যদি পাঞ্জাৱ-বাংগালুৰুৰ মাজৰ খেলত বৰষুণে বাধা দিয়ে, তেন্তে কাৰ পক্ষত কি লাভ
কাইলৈ বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব আই পি এল ২০২৫ৰ কোৱালিফায়াৰ প্ৰথমখন মেচ। এই মেচখন পঞ্জাব আৰু বাংগালুৰুৰ মাজত অনুষ্ঠিত হ’ব। পইণ্ট তালিকাৰ শীৰ্ষ স্থান দখল কৰা পঞ্জাব আৰু আৰ চি বিয়ে প্লে অফৰ বাবে যোগ্যতা অৰ্জন কৰিছে। শীৰ্ষ দুয়োটা দলে কাইলৈ ফাইনেলত প্ৰৱেশৰ বাবে যুঁজ দিব।
২০১৪ চনৰ পিছত ১১ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে প্লে অফত প্ৰৱেশ কৰিছে পঞ্জাব দলে। ইয়াৰ কৃতিত্ব আয়াৰ আৰু মুখ্য প্ৰশিক্ষক ৰিকি পণ্টিঙৰ যুটিয়ে দলটোৰ ৰূপ সলনি কৰি নতুন ৰূপ দিয়া।
আনহাতে আৰ চি বিয়ে নকআউট পৰ্যায়ত একাধিকবাৰ পৰাজয়ৰ সন্মুখীন হৈছে আৰু এইবাৰ তেওঁলোকে খিতাপৰ খৰাং শেষ কৰাৰ আশা কৰিছে।
কাইলৈ অনুষ্ঠিত হব লগা এই খেলখন মুলনপুৰত অনুষ্ঠিত হ’ব যিটো পঞ্জাৱৰ ঘৰুৱা খেলপথাৰ। কিন্তু এই সকলোবোৰ মাজতে উত্থাপন হৈছে বিশেষ প্ৰশ্ন। যদি বৰষুণে বিধি-পথালি দিয়ে তেন্তে কোন দলে লাভ কৰিব সুযোগ। কোনে যাব ফাইনেললৈ!
বৰষুণৰ ফলত এইবাৰ কেইবাখনো মেচত প্ৰভাৱ পৰিছে। সেয়ে কালিয়ো যদি বৰষুণ আহে, তেন্তে ইয়াৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এঘণ্টাৰ অতিৰিক্ত সময় সংযোজন কৰিছে।
কিন্তু পঞ্জাৱ আৰু আৰচিবিৰ মাজত অনুষ্ঠিত হ’বলগীয়া মেচখনৰ বাবে কোনো ৰিজাৰ্ভ ডে’ ৰখা হোৱা নাই । সেয়ে যদি বৰষুণৰ বাবে মেচখন বাতিল হয় তেন্তে ইয়াৰ পৰা লাভৱান হ’ব পাৰে পঞ্জাৱ কিংছ। কাৰণ গ্ৰুপ পৰ্যায়ত পঞ্জাৱ দল প্ৰথম স্থানত আছে।
আনহাতে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জানিব দিয়া অনুসৰি, মুলনপুৰত কাইলৈ মেচৰ দিনটোত বতৰ পৰিষ্কাৰ হোৱাৰ সম্ভাৱনা। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি কাইলৈ বৰষুণৰ সম্ভাৱনা এক শতাংশ, আনহাতে আকাশ ডাৱৰীয়া হোৱাৰ সম্ভাৱনা ৫০ শতাংশ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ