তৃতীয় টেষ্টৰ বিৰুদ্ধে অষ্ট্ৰেলিয়া দলত হাহাকাৰ, দলৰ পৰ বাহিৰ হোৱাৰ সম্ভাৱনা এগৰাকী খেলুৱৈ
বোৰ্ডাৰ গাভাস্কাৰ ট্ৰফীত ভাৰত আৰু অষ্ট্ৰেলিয়া দুয়ো দলে বৰ্তমানে ১-১ৰ সমতাত আছে। প্ৰথমখন খেলত টিম ইণ্ডিয়াই আৰু দ্বিতীয়খন খেলত অষ্ট্ৰেলিয়াই জয়লাভ কৰে। দ্বিতীয়খন টেষ্ট গোলাপী বলত খেলা হৈছিস, য’ত অষ্ট্ৰেলিয়াই ১০ উইকেটত জয়লাভ কৰে। এতিয়া তৃতীয়খন টেষ্ট মেচত গাবাত অনুষ্ঠিত হব।
এই তৃতীয় টেষ্টৰ পূৰ্বে অষ্ট্ৰেলিয়াদলত হাহাকাৰ, পৰিবৰ্তন হব পাৰে এঘাৰ খেলুৱৈৰ। তাকো এগৰাকী দ্বিগ্বজ খেুৱলৈ দলৰ পৰা বাহিৰ হোৱাৰ সম্ভাৱনা। আচলতে অষ্ট্ৰেলিয়াৰ মহান বেটছমেন ষ্টিভ স্মিথ বৰ্তমানে বেয়া ফৰ্মৰ সৈতে যুঁজি আছে। স্মিথৰ দুৰ্বল ফৰ্মে অষ্ট্ৰেলিয়াৰ দলটোৰ উত্তেজনা বৃদ্ধি কৰিছে। যাৰ বাবে স্মিথক গাবা টেষ্টৰ পৰা আঁতৰাই ৰখাৰ সম্ভাৱনা আছে।
এইবাৰ টেষ্ট ক্ৰিকেটত ষ্টিভৰ বেটৰ পৰা কোনো ধৰণৰ ইনিংছ দেখা পোৱা নাই। এইবাৰ স্মিথে ১৩টা ইনিংছত গড়ে ২৩.২০ ৰাণেৰে মাত্ৰ ২৩২ ৰানহে সংগ্ৰহ কৰে। য’ত মাত্ৰ এটা অৰ্ধশতকহে অন্তৰ্ভুক্ত, আনহাতে স্মিথে এই বছৰ কোনো শতক অৰ্জন কৰা নাই।
পাৰ্থ টেষ্টৰ প্ৰথম ইনিংছত স্মিথে আউট হোৱাৰ বিপৰীতে দ্বিতীয় ইনিংছত তেওঁৰ বেটেৰে মাত্ৰ ১৭ ৰানহে লাভ কৰে। ইয়াৰ বাহিৰেও এডিলেইড টেষ্টৰ প্ৰথম ইনিংছত স্মিথে মাত্ৰ ২ ৰানহে সংগ্ৰহ কৰাৰ বিপৰীতে দ্বিতীয় ইনিংছত বেটিং কৰাৰ সুযোগ নাপালে। মুঠতে এই শৃংখলাত এতিয়ালৈকে স্মিথে সৰ্বমুঠ মাত্ৰ ১৯ ৰানহে কৰিছে। যাৰ বাবে এতিয়া স্মিথ গাবা টেষ্টৰ পৰা বাহিৰ হোৱাৰ বিপদত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ