• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰতিমাহে মাত্ৰ ১২,৫০০ টকা সঞ্চয় কৰি কেনেকৈ লাভ কৰিব পাৰে ১ কোটি টকাৰ পুঁজি?

প্ৰতিমাহে মাত্ৰ ১২,৫০০ টকা সঞ্চয় কৰি কেনেকৈ লাভ কৰিব পাৰে ১ কোটি টকাৰ পুঁজি?

1 month ago
দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

12 hours ago
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

13 hours ago
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

13 hours ago
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

14 hours ago
দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

15 hours ago
বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

15 hours ago
long distance relationshipত ৰিয়ান পৰাগ!

long distance relationshipত ৰিয়ান পৰাগ!

16 hours ago
LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

17 hours ago
এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

18 hours ago
প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

18 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

19 hours ago
আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰতিমাহে মাত্ৰ ১২,৫০০ টকা সঞ্চয় কৰি কেনেকৈ লাভ কৰিব পাৰে ১ কোটি টকাৰ পুঁজি?

দুটাকৈ পদক্ষেপৰ জৰিয়তে পাব পাৰে ১ কোটি টকাতকৈ অধিক ধন

editor by editor
June 30, 2026
in জীৱনশৈলী, নিয়োগ, বাণিজ্য
0
প্ৰতিমাহে মাত্ৰ ১২,৫০০ টকা সঞ্চয় কৰি কেনেকৈ লাভ কৰিব পাৰে ১ কোটি টকাৰ পুঁজি?
0
SHARES
217
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰতিজন মানুহেই আৰ্থিকভাৱে স্বচ্ছল হৈ থকাটো বিচাৰে। লগতে ভৱিষ্যতে যিকোনো সময়তে ধনৰ প্ৰয়োজন হ’লে অভাৱ নোহোৱাকৈ বা কাৰো ওচৰত হাত নপতাকৈ প্ৰয়োজনীয় ধন লাভ কৰাৰ ইচ্ছা সকলোৰে থাকে। কিন্তু বহুতে শ্বেয়াৰ বজাৰৰ উঠা-নমাৰ বাবে বিনিয়োগ কৰিবলৈ সংকোচ বোধ কৰে। যদি আপুনিও কম বিপদ লৈ দীৰ্ঘম্যাদীভাৱে ধন সঞ্চয় কৰিব বিচাৰে, তেন্তে পাব্লিক প্ৰভিডেণ্ট ফাণ্ড (PPF) আৰু ইকুইটি মিউচুৱেল ফাণ্ডৰ এক সুপৰিকল্পিত সংমিশ্ৰণৰ জৰিয়তে মাত্ৰ ২৪ বছৰৰ ভিতৰত ১ কোটি টকাৰো অধিক পুঁজি জমা কৰাটো সম্ভৱ।

প্ৰথম পদক্ষেপ: PPFত নিয়মীয়া সঞ্চয়

PPF হৈছে ভাৰত চৰকাৰৰ এক নিৰাপদ আৰু বিশ্বাসযোগ্য সঞ্চয় আঁচনি। ইয়াত শ্বেয়াৰ বজাৰৰ অস্থিৰতাৰ কোনো প্ৰভাৱ নাথাকে। বৰ্তমান এই আঁচনিত বছৰি ৭.১ শতাংশ হাৰত সুদ প্ৰদান কৰা হয়। লগতে পুৰণি কৰ ব্যৱস্থা (Old Tax Regime) বাছনি কৰা কৰদাতাই বছৰি সৰ্বাধিক ১.৫ লাখ টকা জমা কৰি আয়কৰ ৰেহাইৰ সুবিধাও লাভ কৰিব পাৰে। ধৰি লওক, কোনোবাই ২৫ বছৰ বয়সতে প্ৰতিমাহে ১২,৫০০ টকাকৈ PPFত জমা কৰিবলৈ আৰম্ভ কৰিলে। অৰ্থাৎ বছৰত মুঠ ১.৫ লাখ টকা বিনিয়োগ কৰা হ’ব। এইদৰে ১৫ বছৰ ধৰি নিয়মীয়াকৈ বিনিয়োগ কৰিলে মুঠ জমা হ’ব ২২,৫০,০০০ টকা। যদি সুদৰ হাৰ ৭.১ শতাংশ ধৰা হয়, তেন্তে ১৫ বছৰৰ অন্তত সুদ হিচাপে লাভ হ’ব প্ৰায় ১৮,১৮,২০৯ টকা। ফলত PPF একাউণ্টৰ মেচিউৰিটিৰ সময়ত মুঠ ৪০,৬৮,২০৯ টকা লাভ কৰিব। PPFৰ আন এটা বিশেষ সুবিধা হৈছে ইয়াৰ EEE (Exempt–Exempt–Exempt) মৰ্যাদা। অৰ্থাৎ জমা কৰা ধন, লাভ হোৱা সুদ আৰু মেচিউৰিটিৰ সময়ত লাভ কৰা সম্পূৰ্ণ ধনৰ ওপৰত কোনো ধৰণৰ কৰ আৰোপ কৰা নহয়।

দ্বিতীয় পদক্ষেপ: মিউচুৱেল ফাণ্ডত একেলগে বিনিয়োগ

PPFৰ মেচিউৰিটিৰ পিছত লাভ কৰা ৪০.৬৮ লাখ টকা খৰচ নকৰি যদি এটা ভাল ইকুইটি মিউচুৱেল ফাণ্ডত একেলগে বিনিয়োগ কৰা হয়, তেন্তে দীৰ্ঘম্যাদত অধিক ধন লাভ কৰাৰ সুযোগ থাকে। যদি বছৰি গড়ে ১২ শতাংশ ৰিটাৰ্ণ ধৰা হয়, তেন্তে এই ধন ৯ বছৰৰ ভিতৰত বৃদ্ধি পাই প্ৰায় ১,১০,৯২,৩১৫ টকা হ’ব পাৰে। অৰ্থাৎ মাত্ৰ ২৪ বছৰৰ ভিতৰত ১ কোটি টকাৰো অধিক পুঁজি লাভ কৰাটো সম্ভৱ।
যিকোনো সম্পদ সৃষ্টি নিয়মীয়া সঞ্চয়, ধৈৰ্য আৰু সঠিক বিনিয়োগ পৰিকল্পনাৰ ফল। কম বিপদৰ PPFত

দীৰ্ঘদিন ধৰি সঞ্চয় কৰি, তাৰ পিছত সেই ধন সুপৰিকল্পিতভাৱে মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিলে, সময়ৰ লগে লগে উল্লেখযোগ্য সম্পদ গঢ়ি তোলাটো সম্ভৱ। অৱশ্যে মিউচুৱেল ফাণ্ড বজাৰ-সংলগ্ন বিনিয়োগ হোৱাৰ বাবে ইয়াৰ ৰিটাৰ্ণ নিশ্চিত নহয়। সেয়েহে বিনিয়োগ কৰাৰ আগতে নিজৰ আৰ্থিক লক্ষ্য, বিপদ গ্ৰহণ কৰাৰ ক্ষমতা আৰু প্ৰয়োজন অনুসৰি বিত্তীয় পৰামৰ্শদাতাৰ মতামত লোৱাটো বাঞ্ছনীয়।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Mutual Fund
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়
জীৱনশৈলী

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

August 13, 2026
দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত
জীৱনশৈলী

দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

August 13, 2026
বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন
জীৱনশৈলী

বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

August 13, 2026
LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!
বাণিজ্য

LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

August 13, 2026
Next Post
জুলাই মাহটো আপোনাৰ কেনে যাব?

জুলাই মাহটো আপোনাৰ কেনে যাব?

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ'ব পাৰে নিষ্পত্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.