সকলোৱেই ধনী হ’ব খোজে৷ কিছু ধনী হোৱাটো মুখৰ কথা নহয়৷ ইয়াৰ বাবে আপুনি নিজেই কিছু নিয়ম মানি চলিব৷ দৈনন্দিন জীৱনত গঢ়ি তুলিব লাগিব কিছু সু-অভ্যাস৷ তাৰ ফলত বেংকত জমা থাকিব লাগিব ধনো৷ তেতিয়াহে আপুনি ধনবান ব্যক্তি হৈ উঠিব পাৰিব৷ প্ৰশ্ন হয়, ঠিক কেনেকুৱা নিয়ম মানি চলিলে ধনী হোৱা সম্ভৱ? কি কি অভ্যাস আপুনি গঢ়ি তুলিব লাগিব?
ছেভিংছ মাষ্ট
বহুতেই ছেভিংছৰ কোনো ইচ্ছা নাৰাখে৷ কেৱল খৰচকহে বিশ্বাস কৰে৷ এই ভুল কৰিলে আপুনি ধন জমা কৰিব নোৱাৰিব৷ সেয়ে প্ৰথমে এই ভুল শুধৰাই লওক৷ চেষ্টা কৰক হাতলৈ টকা অহাৰ পাছতেই প্ৰথমে ছেভিংছ কৰি লওক৷ তাৰপিছতহে ধন খৰচ কৰিব৷ এই নিয়ম মানি চলিলেই ধনী হৈ উঠিব আপুনি৷
ধাৰ নল’ব
ধাৰ লোৱাৰ অভ্যাস বেয়া অভ্যাস৷ ই আপোনাক অত্যধিক খৰচ কৰাৰ মানসিকতা গঢ়ি তোলায়৷ আৰু এবাৰ ধাৰৰ ফান্দত পৰিলে তাৰপৰা বাহিৰ ওলোৱাটো খুবেই কঠিন৷ সেয়ে ভুলতো ধাৰ নল’ব৷ যিমান সম্ভৱ নিজেই আয় আনুযায়ী খৰচক সীমাবদ্ধ ৰাখক৷ তেনেকৈ নিজকে পৰিচালিত কৰিলে আপোনাৰ বেংকত থাকিব ধন৷
ইমাৰ্জেন্সি ফাণ্ড গঢ়িবই
বিপদ কাকো সুধি নাহে৷ সেয়ে এটা ইমাৰ্জেন্সি ফাণ্ড ৰাখিবই৷ অন্যথা আপোনাৰ জমা টকা এদিনতেই শেষ হৈ পৰিব৷ তেতিয়া কিন্তু কান্দিও লাভ নহয়৷ সেয়ে চেষ্টা কৰক ইমাৰ্জেন্সি ফাণ্ড অৱশ্যেই তৈয়াৰ কৰিব৷ এইক্ষেত্ৰত অন্তত কমেও ১০ৰ পৰা ১৫ শতাংশ ইমাৰ্জেন্সি ফাণ্ডত বিনিয়োগ কৰিব৷
ইনভেষ্টমেণ্টৰ বিকল্প
ছেভিংছৰ সকলো বেংকত ৰখাৰ প্ৰয়োজন নাই৷ তাৰ সলনি কিছু ধন বিশেষজ্ঞৰ পৰামৰ্শ মানি ষ্টকমাৰ্কেট, মিউচুৱেল ফাণ্ড বা বণ্ডত ইনভেষ্ট কৰক৷ এফ ডি বা ৰেকাৰিং ডিপজিটৰ পৰা বহু বেছি পৰিমাণে টকা পাব৷ আপোনাৰ ধন গ্ৰ কৰিব৷
ফোন বাইক, বাহনত বেছি খৰচ নকৰিব
বহুতেই কিছু ধন হাতলৈ আহিলেই ফোন, বাইক, বাহন কিনে৷ আৰু এই ভুল কৰিয়েই ধন জমা কৰিব নোৱাৰে৷ অদৰকাৰী খৰচ এৰাই চলক৷ এইসমূহ ক্ষেত্ৰত খৰচ কৰা টকা ছেভিংছ কৰক বা মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰক৷
এইকেইটা নিয়ম মানিলেই ধনী হোৱাৰ পথত আগুৱাই যোৱাৰ পৰা কোনোৱে ৰখাব নোৱাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















