মানৱেন্দ্ৰ কুমাৰ দাসঃ শ্ৰীলংকালৈ ভাৰতৰ সহায়ৰ হাত। শ্ৰীলংকালৈ ইন্ধন পঠিয়াব ভাৰতে। প্ৰথম পৰ্যায়ত ৩,৭০০ মেট্ৰিক টন ৰন্ধন গেছ। দ্বিতীয় পৰ্যায়ত ৩,৭৪০ মেট্ৰিক টন ৰন্ধন গেছ।
তৃতীয় পৰ্যায়ত ৩,২০০ মেট্ৰিক টন ৰন্ধন গেছ। পুনৰ শান্তি আহিব দ্বীপ ৰাষ্ট্ৰলৈ। জনতাৰ পাকঘৰত নজ্বলিছিল চৌকা। জনতাৰ ৰোষত জ্বলিছিল দ্বীপ ৰাষ্ট্ৰ।
শ্ৰীলংকাৰ বিধ্বস্ত অৰ্থনীতিৰ বাবে ৰাষ্ট্ৰখনত উৎপত্তি হৈছে সামাজিক জটিলতা৷ ৰাষ্ট্ৰযন্ত্ৰৰ বিৰুদ্ধে ক্ষোভিত হৈছে জনতা৷
সাম্প্ৰতিক ঘটনাৱলীয়ে স্পষ্ট কৰিছে শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় সংকটৰ কাৰণ৷ এই সংকটৰ আঁৰত আছিল ইন্ধনৰ অভাৱ আৰু অস্বাভাৱিক মূল্যবৃদ্ধি৷ পে’ট্ৰলজাত সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছিল শ্ৰীলংকাৰ জনসাধাৰণক৷ (photo) একেদৰে ৰন্ধন গেছৰ মূল্যবৃদ্ধি আৰু নাটনিত স্তব্ধ হৈ পৰিছিল জনতাৰ দৈনন্দিন জীৱন৷
অন্য অৰ্থত পাকঘৰত চৌকা জ্বলাই খাদ্য প্ৰস্তুত কৰিবলৈও ইন্ধন পোৱা নাছিল শ্ৰীলংকাৰ লক্ষ্য লক্ষ্য নাগৰিকে৷ স্তব্ধ হৈ পৰিছিল জীৱন আৰু তাৰ পৰিণতিতে ক্ষোভৰ উদ্গীৰণ ঘটিছিল দ্বীপ ৰাষ্ট্ৰখনত৷
খোদ ৰাষ্ট্ৰপতি গটাব্বেয়া ৰাজাপাক্ষ আৰু প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰমাসিংঘে পলায়ন কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছিল৷ ক্ষোভিত জনতাই দখল কৰিছে ৰাষ্ট্ৰপতি ভৱন৷ প্ৰশাসন যন্ত্ৰ অকামিলা হৈ পৰিছে৷
আৰু সেই সময়তে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ দ্বীপখনক মহা সংকটৰ পৰা উদ্ধাৰ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন nda চৰকাৰে৷
যি অভাৱৰ বাবে দ্বীপ ৰাষ্ট্ৰখনত সৃষ্টি হৈছিল অভাৱনীয় গণ বিক্ষোভ সেই অভাৱ পূৰণ কৰিবলৈ পদক্ষেপ লৈছে ভাৰত চৰকাৰে৷ সেই অনুসৰি দ্বীপ ৰাষ্ট্ৰখনলৈ প্ৰেৰণ কৰা হ’ব ৩৩ হাজাৰ মেট্ৰিক টনতকৈয়ো অধিক ৰন্ধন গেছ৷
আৰু তাৰ লগে লগে দ্বীপ ৰাষ্ট্ৰখনে ইন্ধনৰ অভাৱৰ পৰা মুক্তি লাভ কৰিব বুলি আশা কৰা হৈছে৷ খোদ শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি সচিবালয়ৰ পৰা জনতাক উদ্দেশ্যি এই বাৰ্তা প্ৰেৰণ কৰা হৈছে ১১ জুলাইত৷
অৰ্থাৎ ভাৰতৰ প্ৰত্যক্ষ সহযোগ আৰু সমৰ্থনৰ বাবেহে দ্বীপ ৰাষ্ট্ৰখনত শান্তি স্থাপন হোৱাৰ পথ প্ৰশস্ত হৈছে৷ অদূৰ ভৱিষ্যতে এয়া হয়তো ভাৰতবৰ্ষৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত এক বিশেষ বিজয় হিচাপে পৰিগণিত হ’ব৷
তাৰ লগে লগে আৰম্ভ হৈছে অন্তৱৰ্তীকালীন চৰকাৰ গঠন প্ৰক্ৰিয়া৷ ১৩ জুলাইত পদত্যাগ কৰিব শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিয়ে।
শ্ৰীলংকাৰ সেনা প্ৰধান জেনেৰেল সোভেন্দ্ৰ চিলভাই সংবাদ মাধ্যমক জনোৱা অনুসৰি অহা ১৩ জুলাইত ভাৰতবৰ্ষৰ পৰা শ্ৰীলংকাই লাভ কৰিব ৩,৭৪০ মেট্ৰিকটন ৰন্ধন গেছ৷ আৰু সেইটো নিশ্চিত হোৱাৰ পাছতে ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰিব গটাব্বেয়া ৰাজাপাক্ষই৷
প্ৰশস্ত হ’ব পৰৱৰ্তী চৰকাৰ গঠন প্ৰক্ৰিয়া৷ শ্ৰীলংকা সদনৰ অধ্যক্ষগৰাকীয়ে দাবী কৰা অনুসৰি ১৩ অথবা ১৪ জুলাইত গঠন হ’ব অন্তৱৰ্তীকালীন চৰকাৰ৷ আৰু তাৰ লগে লগে দেশখনলৈ স্বাভাৱিক অৱস্থা ঘূৰি আহিব বুলি ধাৰণা কৰা হৈছে৷
দেশখনক বিত্তীয় সংকটৰ পৰা উদ্ধাৰ কৰিবলৈ ভাৰত চৰকাৰে নিউ ক্ৰেডিট লাইন পলিচীও ইতিমধ্যে ঘোষণা কৰিছে৷ এই সিদ্ধান্ত দক্ষিণ পূব এছিয়াত শান্তি আৰু আন্তঃৰাষ্ট্ৰীয় বন্ধুত্বৰ ক্ষেত্ৰত এক ঐতিহাসিক পদক্ষেপ হিচাপে চিহ্নিত হ’ব বুলি আশা কৰিব পাৰি৷
অৱশ্যে শ্ৰীলংকাৰ ঘটনাই এইটো স্পষ্ট কৰিলে যে জনতাৰ পাকঘৰত জুই নজ্বলিলে দাওদাওকৈ জ্বলি উঠে ৰাষ্ট্ৰৰ বৰঘৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ