অসম লাইভ২৪ঃ বৰ্ষাপাৰালৈ আহি আছে টীম ইণ্ডিয়াৰ খেলুৱৈ। এই ভাল খবৰ শ্বেয়াৰ কৰিছে অসম ক্ৰিকেট এছচিয়েছনে। গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত হ’ব ভাৰত অষ্ট্ৰেলিয়াৰ এখন হাইভল্টেজ মেচ। আগন্তুক ২৮ নৱেম্বৰত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব খেল। Barsapara Cricket Stadiumত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত হ’ব খেল। আয়োজকে ইতিমধ্যেই টিকটৰ দামৰ লিষ্টো প্ৰকাশ কৰিছে।
টিকেটৰ দাম কিমান?
এই মেচ চাবৰ বাবে টিকট কেনেকৈ ক্ৰয় কৰিব সেই সন্দৰ্ভত বিশেষ জাননী দিছে Assam Cricket Association (ACA)য়ে। টিকেটৰ দাম কিমান হ’ব সেই কথাও জনাইছে ACAই। ACAয়ে প্ৰকাশ কৰা অনুসৰি টিকটৰ দাম ৭৫০ ৰ পৰা ৪হাজাৰ টকা পৰ্যন্ত। অৱশ্যে ছাত্ৰসকলৰ বাবে থাকিব কিছু ৰেহাই। এজন ছাত্ৰই টিকেট ক্ৰয় কৰিবৰ বাবে খৰচ কৰিব লাগিব ৫০০ টকা।
কেতিয়াৰে পৰা টিকেট উপলব্ধ হ’ব?
বৃহস্পতিবাৰৰ পৰাই মেচৰ টিকেট বিক্ৰী আৰম্ভ হৈছে বুলি জনাইছে ACAই। পুৱা ৯ বজাৰ পৰা ভাৰত-অষ্ট্ৰেলিয়া মেচৰ টিকেট বিক্ৰী আৰম্ভ কৰিছে ACAয়ে। টিকট কাটিবৰ বাবে দৰ্শকে Book My Show ত গৈ টিকেট ক্ৰয় কৰিব পাৰে। ইয়াৰোপৰি ষ্টেডিয়ামৰ নিজা কাউণ্টাৰৰ পৰাও টিকেট ক্ৰয় কৰিব পাৰে।
উল্লেখ্য যে চলিত বিশ্বকাপ ক্ৰিকেটত ভাৰতে বিশেষ সফলতা লাভ কৰিছে। বিগত সপ্তাহত ইডেন গাৰ্ডেন্সত দক্ষিণ আফ্ৰিকাক হৰুৱাইছিল ভাৰতে। সেই মেচত ২৪৩ ৰানত দক্ষিণ আফ্ৰিকাক হৰুৱাইছিল ভাৰতে। সেই মেচতেই ৫ উইকেট লৈছিল ৰবীন্দ্ৰ জাদেজাই। সেইদিনাই চেঞ্চুৰীও কোবাইছিল বিৰাট কোহলীয়ে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে সেই মেচত ভাৰতে ৩২৭ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ