• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য

ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য

3 weeks ago
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

12 minutes ago
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

57 minutes ago
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

1 hour ago
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

2 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

3 hours ago
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

3 hours ago
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

3 hours ago
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

4 hours ago
‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

5 hours ago
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

5 hours ago
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

6 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

প্ৰস্ৰাৱ জ্বলা-পোৰা বা দুৰ্গন্ধ… UTI সমস্যা হোৱাৰ পূৰ্বে কি খাব, কি নাখাব?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য

আৰু কোন কোন দেশ আছিল লাডেনৰ টাৰ্গেটত?

editor by editor
September 14, 2026
in বিশ্ব, ভাৰত, লেখা
0
ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য
0
SHARES
154
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আল-কায়দাৰ মুৰব্বী ওছামা বিন লাডেনে ২০০১ চনত আমেৰিকাত চলোৱা ৯/১১ৰ স*ন্ত্ৰাসবাদী আক্ৰমণৰ বহু আগতেই ভাৰতকো সম্ভাব্য লক্ষ্য হিচাপে বিবেচনা কৰিছিল। শেহতীয়াকৈ আমেৰিকাৰ কেন্দ্ৰীয় চোৰাংচোৱা সংস্থা CIA-এ প্ৰকাশ কৰা কেতবোৰ গোপন নথিৰ পৰা এই তথ্য পোহৰলৈ আহিছে। ১৯৯৮ চনৰ ২৮ আগষ্টত প্ৰস্তুত কৰা এখন CIA প্ৰতিবেদনত বিন লাডেনৰ ভাৰতকে ধৰি কেইবাখনো দেশত আক্ৰমণ চলোৱাৰ পৰিকল্পনাৰ কথা উল্লেখ কৰা হৈছে। অৱশ্যে নথিখনত ভাৰতৰ কোনখন চহৰ, কোনটো স্থান বা কেতিয়া আক্ৰমণ চলোৱাৰ পৰিকল্পনা আছিল, সেই বিষয়ে কোনো নিৰ্দিষ্ট তথ্য নাই।

CIAৰ নথি অনুসৰি, বিন লাডেনৰ নেটৱৰ্কে ভাৰতসহ কেইবাখনো দেশত আক্ৰমণ চলোৱাৰ পৰিকল্পনা কৰিছিল। সম্ভাব্য লক্ষ্যৰ তালিকাত ভাৰত, পাকিস্তান, ইজিপ্ত, কুৱেইট, ছৌদি আৰব, য়েমেন আৰু উগাণ্ডাৰ নাম উল্লেখ আছে। নাইজেৰিয়াৰ নামো সম্ভাব্য লক্ষ্য হিচাপে নথিখনত উল্লেখ কৰা হৈছে। কিন্তু ভাৰতক লৈ পৰিকল্পনাৰ অধিকাংশ তথ্য নথিখনত প্ৰকাশ কৰা হোৱা নাই। কোনো নিৰ্দিষ্ট চহৰ, চৰকাৰী কাৰ্যালয়, গুৰুত্বপূৰ্ণ অট্টালিকা বা আক্ৰমণৰ তাৰিখৰ কথাও উল্লেখ নাই। এই চৰ্চিত প্ৰতিবেদনখনৰ শিৰোনাম আছিল ‘Bin Laden’s Terrorist Network Still a Threat’ অৰ্থাৎ ‘বিন লাডেনৰ সন্ত্ৰা*সবাদী নেটৱৰ্ক এতিয়াও এক ভাবুকি’।

CIAৰ প্ৰকাশ কৰা নথিৰ কিছু অংশ এতিয়াও গোপন ৰখা হৈছে। তদুপৰি, এই তথ্যসমূহ কোনটো নিৰ্দিষ্ট চোৰাংচোৱা উৎসৰ পৰা লাভ কৰা হৈছিল, সেই বিষয়েও সম্পূৰ্ণ তথ্য প্ৰকাশ কৰা হোৱা নাই। নথিখনত উল্লেখ কৰা অনুসৰি, সেই সময়ত বিন লাডেনে বিশ্বৰ কমেও ৬০খন দেশত থকা সহযোগী আৰু অন্যান্য স*ন্ত্ৰাসবাদী সংগঠনৰ সহায়ত আক্ৰমণ সংঘটিত কৰাৰ ক্ষমতা ৰাখিছিল। আফগানিস্তানত আমেৰিকাৰ সামৰিক আক্ৰমণ চলি থকাৰ পিছতো বিন লাডেন আৰু তেওঁৰ সহযোগীসকলৰ মাজত যোগাযোগ অব্যাহত আছিল বুলি CIAৰ প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে। আল-কায়দাই নিজৰ কিছুমান প্ৰশিক্ষণ শিবিৰ পুনৰ সক্ৰিয় কৰিছিল। আন কিছুমান শিবিৰ আকৌ নিৰাপদ স্থানলৈ স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়া চলি আছিল।

CIAৰ প্ৰকাশিত নথিসমূহে দেখুৱাইছে যে ১৯৯৮ চনৰ পৰা ২০০১ চনলৈ আমেৰিকাৰ চোৰাংচোৱা সংস্থাসমূহে তেতিয়াৰ আমেৰিকান ৰাষ্ট্ৰপতিসকলক বিন লাডেন আৰু আল-কায়দাৰ পৰা আহিব পৰা সম্ভাব্য ভাবুকিৰ বিষয়ে একাধিকবাৰ সতৰ্ক কৰিছিল। এই নথিসমূহত তেতিয়াৰ ৰাষ্ট্ৰপতি বিল ক্লিণ্টনৰ কাৰ্যকালৰ পৰা আৰম্ভ কৰি জৰ্জ ডব্লিউ বুশ্বৰ ৰাষ্ট্ৰপতিত্বৰ আৰম্ভণিৰ সময়ছোৱাৰ তথ্যও আছে। অৰ্থাৎ, ২০০১ চনৰ ১১ ছেপ্টেম্বৰৰ আক্ৰমণৰ পূৰ্বেই আমেৰিকাৰ চোৰাংচোৱা সংস্থাই বিন লাডেন আৰু আল-কায়দাৰ পৰা আহিব পৰা ডাঙৰ আক্ৰমণৰ আশংকা সম্পৰ্কে তথ্য লাভ কৰিছিল।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24osama bin laden
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ
বিনোদন

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

October 6, 2026
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ
ৰাজনীতি

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

October 6, 2026
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি
ৰাজনীতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

October 6, 2026
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব
জীৱনশৈলী

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

October 6, 2026
Next Post
৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস

এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.