আপ চৰকাৰ ভাঙি ৰাষ্ট্ৰপতি শাসন আহিব দিল্লীত, কেন্দ্ৰই ৰচিছে গভীৰ ষড়যন্ত্ৰ- আতিশী
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল জেললৈ যোৱাৰ পিছত আম আদমী পাৰ্টিয়ে কেন্দ্ৰীয় চৰকাৰক অহৰহ আক্ৰমণ চলাই আছে। দিল্লী চৰকাৰ উফৰাই ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়াৰ ষড়যন্ত্ৰ ৰচনা কৰা বুলি অভিযোগ উত্থাপন কৰিছে আপৰ মন্ত্ৰী আতিশীয়ে।
আপ নেত্ৰী আতিশীয়ে কয় যে, ‘দিল্লী চৰকাৰৰ বিষয়াসকলে বৈঠকত অংশগ্ৰহণ কৰা বন্ধ কৰি দিছে। এই সকলোবোৰ কথাই দেখুৱাইছে যে দিল্লীত অৰবিন্দ কেজৰিৱালৰ চৰকাৰ উফৰাই ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়াৰ ষড়যন্ত্ৰ চলি আছে।
লগতে বিজেপিক সকীয়নি দি আতিশীয়ে কয় যে,- দিল্লীত ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়াটো অবৈধ, অসাংবিধানিক আৰু ই দিল্লীৰ জনসাধাৰণৰ আদেশৰ বিৰুদ্ধে। দিল্লীৰ ৰাইজে অৰবিন্দ কেজৰিৱাল আৰু আম আদমী পাৰ্টিক স্পষ্ট জনাদেশ দিছে।
আতিশীয়ে কয়, ‘বিজেপিয়ে জানে যে তেওঁলোকে যিমানেই চেষ্টা নকৰক কিয় দিল্লীত অৰবিন্দ কেজৰিৱালক পৰাস্ত কৰিব নোৱাৰে। দিল্লীৰ ৰাইজে অৰবিন্দ কেজৰিৱালক ভাল পায়, দিল্লীৰ ৰাইজে আপ ভাল পায় আৰু দিল্লীৰ ৰাইজে বিজেপিৰ সকলো সম্ভৱপৰ প্ৰচেষ্টা সত্ত্বেও আপক ভোট দিয়ে।
বিজেপিয়ে দিল্লীৰ নিৰ্বাচনত কোনোকাৰণতে জয়ী হ’ব নোৱাৰে বুলি জানে, সেয়েহে দিল্লীৰ অৰবিন্দ কেজৰিৱালৰ নিৰ্বাচিত চৰকাৰখন হৰুৱাব নোৱাৰে বাবে উফৰাই পেলোৱাৰ ষড়যন্ত্ৰ কৰিছে বুলিও মন্তব্য কৰে আতীশিয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ