ভিটামিন বি-১২ এক অত্যন্ত গুৰুত্বপূৰ্ণ পুষ্টি উপাদান, যিয়ে আমাৰ শৰীৰৰ স্নায়ু, মস্তিষ্ক আৰু তেজৰ বাবে অপৰিহাৰ্য৷ বৰ্তমান ইয়াৰ ঘাটি খুবেই সাধাৰণ সমস্যা হৈ পৰিছে৷ বিশেষকৈ নিৰামিষভোজীসকলৰ মাজত ভিটামিন বি১২ৰ ঘাটি বেছিকৈ দেখা যায়৷ কাৰণ এই ভিটামিন প্ৰধানত আমিষ খাদ্যৰ পৰা পোৱা যায়৷ ইয়াৰোপৰি হজমৰ সমস্যা, বয়স বৃদ্ধিৰ সৈতে শৰীৰৰ পৰিবৰ্তন, এলকহল সেৱন বা দীৰ্ঘ সময় ধৰি এণ্টাছিড ঔষধ খোৱাৰ ফলত ইয়াৰ ঘাটিয়ে দেখা দিব পাৰে৷ বহু সময়ত মানুহে ক্লান্তি, দুৰ্বলতা বা মূৰ ঘূৰোৱাক স্বাভাৱিক ভাৱি লয়৷ কিন্তু এইসমূহেই শৰীৰত ভিটামিন বি-১২ঘাটিৰ সংকেত হব পাৰে৷
ভিটামিন বি-১২ৰ অভাৱ হলে শৰীৰত নিয়মিত ক্লান্তি, হাত ভৰি ঝিনঝিনোৱা ভাৱ, দুৰ্বলতা, শ্বাসকষ্ট, মনোযোগ ঘাটি, জিভাত জ্বলাভাৱ, চুলি সৰা আৰু ছাল শুকাই যোৱাৰ দৰে উপসৰ্গই দেখা দিয়ে৷ কিছু ক্ষেত্ৰত বি-১২ৰ ঘাটি ডিপ্ৰেছন বা মুড ছুইংৰো কাৰণ হব পাৰে৷
যদি সময়মতে এই উপসৰ্গসমূহক গুৰুত্ব দিয়া নহয় তেতিয়া স্নায়বিক সমস্যাও হব পাৰে৷ এই ধৰণৰ লক্ষণে দেখা দিলে দ্ৰুত চিকিৎসকৰ সৈতে যোগাযোগ কৰি পৰীক্ষা কৰা জৰুৰি৷ দীৰ্ঘ সময় ধৰি ভিটামিন বি-১২ ঘাটিয়ে শৰীৰত মাৰাত্মক সমস্যাৰ সৃষ্টি কৰিব পাৰে৷
স্বাস্থ্য বিশেষজ্ঞৰ মতে যদি শৰীৰত ভিটামিন বি-১২ৰ ঘাটি থাকে তেন্তে খাদ্যভাস আৰু ছাপ্লিমেণ্টৰ মাধ্যমেৰে মাত্ৰ ৭ দিনৰ ভিতৰতেই এই অভাৱ দূৰ কৰিব পাৰি৷ প্ৰথমেই চিকিৎসকৰ পৰামৰ্শ লৈ ভিটামিন বি১২ ছাপ্লিমেণ্ট খোৱা উচিত৷ এইসমূহ টেবলেট হিচাপে পোৱা যায়৷ কিছু ক্ষেত্ৰত চিকিৎসকে ইনজেকছনো দিয়ে৷ ইয়াৰসৈতে ভিটামিন বি১২ সমৃদ্ধ খাদ্য খোৱা উচিত৷ যেনে, কণী, গাখীৰ, দৈ, চিজ, পনিৰ আৰু ফৰ্টিফায়েড চিৰিয়েল৷ নিয়মিত এইসমূহ খালে মাত্ৰ এসপ্তাহৰ ভিতৰতেই শৰীৰত ইয়াৰ ইতিবাচক প্ৰভাৱ দেখা দিবলৈ আৰম্ভ কৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















