ভাৰত-ইংলেণ্ডৰ আজি চতুৰ্থখন টেষ্ট, অংশোল কম্বোজৰ টেষ্ট ডেব্যু, কোন হয় অংশোল!
আজি ২৩ জুলাই বুধবাৰৰ পৰা মানচেষ্টাৰত আৰম্ভ হৈছে ভাৰত আৰু ইংলেণ্ডৰ মাজত চতুৰ্থখন টেষ্টমেচ। ইংলেণ্ডে টছত জয়লাভ কৰি ভাৰতক প্ৰথমে বেটিং কৰাৰ বাবে আহ্বান জনায়।
পাছে এই টেষ্ট মেছ এগৰাকী ভাৰতীয় খেলুৱৈৰ বাবে এতিকে বিশেষ। কাৰণ ভাৰতৰ হৈ অংশোল কম্বোজৰ এয়া ডেব্যু মেচ। আঘাতৰ বাবে আকাশদীপ এই টেষ্ট মেচৰ অংশ নহয়, আনহাতে নীতিশ ৰেড্ডী আঘাতৰ বাবে সমগ্ৰ ছিৰিজৰ পৰাই আঁতৰি গৈছে। আহত হৈছে আৰ্শদ্বীপো।
এনে পৰিস্থিতিত টিম ইণ্ডিয়াৰ প্লেয়িং একাদশৰ বহু পৰিৱৰ্তন হৈছে।দলত স্থান পাইছে তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জাতীয় দলৰ হৈ অভিষেক ঘটিছে অংশুলৰ। লগতে দলত স্থান পাইছে শ্বাৰ্দুল ঠাকুৰ আৰু সাই সুদৰ্শনে।
পাছে কোন হয় অংশোল কাম্বোজ- অংশোল ভাৰতীয় ক্ৰিকেটাৰ যিয়ে ঘৰুৱা ক্ৰিকেটত হাৰিয়ানাৰ হৈ খেলিছে আৰু ইয়াৰ পূৰ্বে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত মুম্বাই ইণ্ডিয়ানছৰ হৈ আৰু বৰ্তমান চেন্নাই ছুপাৰ কিংছৰ হৈ খেলিছিল। অংশোল মধ্যমীয়া পেচাৰ। ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত ত্ৰিপুৰাৰ বিৰুদ্ধে ৰঞ্জি ট্ৰফীত হাৰিয়ানাৰ হৈ অভিষেক ঘটিছিল।
ইংলেণ্ডৰ প্লেয়িং একাদশ : জেক ক্ৰ’লি, বেন ডাকেট, অলি পোপ, জো ৰুট, হেৰী ব্ৰুক, বেন ষ্ট’কছ (অধিনায়ক), জেমী স্মিথ (উইকেটকীপাৰ), লিয়াম ড’ছন, ক্ৰীছ ৱ’কেছ, ব্ৰাইডন কাৰ্ছ, জোফ্ৰা আৰ্চাৰ
ভাৰতৰ প্লেয়িং একাদশ : যশস্বী জয়ছোৱাল, কে এল ৰাহুল, সাই সুদৰ্শন, শুভমান গিল (অধিনায়ক), ঋষভ পন্ত (উইকেটকীপাৰ), ৰবীন্দ্ৰ জাদেজা, ৱাশ্বিংটন সুন্দৰ, শ্বাৰ্দুল ঠাকুৰ, যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ, অংশোল কাম্বোজ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















