কন্যৰ জন্মৰ কেইঘণ্টাৰ ভিতৰতেই ভাৰতীয় জোৱানৰ মৃত্যু৷ মৰ্মান্তিক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে ভাৰতীয় সেনা জোৱান প্ৰমোদ পৰশুৰাম যাদৱে৷ সন্তান প্ৰসৱৰ সময়ত পত্নীৰ কাষতেই আছিল প্ৰমোদ৷ পত্নীয়ে সন্তান প্ৰসৱ কৰাৰ পাছতেই কন্যাক এবাৰ চাই আকৌ কৰ্মক্ষেত্ৰলৈ উভতিছিল সেনা জোৱান প্ৰমোদ৷ উভতি যোৱাৰ পথতেই দুৰ্ঘটনাত থিতাতে নিহত হয় সেনা জোৱানজনৰ৷
নিহত সেনা জোৱান মহাৰাষ্ট্ৰৰ চিতাৰা জিলাৰ বাসিন্দা আছিল৷ পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে নিহত সেনা জোৱানৰ শেষকৃত্য সম্পন্ন কৰা হৈছে৷ জনা গৈছে যে মটৰ চাইকেলেৰে গৈ থকাৰ সময়তে এখ পণ্যবাহী বাহনে ধাক্কা মাৰে জোৱানজনৰ বাইকত৷ লগে লগেই মৃত্যু হয় সেনা জোৱানজনৰ৷ নিহত প্ৰমোদ চেকেন্দ্ৰাবাদ শ্ৰীনগৰ চেক্টৰত কৰ্মৰত আছিল৷ কেইবাদিন পূৰ্বে তেওঁৰ মাতৃৰো মৃত্যু ঘটিছে৷ মাতৃৰ মৃত্যুৰ পাছতেই সন্তান সম্ভৱা পত্নীৰ কাষত সময় কটাবলৈ বিগত ৮দিন পূৰ্বে তেওঁ ঘৰলৈ আহিছিল৷ তাৰপিছতেই কালিৰ দিনটোত পত্নীয়ে এটি কন্যা সন্তান জন্ম দিছে৷ পত্নী কন্যা সুস্থ বুলি চিকিৎসকে জনোৱাৰ পাছতেই কৰ্মক্ষেত্ৰলৈ উভতিছিল জোৱানজন তেতিয়াই এই মৰ্মান্তিক দুৰ্ঘটনা ঘটা বুলি বহু ৰিপৰ্টে প্ৰকাশ কৰিছে৷
সদ্যোজাত কন্যাক লৈ স্বামীক শেষবাৰৰ বাবে চাবলৈ অহা পত্নীক দেখি সকলোৰে চকু সেমেকি উঠিছে৷ শেষকৃত অনুষ্ঠানত সেনাৰ লগতে পৰিয়ালৰ বহু সদস্য আৰু বন্ধুও উপস্থিত থাকে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ