‘নৰেন্দ্ৰ মোদী জীক মই বেয়া নাপাও, কেৱল’- ৰাহুল গান্ধীৰ বিশেষ মন্তব্য
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সন্দৰ্ভত ৰাহুল গান্ধীৰ চাঞ্চল্যকৰ মন্তব্য। কংগ্ৰেছৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে আমেৰিকা ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সন্দৰ্ভত এক ডাঙৰ বিবৃতি দিছে। সততে দুয়োকে বিপৰীত মেৰুত দেখাপালেও ৰাহুল গান্ধীৰ মন্তব্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।
কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বেয়া নাপায় বুলি মন্তব্য কৰিছে। আচলতে মোদী প্ৰতি ৰাহুল সহানুভূতিশীল। আমেৰিকাৰ ৱাশ্বিংটন ডি চিৰ জৰ্জটাউন বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা এক সাক্ষাতত ৰাহুল গান্ধীয়ে কয় যে, “আপুনি আচৰিত হ’ব, কিন্তু মই আচলতে মিষ্টাৰ মোদীক বেয়া নাপাও। তেওঁৰ এটা দৃষ্টিভংগী আছে, তেওঁৰ সেই দৃষ্টিভংগীৰ সৈতে মই একমত নহয়, কিন্তু মই তেখেতক বেয়া নাপাও।”
ৰাহুল গান্ধীয়ে কয়- ‘ভাৰত ভাষা, পৰম্পৰা, ধৰ্মৰ সংঘ। ভাৰতীয় মানুহে যেতিয়া নিজৰ ধৰ্মীয় স্থানলৈ যায় তেতিয়া তেওঁলোকে তাত নিজ নিৰ আৰাধ্যৰ সৈতে বিলীন হয়। এয়াই ভাৰতৰ স্বভাৱ। বিজেপি আৰু আৰএছএছৰ ভুল ধাৰণা যে তেওঁলোকে ভাৰতক বিভিন্ন বস্তুৰ সংকলন বুলি ভাবে আপোনালোকে আচৰিত হ’ব কিন্তু মোডী জীক মোৰ ভাল লাগে। আচলতে মই নৰেন্দ্ৰ মোডীক বেয়া নাপাও ৷ কেৱল তেওঁৰ দৃষ্টিভংগীৰ লগত মই একমত নহয় । বহু সময়ত তেওঁৰ প্ৰতি সহানুভূতিশীল মই।
বিজেপিৰ মতাদৰ্শগত অভিভাৱক আৰ এছ এছক লক্ষ্য কৰি টেক্সাছত অনুষ্ঠিত এক সভাত ৰাহুল গান্ধীয়ে কয় যে আৰ এছ এছে ভাৰতক এটা ধাৰণা বুলি বিশ্বাস কৰে, আনহাতে কংগ্ৰেছে ইয়াক বহু ধাৰণা বুলি গণ্য কৰে। সেইটোৱেই দুয়ো দলৰ যুঁজৰ কাৰণ বুলিও কয়।
কৰ্মশক্তিত ভাৰতীয় মহিলাৰ অংশগ্ৰহণ কম হোৱা সন্দৰ্ভত ভাষণ দি কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে মহিলাৰ প্ৰতি বৃহৎ সংখ্যক ভাৰতীয় পুৰুষৰ মনোভাৱ হাস্যকৰ। এই মনোভাৱ বিজেপি আৰু বিৰোধীৰ মতাদৰ্শগত যুঁজৰ অংশও আছিল বুলি তেওঁ কয়। তেওঁ কয় যে বিজেপি/আৰএছএছৰ মতে মহিলাসকলক এটা বিশেষ ভূমিকাত সীমাবদ্ধ কৰি ৰাখিব লাগে, ঘৰতে থাকিব লাগে, খাদ্য ৰান্ধিব লাগে, বেছি কথা নাপাতিব লাগে, আমি বিশ্বাস কৰোঁ যে মহিলাসকলক যি কৰিব বিচাৰে সোয়া কৰিবলৈ দিয়া উচিত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ