মা বঙালী-পিতা জাৰ্মান, পাছে অধিক ধুনীয়া হোৱাৰ বাবেই নাপালে কাম, চিনি পাইছেনে অভিনেত্ৰীগৰাকী
ভাৰতীয় চিনেমাৰ এগৰাকী এনে সুন্দৰী অভিনেত্ৰী যাৰ সৌন্দৰ্যই হৈ পৰিল কামত হেঙাৰ। অধিক ধুনীয়া হোৱাৰ বাবেই মনে বিচৰা ভাল ভাল কাম নাপালে অভিনেত্ৰীগৰাকীয়ে।
ডাইৰেক্টৰে ‘তুমি লগাতকৈ বেছি ধুনীয়া, এনে চৰিত্ৰৰ বাবে নহয় তুমি’ বুলি মুখৰ সমুখতে মানা কৰি দিছিল বুলিও এক সাক্ষাতত সদৰি কৰিছিল অভিনেত্ৰীগৰাকীয়ে।
সেই অভিনেত্ৰীগৰাকীৰেই মাক বঙালী আৰু পিতা আছিল এগৰাকী জাৰ্মানীৰ লোক। কিন্তু অভিনেত্ৰীগৰাকীয়ে কোনো এগৰাকীৰে উপাধী নিজৰ নামৰ সৈতে গ্ৰহন নকৰে।
সেই অভিনেত্ৰীগৰাকীয়ে মিছ ইণ্ডিয়াত তৃতীয় হোৱাৰ লগতে মিছ এছিয়া পেছিফিকত বিজয়ীৰ খিতাপ দখল কৰিছিল। চিনিব পাৰিছেনে কাৰ কথা কোৱা হৈছে।

সেই অভিনেত্ৰীগৰাকী হৈছে দীয়া মিৰ্জা। যি দীয়াই নিজৰ সৌন্দৰ্যৰ বাবে কেৱল সুন্দৰী অভিনেত্ৰীহে হ’বলৈ পালে, বিশেষকৈ কেৰেক্টাৰ ৰ’ল নাপালে, যাৰ বাবে বহু ডাইৰেক্টৰৰ কাষ চাপিছিল দীয়া।
সেই দীয়া মিৰ্জাই নিজৰ উপাধীটো পিতৃ ফ্ৰেংক হেণ্ডৰিচ্ছৰ নামেৰে লোৱা নাছিল। মাতৃৰো উপাধী নহয় মীৰ্জা। দীয়াৰ ৪ বছৰ বয়সত বিবাহ বিচ্ছেদ হয় পিতৃ-মাতৃৰ। পাছত মাতৃ দীপাই হায়দৰাবাদৰ এগৰাকী মুছলমান লোকৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়।
সেই সূত্ৰেই দীয়াই পাছত সতীয়া পিতৃ আহমেদ মীৰ্জাৰ উপাধী গ্ৰহণ কৰে। আহমেদ মীৰ্জাইয়ো দীয়াক কোনোদিনে পিতৃৰ অভাৱ হবলৈ দিয়া নাছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















