• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধনৰ বিনিময়ত পৰীক্ষাৰ ফলাফল, HSLCৰ ভাল ফলাফলৰ বৃহৎ ক’লা বজাৰ

ধনৰ বিনিময়ত পৰীক্ষাৰ ফলাফল, HSLCৰ ভাল ফলাফলৰ বৃহৎ ক’লা বজাৰ

5 years ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

22 minutes ago
ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

1 hour ago
কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

1 hour ago
গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

2 hours ago
স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

3 hours ago
ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

4 hours ago
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

5 hours ago
পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

5 hours ago
পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো

পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো

7 hours ago
জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

7 hours ago
প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

9 hours ago
মঘা নক্ষত্ৰলৈ আহিব কেতু, আগন্তুক ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

মঘা নক্ষত্ৰলৈ আহিব কেতু, আগন্তুক ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ধনৰ বিনিময়ত পৰীক্ষাৰ ফলাফল, HSLCৰ ভাল ফলাফলৰ বৃহৎ ক’লা বজাৰ

editor by editor
July 18, 2021
in অপৰাধ, অসম, উত্তৰ-পূব, গুৱাহাটী, ভাৰত, শিক্ষা
0
ধনৰ বিনিময়ত পৰীক্ষাৰ ফলাফল, HSLCৰ ভাল ফলাফলৰ বৃহৎ ক’লা বজাৰ
0
SHARES
79
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ধনৰ বিনিময়ত চাকৰি নহয়, এইবাৰ ধনৰ বিনিময়ত পৰীক্ষাৰ ফলাফল। HSLCৰ ভাল ফলাফলৰ বৃহৎ ক’লা বজাৰ। আৰক্ষীৰ অভিযানত আটক শিক্ষাগুৰুকে ধৰি শিক্ষা বিভাগৰ বিষয়া-কর্মচাৰী।

শিক্ষা খণ্ডক জোঁকাৰি যোৱা এটা খবৰ। কাহানিও নোহোৱা-নোপোজা এটা ঘটনা। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উন্নত ফলাফল প্ৰদানৰ বাবদ শিক্ষা বিভাগৰ বিষয়া-কর্মচাৰী আনকি শিক্ষাগুৰুও দুষ্কার্যত লিপ্ত হোৱাৰ দৰে ঘটনা সংঘটিত হৈছে। ধনৰ বিনিময়ত প্ৰথম বিভাগ। ধনৰ বিনিময়ত ষ্টাৰ, ডিষ্টিংছন। ধন দিয়ক, যিমান নম্বৰ লাগে লৈ যাওঁক। এইধৰণৰ এখন ক’লা বজাৰ খুলিছে একাংশ শিক্ষাগুৰু আৰু শিক্ষা বিভাগৰ একাংশ বিষয়া-কর্মচাৰীয়ে। দৰাচলতে কোভিড সংক্ৰমণৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত নহ’ল। দীর্ঘদিনীয়া আলোচনা-বিলোচনাৰ অন্তত চৰকাৰে গ্ৰহণ কৰিলে সিদ্ধান্ত। মূল্যায়নৰ এক নির্দিষ্ট ব্যৱস্থা কৰা হ’ল য’ত নৱম শ্ৰেণীৰ নম্বৰৰ ভিত্তিত আহিব ৪০ শতাংশ নম্বৰ, দশম শ্ৰেণীৰ নম্বৰৰ ভিত্তিত আহিব ৪০ শতাংশ নম্বৰ আৰু বাকী ২০ শতাংশ নম্বৰ আহিব শ্ৰেণীকোঠাৰ উপস্থিতি, unit test, extra curricular activities আদিৰ পৰা। ইয়াকে লৈ অসৎ মনোবৃত্তিৰ একাংশ শিক্ষক আৰু শিক্ষা বিভাগৰ বিষয়া-কর্মচাৰীয়ে গঢ়ি তুলিলে নম্বৰৰ এখন ক’লা বজাৰ।

গোপন সূত্ৰৰ পম খেদি তাৎক্ষণিকভাৱে সক্ৰিয় হ’ল আৰক্ষী। কামৰূপ জিলা বিদ্যালয় পৰিদর্শকৰ কার্যালয়ত আৰক্ষীয়ে চলালে জোৰদাৰ অভিযান। কামৰূপ জিলা বিদ্যালয় পৰিদর্শকৰ কার্যালয়ত আৰক্ষীৰ ১০০ জনীয়া দল এটাই কেইবাটাও ভাগত বিভক্ত হৈ চলালে অভিযান। অভিযান চলিল- আমিনগাঁৱৰ বিদ্যালয় পৰিদর্শকৰ কার্যালয়, বাইহাটাৰ দক্ষিণহাটী, কমলপুৰ, গৰৈমাৰী আদি ঠাইত। IS কার্যালয়ত অভিযান চলাই আৰক্ষীয়ে আটক কৰে বিদ্যালয়সমূহৰ পৰিদর্শক মাধৱ ডেকাক। মাধৱ ডেকাৰ ওপৰত অব্যাহত আছে মাৰাথন জেৰা। গ্ৰেপ্তাৰ হ’ল IS কার্যালয়ৰ প্ৰশান্ত দাস নামৰ এজন কর্মচাৰী। প্ৰশান্ত দাসৰ দক্ষিণহাটী গাঁৱৰ বাসগৃহৰ পৰা আৰক্ষীয়ে জব্দ কৰে নগদ ২,১৮,৯৭০ টকা। আনহাতে, প্ৰশান্ত দাসৰ কার্যালয়ৰ পৰা জব্দ হয় ১৭,০৫০ টকা। আটক হয় IS কার্যালয়ৰ চতুর্থ বর্গৰ কর্মচাৰী শিৱেশ্বৰ কলিতা আৰু SEBAৰ সমন্বয়ক ফুলপাহি নাথ।

ইপিনে, দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ এগৰাকী শিক্ষকক আটক কৰাৰ বিপৰীতে আন এগৰাকীক গ্ৰেপ্তাৰ কৰে। গৰৈমাৰী মাজৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আক্কাছ আলী আহমেদক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে  গৰৈমাৰী ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক দোস্ত হবিবুৰ ৰহমানক আটক কৰে। গৰৈমাৰীৰ কস্তুৰবা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী দেৱযানী ডেকাকো সোধা-পোছা কৰে আৰক্ষীয়ে। শিক্ষককেইজনৰ বাসগৃহত অভিযান চলাই আৰক্ষীয়ে বুজন পৰিমাণৰ নগদ ধন আৰু নথি-পত্ৰ জব্দ কৰে। আৰক্ষীৰ হাতত শিক্ষাগুৰুৰ বহু চাঞ্চল্যকৰ ফোনকল ৰেকর্ডিং। ধনৰ বিনিময়ত নম্বৰ দিয়া সম্পর্কত লেনদেনৰ কথা-বতৰা এই ফোনকল ৰেকর্ডিঙত আছে বুলি ইংগিত আৰক্ষী বিষয়াৰ ভাষ্যত। কেৱল কামৰূপতে সীমাবদ্ধ নহয় এই কেলেংকাৰি; আন জিলাতো ভয়ংকৰ কেলেংকাৰি সংঘটিত হোৱাৰ ইংগিত আৰক্ষীৰ। ঘটনা সন্দর্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ বিভিন্ন মহলৰ। প্ৰতিক্ৰিয়া প্ৰকাশ আছু, অসম জাতীয় পৰিষদ আদিৰ।

এই ঘটনা পোহৰলৈ অহাত কেইবাজনো লোক আটক আৰু গ্ৰেপ্তাৰ হোৱাৰ পাছত তদন্ত ঘোষণাৰ উপৰি কঠোৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ।

এটা কথা স্পষ্ট যে এই কেলেংকাৰি কেৱল কামৰূপতে সীমাবদ্ধ সেয়া নহয়, আন আন জিলাতো যে এই ক’লা বেহা ইতিমধ্যেই শিপাইছে সেয়াও নিশ্চিত। এই ইংগিত দিছে স্বয়ং আৰক্ষী বিষয়াই। এতিয়া প্ৰশ্ন হয়- ৩১ জুলাইৰ পূর্বে ঘোষণা কৰিবলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ পূর্বে শিক্ষা খণ্ডৰ এই দুর্নীতিগ্ৰস্ত লোকসকল ধৰা পৰিবনে? ছাত্ৰ-ছাত্ৰীয়ে ন্যায় পাবনে?

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24hslc examhslc scam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ
ভাৰত

কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

March 20, 2026
জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ
জীৱনশৈলী

জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

March 20, 2026
প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?
জীৱনশৈলী

প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

March 20, 2026
হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ
অসম

হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

March 20, 2026
Next Post
বাংলাদেশৰ পৰা ভাৰতলৈ পঢ়িবলৈ অহা নিশিথক বিজেপিয়ে দিলে মন্ত্ৰিত্ব

বাংলাদেশৰ পৰা ভাৰতলৈ পঢ়িবলৈ অহা নিশিথক বিজেপিয়ে দিলে মন্ত্ৰিত্ব

ধনৰ বিনিময়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ নম্বৰ

ধনৰ বিনিময়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ নম্বৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.