আজিকালি কম বয়সৰ পৰাই শৰীৰত একাধিক জটিল ৰোগে বাঁহ বান্ধি আহিছে৷ এই ৰোগৰ তালিকাত বিশেষভাৱে আছে কোলেষ্টেৰল, প্ৰেছাৰ, ছুগাৰ, আৰ্থ্ৰাইটিছৰ পৰা আৰম্ভ কৰি একাধিক কঠিন ৰোগ৷ বিশেষজ্ঞসকলে সেয়ে স্বাস্থ্যৰ দিশত নজৰ দিবলৈ সকলোকে আহ্বান জনাই আহিছে৷ তেওঁলোকৰ মত, অলস জীৱনযাত্ৰা এৰি যদি কেৱল আপুনি দৈনিক খোজো কাঢ়ে তেন্তে এই সমস্যাৰ পৰা বহু পৰিমানে মুক্তি পাব৷ নিজৰ ইচ্ছামতে খোজ কাঢ়িলেই আপুনি সমস্যাৰ পৰা মুক্তি পাবই৷ আপুনি কিঃমিঃ জুখি খোজ নাকাঢ়িলেও হয়৷
বিশেষজ্ঞৰ মতে দৈনিক কিমান কিঃমিঃ খোজ কঢ়া উচিত?
এই প্ৰশ্নৰ উত্তৰত বিশেষজ্ঞই কৈছে, ‘এজন মানুহে দিনে অন্তত ৪ৰ পৰা ৫ কিঃমিঃ খোজ কঢ়া উচিত৷ যদি কাৰোবাৰ আঁঠুৰ সমস্যা থাকে বা ভৰি বিষৰ সমস্যা থাকে তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ লৈহে খোজ কাঢ়িব৷ শৰীৰ সুস্থ সৱল কৰি ৰাখিবলৈ খোজ কঢ়াটো অতি জৰুৰী৷ একাধিক ৰোগে অনায়াসে আপোনাৰ শৰীৰ পৰা বিদায় ল’ব৷
কি কি উপকাৰ লাভ কৰিব?
দিনত মাত্ৰ ৪ৰ পৰা ৫ কিঃমিঃ খোজ কাঢ়িলে কি কি উপকাৰ পাব?
১. দ্ৰুতগতিত ওজন কমিব৷
২. হাৰ্ট আৰু হাওঁফাও শক্তিশালী হ’ব৷
৩. ভৰীৰ পেশী মজবুত হ’ব৷
৪. বাত বিষৰ সমস্যা থাকিলে কমিব৷
৫. ছুগাৰ, প্ৰেছাৰ, কলষ্টেৰলৰ সমস্যা কমিব৷
৬. হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ দৰে ৰোগৰ সমস্যা কমিব৷
৭. সামগ্ৰীকভাৱে আপুনি সুস্থ হৈ থাকিব৷
৭. মন ভাৰাক্ৰান্ত হৈ থকা সমস্যাৰ পৰা মুক্তি পাব৷
খোজ কাঢ়োতে কি কি নিয়ম মানি চলিব?
আপুনি যদি খোজকাঢ়ে তেন্তে সমান ৰাস্তাত খোজ কঢ়াটো উপকাৰী৷ আৰু খোজ কাঢ়োতে ঘাম ওলোৱাটো উপকাৰী, সেয়ে ৰৈ ৰৈ খোজকঢ়াতকৈ একে গতিৰে খোজ কাঢ়ক৷ খোজ কাঢ়োতে আপোনাৰ শ্বাস-প্ৰশ্বাস খৰতকীয়া হৈছেনে সেই কথাটো নজৰ দিব৷
যিসকলে নতুনকৈ খোজ কাঢ়িবলৈ আৰম্ভ কৰিছে তেওঁলোকে প্ৰথমে ১ কিঃমিঃ খোজকাঢ়ক৷ এনেকৈ লাহে লাহে এই অভ্যাস বঢ়াই যাওক৷ এই নিয়ম মানি চলিলেই আপোনাৰ শৰীৰে খোজকঢ়াৰ অভ্যাস নিজেই বহন কৰিব পাৰিব৷
পুৱাৰ ভাগত খোজ কঢ়াটো উপকাৰী৷ পুৱা ৮বজাৰ পূৰ্বে মৰ্ণিং ৱাক শেষ কৰিব৷ যিসকলে পুৱা সময় নাপায় তেওঁলোকে বিয়লি খোজকাঢ়ক৷ পুৱা অৱশ্যে খালি পেটত খোজ নাকাঢ়িব৷ খোজ কাঢ়িবলৈ যোৱাৰ পূৰ্বে খাদ্যগ্ৰহণ কৰি যাওক৷
Disclaimer: এই প্ৰতিবেদন সচেতনতাৰ উদ্দেশ্যে লিখা হৈছে৷ কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















