বেংকত সকলোৱে ধন জমা কৰে। কিন্তু বেংকৰ চেভিংছ একাউণ্টত কিমান টকা ৰাখিব পাৰি সেই কথা অতি কম সংখ্যক লোকেহে সঠিকভাৱে জানে। সকলোতে টকা ৰখাৰ সীমা থাকে। যদি আপুনি সেই সীমাতকৈ অধিক ধন ৰাখে, তেন্তে অতিৰিক্ত কৰ বা জৰিমনা ভৰিব লাগে নেকি? বেংক একাউণ্টৰ পৰা জানি লওক-
ভাৰতীয় ৰিজাৰ্ভ বেংকে কয় যে, বেংকৰ চেভিংছ একাউণ্টত সৰ্বাধিক ধন ৰখাৰ কোনো নিৰ্দিষ্ট সীমা নাই। বেংকৰ পলিচিৰ ওপৰত নিৰ্ভৰ কৰি গ্ৰাহকে যিমান বিচাৰে সিমান টকা চেভিংছ একাউণ্টত ৰাখিব পাৰে। কিন্তু বেংকে সদায় কয় যে বৃহৎ পৰিমাণৰ ধন চেভিংছ একাউণ্টত নাৰাখিলে ভাল। বিশেষকৈ সেই ধন যদি কোনো লেনদেন নোহোৱাকৈ বহুদিন একাউণ্টত পৰি আছে। ইয়াৰ ফলত আৰ্থিক জালিয়াতিৰ আশংকা বৃদ্ধি পায়।
অৱশ্যে শেহতীয়াকৈ নিয়মৰ কিছু পৰিৱৰ্তন হৈছে। নিয়ম অনুসৰি যদি কোনো ব্যক্তিয়ে এটা বিত্তীয় বৰ্ষত ১০ লাখ বা তাতকৈ অধিক নগদ সঞ্চয় একাউণ্ট ৰাখে, তেতিয়া বেংকে আয়কৰ বিভাগক অৱগত কৰিব। যদি কোনোবাই ১০ লাখ বা তাতকৈ অধিক ফিক্সড ডিপ’জিট কৰে, তেন্তে বেংকেও আয়কৰ বিভাগক খবৰ দিয়ে। যদি বেংক একাউণ্টত জমা কৰা ধনৰাশি আপোনাৰ আয়ৰ সৈতে মিল নাথাকে, তেন্তে আয়কৰ বিভাগে আপোনাক চমন জাৰি কৰিব পাৰে।
যদি আপোনাৰ চেভিংছ একাউণ্টত উপাৰ্জন কৰা সুত বছৰি ১০ হাজাৰ টকাতকৈ অধিক হয়, তেন্তে ইয়াৰ ওপৰত আয়কৰ(Tax) আৰোপ কৰা হয়। তেনে ক্ষেত্ৰত সেই আয়ৰ ওপৰত ভিত্তি কৰি আয়কৰ দিব লাগিব।
সাধাৰণতে চেভিংছ একাউণ্টত ২.৫ৰ পৰা ৪ শতাংশ সুত পোৱা যায়। ফিক্সড ডিপ’জিট আৰু মিউচুৱেল ফাণ্ডত ৭ৰ পৰা ২০ শতাংশ সুত পোৱা যায়। গতিকে চেভিংছ একাউণ্টত ধন ৰখাৰ পৰিৱৰ্তে ফিক্সড ডিপ’জিট বা মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিব লাগে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















