আমাৰ প্ৰায় সকলোৰেই কোটিপতি হোৱাৰ সপোন থাকে৷ কিন্তু অলপ সময়তে বেছি ধন উপাৰ্জন কৰি কোটিপতি হোৱা সম্ভৱ নহয়৷ সঠিক বিনিয়োগৰ প্লেনেহে এই কোটিপতি হোৱাৰ সপোন বাস্তৱায়ন কৰে৷ কিন্তু আপুনি কেনেকৈ বিনিয়োগ কৰি খুব বেছি সময় নোলোৱাকৈ ৫কোটিৰ মালিক হ’ব পাৰিব?
বহুতেই ষ্টক মাৰ্কেট সম্পৰ্কে নাজানে সেয়ে মিউছুৱেল ফাণ্ডতেই বিনিয়োগ কৰে৷ এই নিয়মতো এজন ব্যক্তি আৰামত কোটিপতি হ’ব পাৰে৷ বিশেষজ্ঞই কয় যে মিউচুৱেল ফাণ্ডত বিনিয়োগ দীৰ্ঘম্যাদী লাভদায়ক৷ মিউছুৱেল ফাণ্ডত মাহেকীয়া বিনিয়োগৰ বাবে এক নিৰ্দিষ্ট হাৰত ধনৰ প্ৰয়োজন৷ এছ আই পিত মাহেকীয়া বিনিয়োগ কৰিব পাৰি৷ SIPত বিনিয়োগৰ বাবে কোনো সৰ্বোচ্ছ সীমা নাই৷ যাৰ যিমান আয় সেই অনুযায়ী প্ৰতিমাহে এক নিৰ্দিষ্ট পৰিমাণৰ টকা SIPত বিনিয়োগ কৰিব পাৰি৷
৫ কোটি টকা জমা কৰিলে কিমান বিনিয়োগ কিমান টকা বিনিয়োগ কৰিব লাগিব? কিমান বছৰ ইয়াৰ বাবে অপেক্ষা কৰিব লাগিব? SIPৰ মাধ্যমেৰে ৫কোটি টকাৰ ফাণ্ড মিউছুৱেল ফাণ্ডৰ এক অনুমোদিত সুদৰ হাৰ বজাৰৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে৷ দীৰ্ঘম্যাদী বাৰ্ষিক ১২ শতাংশ হাৰত সুদ পোৱা যাব৷ আৰু SIPৰ মাধ্যমেৰে ৫ কোটি টকাৰ ফাণ্ড আপুনি গঢ়ি তুলিবলৈ ২০ বছৰ ধৰি মাহেকীয়াভাৱে ৫০,০০০ টকা SIPত জমা কৰিব লাগিব৷
এই সুদৰ হাৰ ২৫ বছৰত ৫কোটি টকাৰ ফাণ্ড গঢ়ি তুলিবলৈ মাহেকীয়াভাৱে ২৬,৫০০টকাৰ SIP গঢ়ি তুলিব লাগিব৷ এই সুদৰ হাৰ ৩০ বছৰ ৫কোটি টকাৰ ফাণ্ড গঢ়ি তুলিবলৈ মাহিলী ১৪,৫০০ টকাৰ SIP কৰিব লাগিব৷ এইধৰণে প্ৰতিমাহে ৫০,০০০, ২৬,৫০০ বা ১৪৫০০ টকা SIP ত বিনিয়োগ কৰি ২০,২৫ আৰু ৩০ বছৰ ১২ শতাংশ সুদৰ হাৰত প্ৰায় ৫কোটি টকাৰ ফাণ্ড গঢ়ি তুলিব পাৰে৷
উল্লেখ্য যে নিফটি ইনডেক্স ফাণ্ডে বিগত ৫ বছৰত ১৮ শতাংশ বাৰ্ষিক ৰিটাৰ্ণ দিছে৷ অন্যহাতে মাল্টি কেপ মিউছুৱেল ফাণ্ডত বিগত ৫ বছৰত ২৫ শতাংশ বেছি ৰিটাৰ্ণ দিছে৷ ইয়াৰোপৰি অন্যান্য ইকুইটি মিউছুৱেল ফাণ্ড স্কিমত ভাল ৰিটাৰ্ণ দিছে৷ এইক্ষেত্ৰত মনত ৰাখিব লাগিব যে বিনিয়োগকাৰীসকলে বিনিয়োগ কৰি যাব লাগিব৷ বহু বিনিয়োগকাৰীয়ে এবছৰ ৰাখিয়েই সেই ধন উঠাইয়ো লয়৷ এইক্ষেত্ৰত মনত ৰাখিব লাগিব যে, বিনিয়োগ আপুনি বন্ধ কৰিব নালাগিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ