শ্ৰীকৃষ্ণই। বৃন্দাবন এৰি মথুৰালৈ যোৱাৰ আগমুহূৰ্তত সেইদিনা কৃষ্ণই প্ৰেয়সী ৰাধাক লগ ধৰে। মনৰ সকলো কথা ৰাধাৰ আগত খুলি কৈ ৰাধাক প্ৰতিশ্ৰুতি দিয়ে যে অচিৰেই ৰাধাৰ কাষলৈ, বৃন্দাবনলৈ তেওঁ উভতি আহিব। ৰাধাক সেই প্ৰতিশ্ৰুতি দিয়েই শ্ৰীকৃষ্ণই বৃন্দাবনৰ পৰা মথুৰাত উপস্থিত হয়। বৃন্দাবনৰ পৰা শ্ৰীকৃষ্ণ গুচি যোৱাৰ পিছত আৰু ৰাধাৰ বৰ্ণনা বিশেষ আৰু পোৱা নাযায়।

কেনেকৈ শ্ৰীকৃষ্ণৰে বিচ্ছেদ ঘটিছিল ৰাধাৰ?

শ্ৰীকৃষ্ণই বৃন্দাবন এৰাৰ পিছতেই ৰাধাৰ মনৰ পৰা কৃষ্ণৰ অস্তিত্ব শেষ হৈছিল তেনে নহয়। বৃন্দাবন এৰাৰ পৰত ৰাধাইয়ো কৃষ্ণক প্ৰতিশ্ৰুতি দিছিল, শ্ৰীকৃষ্ণৰ কায়িক উপস্থিতি ৰাধাৰ কাষত থাকক বা নাথাকক ৰাধাৰ হৃদয়ত শ্ৰীকৃষ্ণ সৰ্বকালৰ বাবেই বিৰাজমান হৈয়েই থাকিব। শ্ৰীকৃষ্ণই প্ৰেয়সী ৰাধাক দি যোৱা প্ৰতিশ্ৰুতি আৰু ৰাখিব নোৱাৰিলে। মথুৰালৈ গৈ আৰু কৃষ্ণ উভতি নাহিল। মথুৰাত সাধাৰণ জনতাক অতিষ্ঠ কৰি ৰখা দানৱসকলক হত্যা কৰি তাৰ প্ৰজাসকলক ৰক্ষা কৰাৰ বাবে দ্বাৰকালৈ যায়। দ্বাৰকাতেই শ্ৰীকৃষ্ণই নিজা নগৰী প্ৰতিষ্ঠা কৰে।

স্বামীৰ সৈতে সম্পৰ্ক কেনে আছিল ৰাধাৰ?

শ্ৰীকৃষ্ণই বৃন্দাবন এৰাৰ পিছত ৰাধাই বৃন্দাবনতেই তেওঁৰ স্বামীৰে সৈতে সময় অতিবাহিত কৰিছিল। পত্নী ধৰ্ম পালন কৰি ৰাধাই সকলো নিত্যকৰ্ম নিয়াৰীকৈ চলাই নিছিল যদিও সকলো সময়তে ৰাধাৰ মন শ্ৰীকৃষ্ণৰ নামতেই সমৰ্পিত আছিল। কৃষ্ণৰ প্ৰেম পাবৰ বাবে সদা ব্যাকুল হৈ থকা ৰাধাৰ কৃষ্ণৰ অপেক্ষাতেই জীৱন ত্যাগ কৰাৰ সময় আহি পৰে। শেষবাৰৰ বাবে প্ৰেমিক কৃষ্ণক এবাৰ দেখা পাবৰ বাবে ৰাধাই বৃন্দাবন এৰি দ্বাৰকালৈ যাত্ৰা কৰে। দ্বাৰকাত উপস্থিত হৈয়েই ৰাধাই গম পালে যে তেওঁৰ প্ৰেমিক কৃষ্ণই ইতিমধ্যেই বিয়া কৰাইছে। দ্বাৰকাৰ ৰাণী তথা শ্ৰীকৃষ্ণৰ পত্নী হৈছে ৰুক্মিনী। ৰুক্মিনী তথা সত্যভামাৰ কথা গম পোৱা মাত্ৰকেই ৰাধাই দুখী হোৱাৰ পৰিবৰ্তে সুখী হৈ পৰে।

কিয় বৃন্দাবন এৰি দ্বাৰকালৈ গৈছিল ৰাধা?

ইপিনে শ্ৰীকৃষ্ণইয়ো প্ৰেয়সী ৰাধাৰ দ্বাৰকাত দেখি সুখী হৈ পৰে। কিন্তু শ্ৰীকৃষ্ণৰ চহৰ দ্বাৰকাত ৰাধাক কোনোৱে চিনিব নোৱাৰিলে। ৰাধাই দ্বাৰকাৰ ৰজা তথা তেওঁৰ প্ৰেমিক কৃষ্ণক অনুৰোধ জনালে যে তেওঁৰ প্ৰাসাদত ৰাধাক এগৰাকী সেৱিকা হিচাপে নিযু্ক্তি দিয়ক। ৰাধাৰ কথা মানিয়েই শ্ৰীকৃষ্ণই ৰাধাক তেওঁৰ বিশেষ সহায়িকা হিচাপে নিযুক্তি দিয়ে। কিন্তু সকলো সময়তে প্ৰেমিকৰ কাষত থাকিবলৈ পাইছিল যদিও ৰাধাই কৃষ্ণৰ পৰা পূৰ্বৰ সেই প্ৰেম লাভ নকৰিলে। পূৰ্বৰ সেই আধ্যাত্মিক প্ৰেমৰ ভাৱ আৰু প্ৰাসাদত নাপালে ৰাধাই। সেয়ে শ্ৰীকৃষ্ণৰ নগৰী দ্বাৰকা এৰি যোৱাৰ সিদ্ধান্ত লয় ৰাধাই। হয়তো দূৰলৈ গুচি গ’লে কিজানি প্ৰেমিক কৃষ্ণক উভতাই পায়েই!

দ্বাৰকাতেই মৃ্ত্যু ঘটিছিল নেকি ৰাধাৰ?

ভৱামতেই ৰাধাই এদিন কাকো নজনোৱাকৈয়ে দ্বাৰকা ত্যাগ কৰে। কিন্তু ক’লৈ যাব ৰাধা সেই বিষয়ে তেওঁ নিজেও জনা নাছিল। ৰাধাই মনে মনে দ্বাৰকা ত্যাগ কৰিলেও ৰাধাৰ মনৰ কথা বুজি উঠিছিল তেওঁৰ প্ৰেমিক কৃষ্ণই। সেয়ে ৰাধা ওলাই যোৱাৰ পিছতেই তেওঁ দিব্যদৃষ্টিৰে সকলো নিৰীক্ষণ কৰি আছিল। ৰাজধানী পাৰ হৈ যেতিয়া ৰাধাই জংঘলৰ দিশে যাত্ৰা কৰিছিল হঠাতেই ৰাধাৰ সন্মুখত শ্ৰীকৃষ্ণৰ আবিৰ্ভাৱ হয়। ৰাধা তেতিয় সম্পূৰ্ণৰূপে ভাঙি পৰিছিল। প্ৰেমিকক সন্মুখত দেখা মাত্ৰকেই উজলি উঠিছিল ৰাধাৰ মুখ। প্ৰেয়সীক কৃষ্ণইয়ো সুধিছিল, আছেনে কিবা দাবী? ৰাধাই তেতিয়া কৈছিল যে শেষবাৰৰ বাবে তেওঁ শ্ৰীকৃষ্ণৰ বাঁহীৰ মাত শুনিব বিচাৰে। প্ৰেয়সী ৰাধাৰ কথা ৰাখিয়েই শ্ৰীকৃষ্ণই সুমধুৰ স্বৰত বজাইছিল বাঁহীটো। সেইযে শ্ৰীকৃষ্ণই বাঁহীটো বজালে তেওঁ আৰু থমকি নৰ’ল।

কিয় আটাইতকৈ প্ৰিয় বাঁহীটোও ভাঙি পেলাইছিল শ্ৰীকৃষ্ণই?

দিন বাগৰি গৈ থাকিল। লাহে লাহে ৰাধাৰ শৰীৰো ভাঙি আহিল। শ্ৰীকৃষ্ণ কিন্তু থমকি নৰ’ল। তেওঁ বাঁহীৰ সুমধুৰ স্বৰ ৰাধাৰ শুনোৱাই থাকিল। এনেকৈয়ে এদিন শ্ৰীকৃষ্ণৰ বাঁহীৰ স্বৰ শুনি শুনিয়েই ৰাধাই দেহ ত্যাগ কৰি আধ্যাত্মিকৰূপ ধাৰণ কৰিলে। শ্ৰীকৃষ্ণৰ প্ৰেমত বিলীন হৈয়েই দেহত্যাগ কৰিলে প্ৰেয়সী ৰাধাই। প্ৰেয়সীৰ মৃত্যু শোক সহিব নোৱাৰি সেইদিনাই শ্ৰীকৃষ্ণই তেওঁ অন্যতম প্ৰিয় বাদ্যযন্ত্ৰ বাঁহীটোকো ভাঙি পেলায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতত কেতিয়া দেখা যাব ঈদৰ জোন? কোন তাৰিখে পালন হ’ব ঈদ-উল-ফিতৰ?
জীৱনশৈলী

ভাৰতত কেতিয়া দেখা যাব ঈদৰ জোন? কোন তাৰিখে পালন হ’ব ঈদ-উল-ফিতৰ?

March 16, 2026
ৰাজপথত নাথাকিব দুচকীয়া বাহন!  ২০২৮ৰ পাছত কিনিব নোৱাৰিব পেট্ৰল বাইক, নতুন নিয়মত বিপাকত পৰিব লাখ লাখ জনতা, ক’ত এই নিয়ম?
জীৱনশৈলী

ৰাজপথত নাথাকিব দুচকীয়া বাহন! ২০২৮ৰ পাছত কিনিব নোৱাৰিব পেট্ৰল বাইক, নতুন নিয়মত বিপাকত পৰিব লাখ লাখ জনতা, ক’ত এই নিয়ম?

March 16, 2026
মঙ্গলবাৰে ধন যোগৰ শুভ সংযোগ, কাইলৈ বজৰংবলীৰ কৃপাত ভাগ্য উজলিব এই ৫ৰাশিৰ
জীৱনশৈলী

মঙ্গলবাৰে ধন যোগৰ শুভ সংযোগ, কাইলৈ বজৰংবলীৰ কৃপাত ভাগ্য উজলিব এই ৫ৰাশিৰ

March 16, 2026
প্ৰেম, টকা, সুখেৰে ভৰিব জীৱন, শুক্ৰৰ গোচৰত স্বৰ্গসুখ অনুভৱ কৰিব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

প্ৰেম, টকা, সুখেৰে ভৰিব জীৱন, শুক্ৰৰ গোচৰত স্বৰ্গসুখ অনুভৱ কৰিব এই ৫ৰাশিৰ জাতকে

March 16, 2026
Next Post
Google Pay ইউজাৰ যদি এইকেইটা এপ আপোনাৰ ফোনৰ পৰা এতিয়াই আনষ্টল কৰক, অন্যথা হেৰুৱাব পাৰে ধন

Google Pay ইউজাৰ যদি এইকেইটা এপ আপোনাৰ ফোনৰ পৰা এতিয়াই আনষ্টল কৰক, অন্যথা হেৰুৱাব পাৰে ধন

সংগী বিচাৰিয়েই ২০০০ কিঃমিঃ যাত্ৰা! চাৰি ৰাজ্যৰ সীমনা অতিক্ৰমী ওড়িশাত উপস্থিত হ’ল মহাৰাষ্ট্ৰৰ এটা বাঘ

সংগী বিচাৰিয়েই ২০০০ কিঃমিঃ যাত্ৰা! চাৰি ৰাজ্যৰ সীমনা অতিক্ৰমী ওড়িশাত উপস্থিত হ’ল মহাৰাষ্ট্ৰৰ এটা বাঘ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.