অসম লাইভ২৪ঃ মাজত আৰু মাত্ৰ কেইটামান ঘণ্টা। তাৰপাছতেই স্পষ্ট হৈ পৰিব ৰোহিত শৰ্মা নে পেট কেমিন্সৰ হাতত দেখা যাব বিশ্বকাপ। দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়ামত বিশ্বকাপৰ ফাইনেলত মুখামুখি হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়া। ইয়াৰপূৰ্বে ভাৰতে দুবাৰ বিশ্বকাপ জয় কৰিছে। ইফালে অষ্ট্ৰেলিয়া ৰেকৰ্ড লিষ্টত আছে ৫বাৰ বিশ্বকাপ জয়ৰ হিচাপ। কিন্তু এইবাৰ পৰাক্ৰমী অষ্ট্ৰেলিয়াৰ পৰাক্ৰমৰ ওচৰত প্ৰত্যাহ্বান হৈ থিয় হৈছে ভাৰতীয় দলটো।
অপ্ৰতিৰোধ্য ফৰ্মত আছে ভাৰতীয় দল। নিজ দেশতেই এইবাৰ বিশ্বকাপ। মেচক লৈ অনুৰাগী যেনেকৈ উৎকণ্ঠিত হৈ আছে তেনেকৈয়ে উৎকণ্ঠিত এতিয়া জ্যোতিষমহলো। জ্যোতিষীয়েও গণনা কৰি দিছে ফলাফলৰ পূৰ্বেই বিশেষ ফলাফল। অষ্ট্ৰেলিয়া নে ভাৰত কাৰ হাতত বিশ্বকাপ সেই কথা আগতেই জনাইছে জ্যোতিষীয়ে। ২০২১ চনৰ নৱেম্বৰ মাহৰ পৰা টীম ব্লুৰ কোচ হিচাপে আছে ৰাহুল দ্ৰাবিড়। ১৯৭২ চনৰ ১১ জানুৱাৰীত মধ্যপ্ৰদেশৰ ইন্দোৰত জন্ম ৰাহুল দ্ৰাবিড়ৰ। জ্যোতিষ গণনা অনুসৰী তেওঁৰ ৰাশি কন্যা। বৰ্তমান চন্দ্ৰত কেতুৰ বিংশোত্তৰি দশা চলি আছে। তেওঁৰ এই শুভ যোগ চলি থকাৰ বাবেই উন্নতিৰ পূৰ্ণ সম্ভাৱনা আছে বুলি জনাইছে জ্যোতিষীয়ে।
২২ গজত খেলি থাকোতেও ৰাহুল দ্ৰাবিড় অত্যন্ত ধৈৰ্য্যশীল খেলুৱৈ আছিল। উইকেট লোৱাৰ ক্ষেত্ৰত তেওঁ সদায়ে ৰজা। কোচ হিচাপেও বিগত সময়ছোৱাত তেওঁ নিজৰ প্ৰতিভাৰ লগতে ধৈৰ্য্যৰ পৰিচয় দিছে। তেওঁৰ শিকণক লৈ সকলো ক্ৰিকেটাৰেই সন্তুষ্ট। এইবাৰ তেওঁৰ প্ৰশিক্ষণতেই ভাৰতীয় দলে বিশ্বকাপৰ শেষৰখন খেল খেলিবলৈ প্ৰস্তুত হৈছে। বৰ্তমান ৰাহুল দ্ৰাবিড়ৰ জন্মছক চায়েই ভাৰতীয় দলে ভাল পাৰ্ফৰমেন্স দেখুওৱাব বুলি জনাইছে জ্যোতিষীয়ে।
ভাৰতীয় সময় অনুসৰী ১৭ নৱেম্বৰৰ দুপৰীয়া ১ বাজি ১৮ মিনিটত সূৰ্যই বৃশ্চিক ৰাশিত প্ৰৱেশ কৰিছে। বৃশ্চিক ৰাশিত সূৰ্যৰ প্ৰবেশৰ সময়তে সিংহ ৰাশিও ঊৰ্ধগামী হৈছে। বৃহস্পতিৰ প্ৰভাৱ কাৰ্যকৰী হৈ আছে। কিন্তু কেতুৰ ৰাশিচক্ৰ শুক্ৰই দুৰ্বল ৰাশি কন্যাত থকাৰ বাবে মেচৰ দ্বিতীয়াৰ্ধত ভাৰতীয় খেলুৱৈসকলৰ পাৰ্ফৰমেন্সত পতন ঘটিব পাৰে। মেচত তেওঁলোকৰ বাবে কিছু প্ৰতিকূল পৰিস্থিতি তৈয়াৰ হ’ব পাৰে। ভাৰতৰ ৰাশিফলত সূৰ্য সংক্ৰান্তিত জনতাৰ চতুৰ্থ ঘৰত সূৰ্য, মঙল আৰু বুধৰ সংযোগত শনিৰ দৃষ্টি আছে। ইয়াৰ ফলত খেলখন যথেষ্ট উত্তেজনাপূৰ্ণ হ’ব, লগতে কিছু উত্থান-পতনো ঘটিব পাৰে বুলি জনাইছে জ্যোতিষবীদে।
অষ্ট্ৰেলিয়াৰ কোষ্ঠী বিচাৰ কৰি কি পোৱা গৈছে?
অষ্ট্ৰেলিয়াৰ বৃশ্চিক সংক্ৰান্তিত বৃশ্চিক ৰাশি ঊৰ্ধগামী হৈছে। তাতেই তৃতীয় ঘৰৰ অধিপতি শনিৰ দশম দিশত মঙল, সূৰ্য আৰু বুধ আছে। এই যোগাযোগৰ ফলত টীমৰ লেখত লবলগীয়া খেলুৱৈকেইগৰাকীয়ে অসাধাৰণ পাৰ্ফৰমেন্স দেখুৱাব। ষ্টিভেন স্মিথ, ডেভিড ৱাৰ্নাৰ আৰু পেট কামিন্সৰ দৰে খেলুৱৈসকলে দুৰ্দান্ত পাৰ্ফৰমেন্স দেখুওৱাব। জ্যোতিষ গণনা অনুসৰি ফাইনেল মেচ অত্যন্ত গুৰুত্বপূৰ্ণ হ’ব। ভাৰতক অষ্ট্ৰেলিয়াৰ তিনিজন ডাঙৰ খেলুৱৈ স্মিথ, ৱাৰ্নাৰ আৰু কামিন্সৰ পৰা সাৱধান হ’ব। এই ক্ৰিকেটাৰসকলেই ভাৰতৰ প্ৰত্যাহ্বান। তথাপিও ভাৰতে ভাল ফলাফল আশা কৰিব পাৰে বুলি জনাইছে জ্যোতিষীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















